Category Archives: [1]-অসমীয়াৰ-লেখাবোৰ

অকাট্য ভাষ্য-ফিকাহৰ অন্ধ অনুসাৰীসকল

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

অকাট্য ভাষ্য-

||নাহমাদুহু ওৱা নুচল্লি আলা ৰাছূলিহিল কাৰীম||

আল্লাহৰ সৰ্বশেষ কিতাব আল কুৰআন আৰু সৰ্বশেষ ও সৰ্বশ্ৰেষ্ঠ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ নিঃচৰ্তভাৱে মানি লোৱা প্ৰত্যেকজন মুছলিমৰ ওপৰত ফৰজ। কুৰআন আৰু হাদীছৰ বিভিন্ন ঠাইত ইয়াৰ যথেষ্ট প্ৰমাণ বিদ্যমান আছে। আল্লাহে কৈছে-

* أَطِيعُواْ ٱللَّهَ وَأَطِيعُواْ ٱلرَّسُولَ

#আল্লাহৰ_হুকুম_মানা_আৰু_ৰাছূলৰ_হুকুম_মানা। (ছূৰা আন-নিছা: ৫৯)

* وَإِنْ تُطِيعُوهُ تَهْتَدُوا

#আৰু যদি তোমালোকে তেওঁৰ (ৰাছূলৰ) অনুসৰণ কৰা¸ তেন্তে সঠিক পথ প্ৰাপ্ত হ’বা। (ছূৰা আন-নুৰ: ৫৪)

* وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْكَافِرُونَ

#আৰু আল্লাহে দিয়া বিধান অনুসৰি যিসকলে ফায়ছালা নকৰে, তেওঁলোকেই কাফিৰ। (ছূৰা আল-মায়িদা: ৪৪)

* وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الظَّالِمُونَ

#আৰু আল্লাহে দিয়া বিধান অনুসৰি যিসকলে ফয়ছালা নকৰে, তেওঁলোকেই জালিম। (ছূৰা আল-মায়িদা: ৪৫)

* وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْفَاسِقُون

#আৰু আল্লাহে দিয়া বিধান অনুসৰি যিসকলে ফয়ছালা নকৰে, তেওঁলোকেই ফাছিক। (ছূৰা আল-মায়িদা: ৪৭)

* اتَّبِعُوا مَا أُنْزِلَ إِلَيْكُمْ مِنْ رَبِّكُمْ وَلَا تَتَّبِعُوا مِنْ دُونِهِ أَوْلِيَاء

#তোমালোকৰ প্ৰতিপালকৰ ওচৰৰ পৰা তোমালোকৰ প্রতি যি নাজিল হৈছে তাৰেই অনুসৰণ কৰা আৰু তাক বাদ দি অন্য অলি/আউলিয়াৰ অনুসৰণ নকৰিবা। (ছূৰা আ’ৰাফ: ৩)

* فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا فِي أَنْفُسِهِمْ حَرَجًا مِمَّا قَضَيْتَ وَيُسَلِّمُوا تَسْلِيمًا

#গতিকে তোমাৰ প্ৰতিপালকৰ কচম! তেওঁলোক মুমিন হ’ব নোৱাৰিবা যেতিয়ালৈকে তেওঁলোকৰ মাজত সৃষ্ট বিবাদৰ ক্ষেত্ৰত তোমাক বিচাৰক নির্ধাৰণ নকৰে, ইয়াৰ পিছত তোমাৰ সিদ্ধান্ত দ্বিধাহীনভাৱে মানি নোলোৱালৈকে তেওঁলোকে ঈমানৰ দাবীদাৰ হ’ব নোৱাৰিব। (ছূৰা আন-নিছা: ৬৫)

* إِنْ هُوَ إِلَّا وَحْيٌ يُوحَىٰ * وَمَا يَنْطِقُ عَنِ الْهَوَىٰ

#আল্লাহৰ অৱতীৰ্ণ অহিৰ বাহিৰে তেওঁ মনেগঢ়া একোৱেই নকয়। (ছূৰা আন-নাজম: ৩-৪)

#”আতিউল্লাহ ওৱা আতিউৰ ৰাছূল” এই কথাৰ পিছতেই আছে “ওৱা উলিল আমৰি মিনকুম’’ অৰ্থাৎ তোমালোকৰ নেতাসকলৰো (অনুসৰণ কৰা)। কিন্তু ইয়াৰ পিছতেই কোৱা হৈছে ‘ফা ইন তানাজা’তুম ফি শ্বায়ঈন ফাৰুদ্দুহু ইলাল্লাহি ওৱাৰ ৰাছূল’। অৰ্থাৎ আল্লাহ আৰু তেওঁৰ ৰাছূলৰ নিৰ্দেশৰ সৈতে তোমালোকৰ নেতাসকলৰ নিৰ্দেশৰ পাৰ্থক্য দেখা দিলে, নেতৃবৃন্দৰ কথা পৰিত্যাগ কৰি আল্লাহ আৰু তেওঁৰ ৰাছূলৰ কথাৰ ফালে প্ৰত্যাৱৰ্তন কৰা। এই কথা কোৱা হোৱা নাই যে, ওপৰোক্ত মত পাৰ্থক্যৰ ক্ষেত্ৰত আল্লাহ ও তেওঁৰ ৰাছূলৰ কথা পৰিত্যাগ কৰি নাইবা তাৰ বিকৃত অৰ্থ কৰি নাইবা তাৰ লগত মনেসজা কথা সংযোগ কৰি নেতা বা ইমামৰ কথাকেই সঠিক বুলি সাব্যস্ত ৰখা। আল্লাহ তা‘আলাই নিৰ্দেশ কৰিছে-

وَاعْتَصِمُوا بِحَبْلِ اللَّهِ جَمِيعًا وَلَا تَفَرَّقُوا*

#”আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক সুদৃঢ় হাতেৰে ধাৰণ কৰা; বিভিন্ন দলত বিভক্ত নহ’বা”। (ছূৰা আল-ইমৰান: ১০৩)।

আল্লাহ তা‘আলাৰ এই নিৰ্দেশ অমান্য কৰি যিসকলে বিভিন্ন দল, মাজহাবত বিভক্ত হোৱাৰ কাৰণে মুছলিমসকলৰ প্ৰতি আহ্বান জনায়, তেওঁলোক আল্লাহদ্ৰোহীৰ বাহিৰে আন কি হ’ব পাৰে? কুৰআন আৰু হাদীছৰ ক’ৰবাত এই নিৰ্দেশ আছে নেকি যে, মুছলিমসকল! তোমালোকে দলে দলে বিভক্ত হৈ যোৱা, এটা দলে আনটো দলক শত্ৰু বুলি ভাৱা, পৰস্পৰ কটা-কটি কৰি থাকা, অন্য দলৰ মুছলিমসকলক কাফিৰতকৈও ডাঙৰ শত্ৰু বুলি গণ্য কৰা? কোৱা হৈছে- চাৰি মাজহাব ফৰজ। চাৰি মাজহাবত বিভক্ত হৈ যোৱা। এইটো হৈছে সম্পূৰ্ণ আল্লাহদ্ৰোহী আহ্বান। আল্লাহ তা‘আলাই কৈছে,

* إِنَّمَا الْمُؤْمِنُونَ إِخْوَةٌ

#নিশ্চয়_মুছলিমসকল_পৰস্পৰ_ভাই_ভাই

কিন্তু এই অখণ্ড ভাতৃত্বৰ বন্ধনক ছিন্ন কৰি খণ্ড খণ্ড হৈ যোৱাকে ধৰ্মৰ অপৰিহাৰ্য অঙ্গ বুলি প্ৰচাৰ কৰা হৈছে। অথচ ‘চাৰি মাজহাবেই সঠিক’ এই শ্লোগানধাৰীসকলে অন্য মাজহাবৰ লোকসকলৰ সৈতে কাফিৰ মুশ্বৰিকতকৈও ডাঙৰ শত্ৰুৰ দৰে আচৰণ কৰে। দলীয় নেতাসকলৰ অনুসৰণত ইমানেই সীমাহীন গুৰুত্ব লাভ কৰিছে যে, দ্বীনৰ সকলো উৎস কুৰআন আৰু হাদীছৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি স্বীয় ইমামৰ নিৰ্দেশক অন্ধভাৱে গ্ৰহণ কৰা হৈছে, কুৰআন আৰু হাদীছৰ সৈতে মিলাই চোৱাৰ কোনো প্ৰয়োজনবোধ কৰা হোৱা নাই। আকৌ দাবী কৰা হয় যে, ইমাম আবু হানিফা (ৰহ.)য়ে যি কৈছে সেই সকলোবোৰ শুদ্ধ। তেওঁৰ সকলো কথাই যদি শুদ্ধ হয়, তেনেহ’লে তেওঁৰ দুই মহান শিষ্য ইমাম আবু ইউচুফ আৰু ইমাম মুহাম্মাদে তেওঁৰ শত শত মাছ‘আলাৰ বিৰোধিতা কৰিলে কিয়? “মাজহাবীসকলৰ গুপ্তধন” নামৰ কিতাপখনত গ্ৰন্থকাৰে ওপৰোক্ত বিৰোধপূৰ্ণ মাছআলাৰ মাত্ৰ কেইটিমান নমুনা হিচাবে সন্নিবিষ্ট কৰিছে যাৰ দ্বাৰা নিৰপেক্ষ পাঠকবৃন্দই এই পৰম সত্য সিদ্ধান্তত উপনীত হ’ব পাৰিব যে, একমাত্ৰ অহিপ্ৰাপ্ত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ বাহিৰে আন কোনো দ্বিতীয় মানুহ নাই যিজন অভ্ৰান্ত- অৰ্থাৎ যাৰ কোনো ভুল নাই। ইমাম আবু হানিফা (ৰহ.)ৰ প্ৰতি শ্ৰদ্ধা ও সন্মান প্ৰদৰ্শনপূৰ্বক এই কথা নিবেদন কৰিব বিচাৰোঁ যে, তেৱোঁ অভ্ৰান্ত বা নিৰ্ভুল নাছিল। এই কথাৰ প্ৰমাণ ফিকাহৰ গ্ৰন্থাৱলীত সিচঁৰিত হৈ আছে, যাৰ ভাষা কেৱল আৰবী হোৱা কাৰণে ইমামৰ কোটি কোটি অন্ধ অনুসাৰী সেইবোৰ অমৃত বচনৰ পৰা মাহৰূম হৈ আছে। “মাজহাবীসকলৰ গুপ্তধন”ৰ লেখকে বহু কষ্ট স্বীকাৰ কৰি সেইবোৰ সুধী পাঠকবৃন্দৰ বিবেকৰ দুৱাৰমুখত হাজিৰ কৰি দিছে। আমি হিন্দুসকলৰ ধৰ্মগ্ৰন্থৰ অশ্লীল উপাখ্যানৰ কথা শুনি ছিঃ ছিঃ কৰি থাকোঁ। এতিয়া ফিকাহ শাস্ত্ৰৰ উপাখ্যান পঢ়ি পাঠকে কি কৰিব নিজেই ঠিৰাং কৰক। অথচ কুৰআন আৰু হাদীছক বাদ দি অন্ধভাৱে এই ফিকাহৰেই অনুসৰণ কৰা হৈছে। এই বিষয়ে আল্লাহ তা‘লাৰ সাৱধানবাণী অতি স্পষ্ট-

اتَّخَذُوا أَحْبَارَهُمْ وَرُهْبَانَهُمْ أَرْبَابًا مِنْ دُونِ اللَّهِ*

#”সিহঁতে (ইহুদী আৰু খ্ৰীষ্টানসকলে) আল্লাহক পৰিত্যাগ কৰি সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক প্ৰতিপালক হিচাবে গ্রহণ কৰিছে”। (ছূৰা আত-তাওবাহ: ৩১)

এই সম্পৰ্কে মুছনাদে আহমদ ও তিৰমিজীত হাদীছ আছে-

“আদী বিন হাতীম (ৰা.)য়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ খেদমতত আৰজ কৰে, তেওঁলোকে তো তেওঁলোকৰ পূজা কৰা নাই। তেতিয়া তেওঁ ক’লে- কিয় নহয়, তেওঁলোকে (আলিম দৰবেশসকলে) তেওঁলোকৰ ওপৰত হালালক হাৰাম কৰে আৰু হাৰামক হালাল কৰে, আৰু তেওঁলোকে (জনসাধাৰণে) তেওঁলোকৰ কথা মানি চলে। এইটোৱেই আছিল তেওঁলোকৰ ইবাদাত’’।

ফিকাহৰ অন্ধ অনুসাৰীসকলৰ ক্ষেত্ৰত এই হাদীছ আখৰে আখৰে প্ৰযোজ্য নহয় নে? হানাফি ফিকাহৰ জন্মদাতা ইমাম আবু হানিফা (ৰহ.)য়ে কৈছে- আমি যি আলোচনাত প্ৰবৃত্ত আছোঁ সেয়া একমাত্ৰ ৰায় ও কিয়াচ, গতিকে তাক মানিবলৈ আমি কাকো বাধ্য কৰিব নোৱাৰোঁ আৰু এই কথাও কোৱা নাই যে তাক মানাটো কোনো মানুহৰ প্ৰতি ওৱাজিব। (আল্লামা শিবলী নুমানীৰ দ্বাৰা লিখিত ছিৰাতুন নুমান ১৮৩ পৃষ্ঠা)

সেয়েহে প্ৰতিজন মুছলিম নৰ-নাৰীৰ প্ৰতি আমাৰ আকুল আবেদন! একমাত্ৰ আল্লাহকেই ভয় কৰক। কিয়ামতৰ দিনা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শ্বাফায়াত লাভৰ ইচ্ছা থাকিলে ইমাম আৰু অলিসকলৰ তৰীকা পৰিহাৰ কৰি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ প্ৰদৰ্শিত কুৰআন ও হাদীছৰ তৰীকাত নিজকে প্ৰতিষ্ঠিত কৰক। সকলো ফিৰ্কা আৰু দলাদলিৰ চিলচিলা খতম কৰি দিয়ক। অন্ধভাৱে কাৰোঁ অনুসৰণ নকৰি জ্ঞান চকু মেলি একমাত্ৰ কিতাবদ্বয়ৰ অনুসৰণ কৰক। পাৰস্পৰিক শত্ৰুতা, ঘৃণা ও হিংসা বিদ্বেষৰ উৎস মূলত কুঠাৰাঘাত কৰি এক অখণ্ড ভাতৃত্বৰ বন্ধনত আবদ্ধ হওঁক। দুনিয়া ও আখিৰাতত পৰম সাৰ্থকতা লাভৰ এইটোৱেই হৈছে একমাত্ৰ পথ।

অধ্যাপক মুহাম্মাদ মোজাম্মিল হক।
অনুবাদ-
#JBR

Comment

প্রশ্ন কৰিব, উত্তৰ নাপায়, কিন্তু মজা পাব…

প্রশ্ন কৰিব, উত্তৰ নাপায়, কিন্তু মজা পাব…….
১। প্রশ্নঃ হুজুৰ শাফেঈসকলে যে চালাতত বুকু্ত হাত বান্ধে, ৰাফউল ইয়াদাইন কৰে, ডাঙৰকৈ কৈ আমীন কয়, ১২ তাকবীৰত ২ ঈদৰ চালাত আদায় কৰে …..তেওঁলোকৰ চালাত হবনে?
উত্তৰ আহিব ‘অ’ হব’।
আৰু এজন হানাফীয়ে যদি তেনেকৈ পঢ়ে?
উত্তৰ আহিব, “তাৰ নামাজ নহব। কাৰণ হানাফী মাযহাবত থাকি শাফেঈসকলৰ আমল কৰা নচলিব।
প্রশ্নঃ কিয়? উভয়েইতো মুছলিম। আপুনিয়েইতো ক’লে যে ৪ মাযহাবেই হক্কৰ ওপৰত আছে?” আকৌ হানাফী মাযহাবৰ ফিকাহ্ত আছে যে গাঁৱৰ মছজিদত জুম্মাৰ চালাত নহব, চহৰৰ মছজিদতহে পঢ়িব লাগিব,,,, আৰু অন্য ৩ মাযহাবত কৈছে সকলো ঠাইতেই জুম্মাৰ চালাত বৈধ,,, তেনেহ’লে আপোনালোকে কিয় হানাফী মাযহাবৰ পৰা অন্য মাযহাবৰ মত অনুসৰণ কৰি গাঁৱত জুম্মা পঢ়ে..??
এই প্রশ্নৰ উত্তৰ নাপায়, কিন্তু মজা পাব।
২। প্রশ্নঃ হুজুৰ; আৰবসকলে দেখোন কাছ, কুঁচিয়াসহ বহু ধৰণৰ জলচৰ আৰু স্থলচৰ প্রাণী খায় যিবোৰ আমি নাখাওঁ। এনেকুৱা কিয়?
উত্তৰ আহিব, কাৰণ তেওঁলোকৰ মাযহাবত সেইবোৰ হালাল।
প্রশ্নঃ হানাফীসকলেও যদি ইচ্ছা কৰে সেইবোৰ খাব পাৰিবনে?
হুজুৰৰ উত্তৰ আহিব, “কেতিয়াওঁ নহয়। কাৰণ সেইবোৰ হানাফীসকলৰ বাবে মাকৰূহ।”
প্রশ্নঃ একে বস্তু কিছুমান মুছলিমৰ বাবে হালাল আকৌ কিছুমান মুছলিমৰ বাবে মাকৰূহ, সেয়া কেনেকৈ সম্ভৱ হয়? কাহিনী কব। উদ্ভট যুক্তি দিব। উত্তৰ নাপায়, কিন্তু মজা পাব।
৩। প্রশ্নঃ হুজুৰ; ছৌদি আৰবত দেখিলো এটা পৰিয়ালৰ বাবে এটা মাত্র ছাগলী, ভেৰা, বা দুম্বা দি কোৰবানী কৰে। তেওঁলোকে কয় এইটোৱেই ছূন্নত। তেওঁলোকৰ কোৰবানী হবনে?
উত্তৰ আহিব, হব।
প্রশ্নঃ হানাফীসকলেও যদি তেওঁলোকৰ দৰে কৰে কোৰবানী বৈধ হবনে?
উঃ নাই, নহব। কাৰণ এইটো তেওঁলোকৰ বাবে যায়েজ, হানাফীসকলৰ বাবে জায়েয নহয়।
প্রশ্নঃ উভয়ে দেখোন একে নবীৰ উম্মত কিন্তু বেলেগ ধৰণৰ নিয়ম কিয়?
উত্তৰ নাপায়, কিন্তু মজা পাব।
৪। প্রশ্নঃ মৌলভী চাহাবক সুধিব, বাৰু হুজুৰ, যিসকলে কোনো নির্দিষ্ট মাযহাব নামানে ক্কুৰআন আৰু ছহীহ হাদীছৰ লগত যি মাজহাবৰেই আমল মিলে তাকে মানে, মৃত্যুৰ পিছত কবৰত যদি ফিৰিস্তাসকলে তেওঁক প্ৰশ্ন কৰে “তোমাৰ মাযহাব কি?” তেতিয়া তেওঁ কি উত্তৰ দিব?
হুজুৰ চাহাবে তেতিয়া যি উত্তৰ দিব সেয়া হ’ল, এই ধৰণৰ প্রশ্ন ফিৰিস্তাৰ লিষ্টত আছে বুলি মই নাজানোঁ।
৫। প্রশ্নঃ শেষ বিচাৰৰ দিনা আল্লাহ তা‘আলাই জানো আমাক সুধিব যে তুমি “হানাফী নে শাফেঈ নে মালিকী নে হাম্বলী ইত্যাদি?
হুজুৰে কব “নিশ্চয় নকৰে”।
প্রঃ তেনেহ’লে সেইবোৰ মাযহাব মনাৰনো কি দৰকাৰ?
হুজুৰৰ দীর্ঘ উত্তৰৰ সাৰাংশ হ’ল – মাযহাব নমনাকৈ ৰাছূলক (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম) মানা সম্ভৱেই নহয়। প্ৰতিজন ইমামে ৰাছূলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ ৰিছালতৰ সকলো কর্মকাণ্ড নিজৰ মাজত আত্মস্থ কৰিছে। তেওঁলোকৰ আগত বা পিছত কোনো আল্লাহৰ বান্দাই এই কাম কৰিবলৈ সক্ষম হোৱা নাই, আৰু নহয়ো। মাযহাব ৪ টা টানেলৰ দৰে। এই ৪ টাৰ যিকোনো এটাৰে গ’লেই আপুনি ৰাছূলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ সন্ধান পাব, নহ’লে নাপায়। (আউজুবিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম)।
৬। প্রশ্নঃ প্রশ্ন কৰক এই টানেল জাতীয় হাদীছটো কত পালে?
উত্তৰ নাপায়, কিন্তু মজা পাব।
এনেদৰে অজু, ইকামত, চালাত (নামাজ), ছিয়াম (ৰোজা), হজ্ব, বিবাহ, তালাক্ক¸ ঈদ, আক্কীকাহ, দাফন, কবৰ জিয়াৰত, জাকাত, ফিৎৰাসহ প্রায় প্রতিটো ক্ষেত্রতে মাযহাবভেদে ক্কুৰআন আৰু ছহীহ হাদীছৰ লগত ভিন্নতা দেখা পাব আৰু প্রশ্ন কৰিলে আজগুবি ধৰণৰ গোলমলীয়া আৰু স্ববিৰোধী উত্তৰ পাব। আৰু চুড়ান্ত প্রশ্নৰ কোনো উত্তৰেই নাপায়।
কিন্তু হয়!!!!!!!!!!
এটা বস্তু নিশ্চিতকৈ পাব। সেয়া হল গালি।
আপোনাক লা-মাযহাবী, ইয়াহুদী- নাছাৰাৰ দালাল, ইছলামৰ শত্রু, ৰাফেজী-খাৰেজী, শিয়া, কাদিয়ানি, গেইৰ মুকাল্লীদ, ওৱাহাবী, নাজদী আনকি কাফিৰ বুলি কবলৈও দ্বিধাবোধ নকৰে। গতিকে, আপোনাৰ গাৰ ছাল যদি গড়ৰ ছালৰ দৰে বা তেনেকুৱা ওচৰা-ওচৰি হয় তেতিয়াহে এনেধৰণৰ Risk লব পাৰে, নহ’লে নোৱাৰিব। আল্লাহু ছূবহানাহু তা‘আলাই আমাক সঠিক জ্ঞান দান কৰক। (আমীন)

arfan ali[mb]

এইবোৰ ইজমা নেকি?

-এইবোৰ ইজমা নেকি?-
———————-
–বুখাৰি মুসলিমৰ হাদিস থাকোতেও তাক নামানি ইজমাৰ ওপৰত নির্ভৰ কৰে কিছুলোকে।
–তেওঁলোকৰ ওচৰত হাদিসেই নাই তথাপিও আমল কৰে, কেনেকৈ? কয় ইজমা!!
–তেওঁলোকৰ বাবে বোখাৰি/মুসলিমৰ সকলো হাদিস সনদৰ আলোকত সহী—–
কেবল মাত্র সালাতৰ অধ্যায়ৰ হাদিসবোৰৰ বাহিৰে——

“হে নবী)
আপোনাক প্রতিষ্ঠিত ৰাখিছো ধর্মৰ এক বিশেষ শৰিয়তৰ ওপৰত—
[সুৰা জাসিয়াঃ ৪৫/১৮.]।”
অথচ মাজহাব মানেই বিশেষ চাৰি বিধানৰ শৰিয়ত।
কোৰআন মজিদৰ উল্লেখিত “এটা নিয়ম পদ্ধতি ও এটা শৰিয়ত ” চাৰিটা হল কেনেকৈ?

উম্মতৰ মাজত ইজমা হৈছে! আল্লাহৰ নির্ধাৰিত বিধানৰ বিপক্ষে তেওঁলোকৰ ইজমা হৈছে!
ইয়াৰ পিছটো ক’ব নেকি এইবোৰ ইজমা?
-tran.sgis–

[2]-মুছলিমৰ দাড়িৰ মূল সমস্যা-sgis-

[2]-মুছলিমৰ দাড়িৰ মূল সমস্যা-
(কোৰআন আৰু শ্বহী হাদিসৰ দ্বাৰা সমাধান)
-চ’গুড ইছলাম-
—————————————————
সমস্যাঃ-
 
১]-দাড়ি খুৰাই দিয়া অর্থাৎ দাড়ি নৰখা,
২]-দাড়ি ৰাখি তাক এমুঠিৰ বেছিখিনি কাটি দিয়া,
৩]-দাড়ি পকী বগা হলে কলা ৰঙৰ কলপ কৰা
৪]-বগা দাড়িক তেনেকৈয়ে ৰাখি কোনো ধৰণৰ কলপ নকৰা আৰু
৫]-দাড়ি ৰখা সুন্নতনে ফৰজ/ওয়াজিব।
 
ইয়াৰ সমাধানঃ-
 
২]-দাড়ি ৰাখি তাক এমুঠিৰ বেছিখিনি কাটি দিয়া:-
 
-মহানাবী (ﷺ)ৰ বাণীত কোঁৱা হৈছে-দাড়ি দীঘল কৰা আৰু গোঁফ ছুটি কৰা।[1]।
Ibn Umar said:
The Apostle of Allah (ﷺ) ordered us to trim the moustache closely and spare the beard.(sahih muslim- http://sunnah.com/muslim/2/68-70 )
 
-কিছু লোকৰ মতে এমুঠি দাড়ি ৰাখি বাকি অংশ কাটি পেলোৱা জায়েয আছে। তেওঁলোকে ইবনে উমাৰৰ (ৰাঃ) এই হাদীসৰ দ্বাৰা দলীল পেশ কৰি থাকে।
 
ইবনে উমাৰে (ৰাঃ) যেতিয়া হাজ্জ ও উমৰা কৰিছিল তেতিয়া নিজৰ দাড়ি ধৰি অতিৰিক্ত অংশ কাটি পেলাইছিল।[5]
[http://hadithbd.com/show.php?BookID=12&HadithNo=5892]
 
 
তেওঁলোকে কয়ঃ ”উমাৰ(ৰাঃ) দাড়ি লম্বাৰ নির্দেশ দিয়াৰ হাদিসৰ ৰাবী”।
 
-এই আসাৰত(hadith part) তেওঁলোকৰ কোনো দলিল নাই।[6]
 
কিয়নো:-
 
(১)ইবনে উমাৰে (ৰাঃ) এইটো হাজ্জ ও উমৰা সময়ত হালাল হোৱাৰ পিছত কৰিছিল ( নিজৰ দাড়ি ধৰি অতিৰিক্ত অংশ কাটি পেলাইছিল)।
কিন্তু সেইটোকে তেওঁলোকে সর্বাবস্থাৰ বাবে বৈধ বুলি ধৰিললে।
(২) ইবনে উমাৰে (ৰাঃ) এই কামটো আল্লাহ্ৰ বাণী- مُحَلِّقِينَ رُءُوسَكُمْ وَمُقَصِّرِينَ অর্থাৎ: তোমালোকৰ মূৰ খূৰুৱা আৰু চুলি (ie.beard)কমোৱা (নির্ভয়ে মাসজিদুল হাৰামত অবশ্যই প্রবেশ কৰিবা) [(সূরা : ফাতাহ ২৭)https://quran.com/48/27]।এই আয়াতটোৰ ওপৰত তা‘বীল কৰি কৰিছিল। অর্থাৎ: হাজ্জৰ সময়ত মূৰ খূৰাব লাগিব, আৰু দাড়ি কমাব লাগিব।[7]।
 
(৩) সাহাবাসকলে(ৰাঃ) যেতিয়া তেওঁলোকৰ বর্ণনাৰ বিপৰীত কিবা কয় বা কৰে, তেতিয়া যি বর্ণনা কৰিছে তাক গ্রহণ কৰিব লাগিব। তেওঁলোকৰ বোধগম্যতা ও কর্ম ধৰিবলগীয়া নহয়। বৰং মহানাবীৰ (ﷺ) পিনে সম্পৃক্ত বিষয়টোহে ধৰিবলগীয়া।
 
-উপৰোক্ত আলোচনাৰ পৰা এইটোৱেই প্রমাণিত হয়যে, বিশুদ্ধ মতামত হ’ল, দাড়ি এৰি দিয়া ওয়াজিব।ইয়াক কাটিব নোৱাৰিব।
 
-হাদীসত বিভিন্ন শব্দৰে এই নির্দেশবোৰ বর্ণিত হৈছে। যেনেঃ أعفوا তথা লম্বা হবলৈ দিয়া, أرخوا তথা এৰি দিয়া, أرجوا তথা অবকাশ দিয়া, وفروا তথা পূর্ণ বা বেছি হবলৈ দিয়া, أوفوا সম্পূর্ণ কৰা ইত্যাদি।আল্লাহু আলম।।
+++
ফলাফলঃ- দাড়ি এৰি দিয়া ওয়াজিব।ইয়াক কাটিব নোৱাৰিব।
 
ফুটনোটঃ[-
[1] সহীহ; মুসলিম (২৫৯)।
[5]সহীহ; বুখাৰী(৫৮৯২), মুসলিম (২৫৯)।
[6]ইহা শাইখ আল-হাবীহ ওয়াহিদ আঃ সালাম তেওঁৰ আল ইকলিল (১/৯৬) গ্রন্থত বর্ণনা কৰিছে।
[7]শাৰহুল কিৰমানী আলাল বুখাৰী (২১/১১১)।
 
-ক্রমশঃ ইন শ্বা আল্লাহ।–sgis-০১.১১.২০১৬

মুছলিমৰ দাড়িৰ মূল সমস্যা-sgis-

5-5

[1]-মুছলিমৰ দাড়িৰ মূল সমস্যা-

(কোৰআন আৰু শ্বহী হাদিসৰ দ্বাৰা সমাধান)

-চ’গুড ইছলাম-

সমস্যাঃ-

১]-দাড়ি খুৰাই দিয়া অর্থাৎ দাড়ি নৰখা,

২]-দাড়ি ৰাখি তাক এমুঠিৰ বেছিখিনি কাটি দিয়া,

৩]-দাড়ি পকী বগা হলে কলা ৰঙৰ কলপ কৰা

৪]-বগা দাড়িক তেনেকৈয়ে ৰাখি কোনো ধৰণৰ কলপ নকৰা আৰু

৫]-দাড়ি ৰখা সুন্নতনে ফৰজ।

ইয়াৰ সমাধানঃ-

১]-দাড়ি খুৰাই দিয়া অর্থাৎ দাড়ি নৰখাঃ-

-মহানাবী (ﷺ)ৰ বাণীত কোঁৱা হৈছে-(দাড়ি ও গোফৰ বেলা) তোমালোকে মুশৰিকসকলৰ(মূর্তি পূজক) বিপৰীত কৰা।[1]।

-মহানাবী (ﷺ)ৰ বাণীত কোঁৱা হৈছে(গোঁফ আৰু দাড়িৰ ক্ষেত্রত) –তোমালোকে অগ্নি পুজকসকলৰ বিৰোধিতা কৰা।[2]।

-আল্লাহ্‌ৰ সৃষ্টি বিকৃত কৰি[3] নাৰীসকলৰ সাদৃশ্য নকৰিবা[4]।

সমাধানৰ ফলাফল:- দাড়ি খুৰাই দিয়া হাৰাম।।

ফুটনোটঃ[-

[1] সহীহ; বুখাৰী (৫৮৯২), মুসলিম (২৫৯)

[2] সহীহ; মুসলিম (২৬০)

[3]- (সূৰা নিসা১১৯)

[3] বুখাৰী (৫৮৮৫), তিৰমিযী (২৯৩৫)

ক্রমশঃ ইন শ্বা আল্লাহ।–sgis-31.10.2016