[2]-মুছলিমৰ দাড়িৰ মূল সমস্যা-sgis-

[2]-মুছলিমৰ দাড়িৰ মূল সমস্যা-
(কোৰআন আৰু শ্বহী হাদিসৰ দ্বাৰা সমাধান)
-চ’গুড ইছলাম-
—————————————————
সমস্যাঃ-
 
১]-দাড়ি খুৰাই দিয়া অর্থাৎ দাড়ি নৰখা,
২]-দাড়ি ৰাখি তাক এমুঠিৰ বেছিখিনি কাটি দিয়া,
৩]-দাড়ি পকী বগা হলে কলা ৰঙৰ কলপ কৰা
৪]-বগা দাড়িক তেনেকৈয়ে ৰাখি কোনো ধৰণৰ কলপ নকৰা আৰু
৫]-দাড়ি ৰখা সুন্নতনে ফৰজ/ওয়াজিব।
 
ইয়াৰ সমাধানঃ-
 
২]-দাড়ি ৰাখি তাক এমুঠিৰ বেছিখিনি কাটি দিয়া:-
 
-মহানাবী (ﷺ)ৰ বাণীত কোঁৱা হৈছে-দাড়ি দীঘল কৰা আৰু গোঁফ ছুটি কৰা।[1]।
Ibn Umar said:
The Apostle of Allah (ﷺ) ordered us to trim the moustache closely and spare the beard.(sahih muslim- http://sunnah.com/muslim/2/68-70 )
 
-কিছু লোকৰ মতে এমুঠি দাড়ি ৰাখি বাকি অংশ কাটি পেলোৱা জায়েয আছে। তেওঁলোকে ইবনে উমাৰৰ (ৰাঃ) এই হাদীসৰ দ্বাৰা দলীল পেশ কৰি থাকে।
 
ইবনে উমাৰে (ৰাঃ) যেতিয়া হাজ্জ ও উমৰা কৰিছিল তেতিয়া নিজৰ দাড়ি ধৰি অতিৰিক্ত অংশ কাটি পেলাইছিল।[5]
[http://hadithbd.com/show.php?BookID=12&HadithNo=5892]
 
 
তেওঁলোকে কয়ঃ ”উমাৰ(ৰাঃ) দাড়ি লম্বাৰ নির্দেশ দিয়াৰ হাদিসৰ ৰাবী”।
 
-এই আসাৰত(hadith part) তেওঁলোকৰ কোনো দলিল নাই।[6]
 
কিয়নো:-
 
(১)ইবনে উমাৰে (ৰাঃ) এইটো হাজ্জ ও উমৰা সময়ত হালাল হোৱাৰ পিছত কৰিছিল ( নিজৰ দাড়ি ধৰি অতিৰিক্ত অংশ কাটি পেলাইছিল)।
কিন্তু সেইটোকে তেওঁলোকে সর্বাবস্থাৰ বাবে বৈধ বুলি ধৰিললে।
(২) ইবনে উমাৰে (ৰাঃ) এই কামটো আল্লাহ্ৰ বাণী- مُحَلِّقِينَ رُءُوسَكُمْ وَمُقَصِّرِينَ অর্থাৎ: তোমালোকৰ মূৰ খূৰুৱা আৰু চুলি (ie.beard)কমোৱা (নির্ভয়ে মাসজিদুল হাৰামত অবশ্যই প্রবেশ কৰিবা) [(সূরা : ফাতাহ ২৭)https://quran.com/48/27]।এই আয়াতটোৰ ওপৰত তা‘বীল কৰি কৰিছিল। অর্থাৎ: হাজ্জৰ সময়ত মূৰ খূৰাব লাগিব, আৰু দাড়ি কমাব লাগিব।[7]।
 
(৩) সাহাবাসকলে(ৰাঃ) যেতিয়া তেওঁলোকৰ বর্ণনাৰ বিপৰীত কিবা কয় বা কৰে, তেতিয়া যি বর্ণনা কৰিছে তাক গ্রহণ কৰিব লাগিব। তেওঁলোকৰ বোধগম্যতা ও কর্ম ধৰিবলগীয়া নহয়। বৰং মহানাবীৰ (ﷺ) পিনে সম্পৃক্ত বিষয়টোহে ধৰিবলগীয়া।
 
-উপৰোক্ত আলোচনাৰ পৰা এইটোৱেই প্রমাণিত হয়যে, বিশুদ্ধ মতামত হ’ল, দাড়ি এৰি দিয়া ওয়াজিব।ইয়াক কাটিব নোৱাৰিব।
 
-হাদীসত বিভিন্ন শব্দৰে এই নির্দেশবোৰ বর্ণিত হৈছে। যেনেঃ أعفوا তথা লম্বা হবলৈ দিয়া, أرخوا তথা এৰি দিয়া, أرجوا তথা অবকাশ দিয়া, وفروا তথা পূর্ণ বা বেছি হবলৈ দিয়া, أوفوا সম্পূর্ণ কৰা ইত্যাদি।আল্লাহু আলম।।
+++
ফলাফলঃ- দাড়ি এৰি দিয়া ওয়াজিব।ইয়াক কাটিব নোৱাৰিব।
 
ফুটনোটঃ[-
[1] সহীহ; মুসলিম (২৫৯)।
[5]সহীহ; বুখাৰী(৫৮৯২), মুসলিম (২৫৯)।
[6]ইহা শাইখ আল-হাবীহ ওয়াহিদ আঃ সালাম তেওঁৰ আল ইকলিল (১/৯৬) গ্রন্থত বর্ণনা কৰিছে।
[7]শাৰহুল কিৰমানী আলাল বুখাৰী (২১/১১১)।
 
-ক্রমশঃ ইন শ্বা আল্লাহ।–sgis-০১.১১.২০১৬
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s