তেওঁলোকৰ বাবে কোনটো উওম হাজৰে আচওৱাদক চুম্বন কৰা

as

Afjal Hussain to Islam, Iman and Aqeedah (ইছলাম ,ইমান আৰু আকিদা) (Islam , Iman aur Aqeedah)
 প্ৰশ্ন : বহুত তওৱাফকাৰীক দেখা যায় ভিৰৰ মাজত ঠেলি ঠেলি তেওঁলোকৰ স্ত্ৰী সকলক হাজৰে আচওৱাদ চুম্বন কৰাৰ বাবে পঠায় । তেওঁলোকৰ বাবে কোনটো উওম হাজৰে আচওৱাদক চুম্বন কৰা নেকি পুৰুষসকলৰ ভিৰৰ পৰা দূৰত অৱস্থান কৰা ?


উত্তৰ :- প্ৰশ্নকাৰীয়ে যেতিয়া এই আশ্চৰ্য বিষয় দেখিছে , মই ইয়াতকৈ অধিক আশ্চৰ্য জনক বিষয় দেখিছো । মই দেখিছো কিছু লোক ফৰজ নামাজত -এফালে ছালাম ফিৰোৱা হলে দ্বিতীয় ছালাম ফিৰোৱাৰ আগতে হাজৰে আচওৱাদক চুম্বন কৰাৰ বাবে দৌৰ দিয়ে । ইয়াত তো তেওঁৰ ফৰজ নামাজেই বাতিল হৈ গ’ল । যি নামাজ ইছলামৰ অন্যতম প্ৰধান ৰুকন । অথচ তেওঁ এনে এটি কাম কৰিব গৈছে যিটো ওয়াজিব নহয় । আনকি তওৱাফ অৱস্থাত নাথাকিলে হাজৰে আচওৱাদক চুম্বন কৰা চৰীয়ত সন্মতও নহয় । নিঃসন্দেহে এইটো এটা বিৰাট ধৰণৰ দুঃখ জনক অজ্ঞতা । তওৱাফৰ বাহিৰে হাজৰে আচওৱাদক চুম্বন কৰা চুন্নত নহয়। এই ক্ষেত্রত মোৰ কোনো দলিল জনা নাই । মই এই স্থানৰ পৰা আহ্বান জনাইছো যে , মোৰ জ্ঞানৰ বাহিৰে যদি কাৰোবাৰ তাত এনে কোনো দলিল জনা থাকে যে , তওৱাফ নকৰিলেও হাজৰে আচওৱাদক চুম্বন কৰা চৰীয়ত সন্মত, পিছে তেওঁ যেন আমাৰ ওচৰত সেইবোৰ পঠিয়াই দিয়ে । আল্লাহ তেওঁক উওম প্ৰতিদান দিব ।

গতিকে হাজৰে আচওৱাদক চুম্বন কৰা তওয়াফেৰ চুন্নতৰ অন্তৰ্গত । তাৰোপৰি এইটো তেতিয়াই চুন্নত হিচাবে সাব্যস্ত হব যেতিয়া তাক চুম্বন কৰিবলৈ গৈ তওয়াফকাৰীয়ে কষ্ট নাপাব বা অন্য কাকো কষ্ট দিয়া নহব । যদি তওয়াফকাৰীৰ কষ্ট হয় বা অন্য কাকো কষ্ট দিয়া হয় , তেতিয়া দ্বিতীয় পদক্ষেপ অবলম্বন কৰিব আৰু সেইটো হাতৰ দ্বাৰা স্পৰ্শ কৰি হাতক চুম্বন কৰিব । যেনেকৈ নবী (ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম) এ আমাক শিকাইছে । যদি এইকাম কষ্ট কৰি ও কষ্ট নিদিয়াকৈ আদায় কৰা সম্ভৱ নহয়,তেতিয়া আমি তৃতীয় স্তৰত উপনীত হৈ দূৰৰ পৰা হাজৰে আচওৱাদক এক হাতৰ দ্বাৰা ইচাৰা কৰিম। কিন্তু সেই হাতক চুম্বন নকৰিম । এইটোৱেই হৈছে নবী(ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম) ৰ হাজৰে আচওৱাদক চুম্বন কৰাৰ চুন্নতী পদ্ধতি ।

হাজৰে আচওৱাদক চুম্বনৰ বিয়ষ টো আৰু জটিল আৰু কঠিন হব- যেনেকৈ প্ৰশ্নকাৰীয়ে উল্লেখ কৰিছে নাৰীসকলক পাথৰ চুম্বন কৰাৰ বাবে ঠেলি দিয়া , হব পাৰে সেই নাৰী গৰ্ভৱতী বা বৃদ্ধা বা দুৰ্বল যুৱতী অথবা শিশুক ওপৰত উঠাই চুম্বনৰ বাবে আগুৱাই দিয়া ,কিন্তু এইবোৰ কাম গৰ্হিত বা নাজায়েজ । কিয়নো ইয়াত দুৰ্বল লোকসকলক ভয়ংকৰ এক অৱস্থাৰ দিশত ঠেলি দিয়া হৈছে , য’ত আছে সংকীৰ্ণতা ও পুৰুষৰ ভিৰৰ প্ৰচণ্ডতা । সেইবাবে বিষয়টো মাকৰূহ অথবা হাৰামৰ অন্তৰ্গত ।আল্লাহৰ ৰহমতত অন্য ব্যৱস্থা থাকোঁতে কোনো মানুহৰ পক্ষত এনেদৰে অগ্ৰসৰ হোৱা উচিত নহয় । আপুনি যদি কঠিনভাৱে ইছলামৰ বিধান পালন কৰিব খোজে ,তেতিয়াহ’লে পৰাজিত হব ।

ফুটনোট: ফাতওৱা আৰকানুল ইছলাম, কিতাবুল হজ্জ
শ্বেখ মুহাম্মাদ বিন চালিহ আল-উচাইমীন (ৰহঃ)

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s