-ৰূপকথাৰ দৰেই- sgis-

story-copy

 

[১]-ৰূপকথাৰ দৰেই- sgis-
————————-কেই বছৰমান আগতেই ৰাসূলুল্লাহ(ﷺ)ৰ জীৱনৰ ওপৰত কিছু সমল গোটাই সামান্য আলোকপাত কৰিম বুলি থিৰাং কৰিছিলো । কিন্তু থিৰাংহে কৰিলো কাম কিন্তু মাহৰ পিছত মাহ পাৰ হোৱাৰ পিছতো এটা শব্দও লিখা নহল।

ইয়াৰ মূলতেই আছিল আমাৰ আৰব মৰূভূমিত ভাৱৰ বিচৰণ। অলপ গোটাই লোৱা সমল পঢ়ো লগে লগে ভাৱত ডুব যাওঁ। এটা সময়ত এনে হলযে সেই তেতিয়াৰ ৰাসূলুল্লাহ(ﷺ)ৰ সাহাবা(ৰা:)সকলৰ মজলিছত নিজকে আবিস্কাৰ কৰি আৰু তাৰ পৰা ঘূৰি অহাৰ মন নেথাকিছিল।

-আলহামদুলিল্লাহ ,ৰাসূলুল্লাহ(ﷺ)ৰ জীৱনৰ কেইটামান খণ্ড লিখি ইতিমধ্যে ফে:বু:ত প্ৰকাশ কৰা হৈছে।
-হঠাত আজি সেই তেতিয়াৰ ভাৱৰ ওপৰত মিল থকা ভাৱৰ এটা স্নেপ পালো। এনে লাগিল যেন ৰাসূলুল্লাহ(ﷺ) আৰু সাহাবা(ৰা:)সকলৰ মজলিছৰ কথোপ কথনহে শুনিছো।

-ৰূপকথাহেন এখন মজলিস; যত আল্লাহৰ ৰাসুল (ﷺ) আৰু তেওঁৰ সাহাবীগন(ৰা:) স্বর্গীয় আলোচনাত মশগুল :-

–এদিন আল্লাহৰ ৰাসুল(ﷺ) তেওঁৰ সাহাবীসকলকলৈ(ৰাঃ) এখন মজলিসত অবস্থান কৰিছিল। তেওঁ (ﷺ) সাহাবীসকলক(ৰাঃ) লক্ষ্য কৰি ক’লে, “এই দুনিয়াৰ তিনিটা বস্তু মোৰ খুব পছন্দৰ; সুগন্ধী, স্বামীৰ আনুগত্যকাৰী নাৰী, আৰু সালাত- যিয়ে মোৰ নয়ন প্রশান্ত কৰে”।

-(এইকথা শুনি- সাহাবিসকলৰ’ৰাঃ’ মাজৰ পৰা) আবু বকৰে (ৰাঃ) ক’লে- “একেবাৰে সত্য কৈছে” আৰু মইও অন্তৰে তিনিটা বিষয় পছন্দন কৰোঃ আপনাৰ চেহাৰাৰ পিনে চাই থকা, মোৰ সমস্ত সম্পদ আপোনাৰ বাবে উৎসর্গ কৰা, আৰু মোৰ কন্যা আপোনাৰ স্ত্রী! (এইটোৱেই মোৰ ভাল লাগে)” ।

-(এইকথা শুনি- সাহাবিসকলৰ’ৰাঃ’ মাজৰ পৰা) উমাৰে (ৰাঃ) ক’লে, “একেবাৰে সত্য কৈছে” আৰু মইও অন্তৰে তিনিটা বিষয় পছন্দন কৰোঃ ভাল কামৰ আদেশ দিয়া, বেয়া কামৰ নিষেধ কৰা, ও ফতা-চিতা,জৰা-জীর্ন-পুৰণা কাপোৰ পৰিধান কৰা”।

-(এইকথা শুনি- সাহাবিসকলৰ’ৰাঃ’ মাজৰ পৰা) উসমানে (ৰাঃ)ক’লে- “একেবাৰে সত্য কৈছে” আৰু মইও অন্তৰে তিনিটা বিষয় পছন্দন কৰোঃ ক্ষুধার্তক অন্ন দান কৰা, বস্ত্রহীনক বস্ত্রদান কৰা, কোৰ’আন তিলাওয়াতত প্রশান্ত হোৱা” ।

-(এইকথা শুনি- সাহাবিসকলৰ’ৰাঃ’ মাজৰ পৰা) আলীয়ে (ৰাঃ)ক’লে- “একেবাৰে সত্য কৈছে” আৰু মইও অন্তৰে তিনিটা বিষয় পছন্দনৰ কথা ব্যক্ত কৰিব বিচাৰোঃ অতিথিক আপ্যায়িত কৰা, উগ্র গৰমৰ সময়ত সাওম পালন কৰা, শত্রুক তৰোৱালদি আঘাত কৰা(জিহাদ কৰা)”।

-চ’গুড ইছলাম-CONTD-next-just few hous.sgis-

[২]-ৰূপকথাৰ দৰেই- sgis-
———————-

-সাহাবীসকলে(ৰাঃ)যেতিয়া আলোচনা কৰিছিল, ঠিক এই সময়তে জীব্রাঈল (আঃ) সাহাবীসকলৰ(ৰাঃ)মজলিসলৈ ৰাসুলুল্লাহৰ (ﷺ) সম্মুখত উপস্থিত হ’ল। তেওঁ(আঃ) ক’লে, “আপোনাৰ উপৰত শান্তি বর্ষিত হওঁক। আল্লাহ তা’য়ালা আপুনালোকৰ কথাবার্তা শুনি মোক পঠিয়াইছে, যদি মই দুনিয়াবাসী হলোহয় তেন্তে মই যি পছন্দ কৰিম তাক যেন শুনুৱাবলৈ আপুনি মোক আদেশ কৰিব”।

-আল্লাহৰ ৰাসুলে (ﷺ) ক’লে, “তেনেহলে হে জীব্রাঈল আপুনি যদি দুনিয়াবাসী হ’লহেতেন তেন্তে কি পছন্দ কৰিলহেতেন?” জীব্রাঈলে (আ) ক’লে, “যদি মই মানুহ হওঁ তেনেহলে মই পছন্দ কৰিম;- গোমৰাহীবোৰৰ হিদায়াতৰ পথলৈ আনিলোহেতেঁন, তেওঁলোকক ভালপালোহেতেঁন ; যিসকলে দাৰিদ্রতাৰ মাজতো আল্লাহৰ স্মৰণত গাফেল নহয় , আৰু প্রকৃত মিসকীনসকলক সাহায্য কৰিম (যিয়ে লজ্জাত হাত নাপাতে)”।

-ইয়াৰপিছত তেওঁ(আঃ) ক’লে, “আৰু আল্লাহ তা’লাইও তেওঁৰ বান্দাৰ তিনিটা গুন সকলোতকৈ বেছি পছন্দ কৰেঃ যদি বান্দা দ্বীনৰ উপৰত অটল থাকিবলৈ সর্বোচ্চ চেষ্টা কৰে, আল্লাহৰ বাবে দু’টোপাল ( চকু পানী আৰু তেজদি শহীদ হোৱা) বিসর্জন দিয়ে, আৰু বান্দাক যেতিয়া দুঃখ, কষ্ট, দাৰিদ্রতাৰ মাজত নিমজ্জিত ৰখা হয় তেতিয়া যদি তেওঁ সবৰ কৰে”।

–আহা! সাহাবীসকলৰ মজলিসত ফিৰিশতায়ো অংশগ্রহন কৰিছে। সেইবাবে তেওঁলোকৰ সেই পছন্দনীয় আমল কিংবা বিষয়সমূহক আমিও যদি পছন্দনীয় কৰিব পাৰো, হয়তো স্বপ্নৰ আল-জান্নাতুল ফেৰদাউসৰ মজলিসত আল্লাহে আমাক কবুল কৰিব, ইন শা আল্লাহ।

–(নিষ্কাষণঃ-সহীহ বুখাৰীৰ বিখ্যাত ব্যাখ্যাকাৰ হাফিজ ইবনে হাজাৰ ইবন আসক্বালানী (ৰহ) ৰচিত – ‘আল ইসতি’দাদ লিয়াওমিল মা’আদ’ তথা- ‘পৰকালৰ সম্বল’ কিতাপৰ ৩য় অনুচ্ছেদৰ পৰা।)।

-সমাপ্ত-চ’গুড ইছলাম-30.10.2016,ghy.sonia.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s