প্রতি, সম্পাদক, “গণ অধিকাৰ”published.

প্রতি,

সম্পাদক,
“গণ অধিকাৰ”

   আচ্ছালামু আলেইকুম,

আব্দুছ ছাত্তাৰ ভূঞা  চাহেবৰ প্রৱন্ধ এটা পঢ়ি এই প্রৱন্ধ লিখিলো। প্রকাশৰ উপযোগী হ’লে ই-মেইল যোগেদি জনাব।

———————————————————

-বুজা নুবুজাৰ দুমোজাত আব্দুছ ছাত্তাৰ ভূঞা-

চৈয়দ ছ’গুদ ইছলাম,গুৱাহাটী।[৩১/০১/২০১৬]

“গণ অধিকাৰ”ৰ যোৱা ২৯।০১।২০১৬ তাৰিখৰ ধর্ম-দর্শন ভাগত আব্দুছ ছাত্তাৰ ভূঞা  চাহেবৰ “মজহাব কেন্দ্রিক মনোভাবৰ বাবেই মুছলমান সম্প্রদায় ‘বা-মাৰলীত’ পৰিছে” নামৰ প্রৱন্ধটো পঢ়ি ভালৰ লগতে বেয়াও লাগিল। ভাল এই কাৰণেই লগিলযে অবাস্তবৰ মাজতেই প্রৱন্ধটোত বাস্তবো আছিল। বাস্তবখিনি বাদদি আমি ভূঞা চাহেবে নজনাখিনিৰ কথাহে ক’ব বিছাৰিছো।

             ইছলামৰ বিষয়ে কিবা লিখাৰ আগতে কিছুমান মৌলিক সংজ্ঞাৰ ওপৰত জ্ঞান থকাটো অতি জৰুৰি, অন্যথা কালে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে, যেনে-বে’দাত, শির্ক, ওহাবী, খাৰেজী, আহলে-হাদীছ ইত্যাদি। লগতে কোৰআন মজিদ আৰু হাদীছৰ ওপৰতো সম্যক জ্ঞানৰ প্রয়োজন হয়।

              ভূঞা চাহেবৰ দেখিছো  ‘ওহাবী’ আৰু ‘আহলে-হাদীছ’ৰ ওপৰত লগতে মুছলমান সম্প্রদায় কিহৰ বাবে বহু বিভক্ত হৈছে তাৰ মুঠেই জ্ঞান নাই। ভূঞা চাহেবে কৈছে কোৰআন মজিদ তথা হাদীছত মুছলমান সম্প্রদায়ৰ বহু বিভক্তৰ কথা নাই। আমি কৈছো বাৰ বাৰ ৰেড চিগনেল আছে আৰু ইয়াৰ পৰিণামৰ কথাও গভীৰভাবে উল্লেখ আছে। এইবোৰৰে পাতনি মেলিম বুলি ভাবিছো, ইন ছা আল্লাহ।

              “ওহাবী” শব্দটো  প্রায়েই শুনা যায়। সাধাৰণভাবে ইয়াক ইটো মজহাবে সিটো মজহাবক গালি হিচাবে ব্যৱহাৰ কৰা  দেখা যায়।  কিন্তু আব্দুছ ছাত্তাৰ ভূঞা চাহেবৰ দৰে বহুতৰেই ইয়াৰ ধাৰণা নাই এইটো আচলতে কি বস্তু। ইয়াতে কৈ থওঁ  “ওহাবী” কোনো মাজহাব নহয়। তেনেহলে ক’ৰ পৰা এই নামটো আহিল। “ওহাবী” শব্দটো  আহিছে মুহাম্মাদ ইবন আবদুল ওহহাবৰ(ৰহিমুল্লাহ) পৰা। তেওঁ আছিল কোৰআন মজিদ আৰু  আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাহ অনুসৰণকাৰী।
.
১৮ শতিকাৰ আৰব উপদ্বীপৰ এটা সৰু বিবৰণ দিয়া যাওঁক। বর্তমান ছৌদি আৰবৰ যি অঞ্চল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু ছাহাবীসকলৰ ভূমি, সেই ভূমিৰ প্রায় লোকসকলে গ্রহণ কৰিছিল ইমাম আহমাদ বিন হাম্বলৰ(ৰহমাতুল্লাহি)  মাজহাব । তেওঁলোকে ছাহাবীসকল কবৰৰ ওপৰত গম্বুজ বনাই পূজা আৰম্ভ কৰিছিল। যায়েদ বিন খাত্তাব (ৰাজিয়াল্লাহুআনহু) [ওমাৰৰ(ৰাজিয়াল্লাহুআনহু) ভায়েক; ইয়ামাৰ যুদ্ধত শ্বহীদ হৈছিল],খাদিজা (ৰাজিয়াল্লাহুআনহা)আদি  এই মহান ব্যক্তিসকলৰ কবৰত গম্বুজ বনাই  পূজা আৰম্ভ কৰিছিল।আৰবৰ মহিলাসকলে গছৰ  ওচৰত সন্তান কামনা কৰিছিল, পীৰক ছিজদাহ কৰা হৈছিল। কবৰত মানত কৰিছিল। ইৰাকীবিলাকে ইমাম আবু হানিফাৰ(ৰহমাতুল্লাহি)  কবৰত পূজা কৰিছিল। ছিয়াসকলে হুছেইনৰ(ৰাজিয়াল্লাহুআনহু)  কবৰ পুজা কৰা কথাটো সর্বজনবিদীত।

                 মুহাম্মাদ বিন কাছিমৰ(ৰহিমুল্লাহ)  নেক  জিহাদৰ ভূমি ভাৰতবর্ষৰ লোকসকলেও  ঠিক আৰব উপদ্বীপৰ লোকসকলৰ দৰেই কবৰ-মাজাৰ আৰু পীৰ পূজাত মগ্ন আছিল(আজিও আছে)।

                 এনে এক সময়তে মুহাম্মাদ ইবন আবদুল ওয়াহহাবৰ(ৰহিমুল্লাহ)  জন্ম হয়। তেওঁ দেখিলে কোৰআন আৰু  আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাহত যি  আছে, মানুহে ঠিক তাৰ বিপৰীত কাম কৰিছে। তেওঁ মানুহক কোৰআন আৰু ছুন্নাহ অনুসৰণ কৰাৰ দাৱাত দিয়া আৰম্ভ কৰিলে। এই “সহজ” কামটো কৰাৰ কাৰণে  সেই ১৮ শতিকাতেই মানুহ যথেষ্ট নাছিল। কোৰআন আৰু ছুন্নাহৰ দাৱাত দিয়াৰ বাবে আজিও তেওঁক অপৰাধী সাব্যস্ত কৰি বহু মানুহে তেওঁক গালি দিয়ে। তেওঁৰ আন্দোলনৰ নামত ভ্রান্ত কথা প্রচাৰ কৰে।

         *              *                *              *                   *                  *          *

             ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগৰ পৰাই হক্বপন্থীসকলক ‘আহলেহাদীছ’, ‘ছালাফী’, ‘আহলে সুন্নাহ ওয়াল জামা‘আত’ নামেৰে উল্লেখ কৰা হলেও  ‘আহলেহাদীস’ নামটো মুছলমানৰ মাজত ‘ছুন্নাতপন্থী আলিম ও গবেষকসকলৰ বাবেহে  প্রযোজ্য যেন লাগ।

             হক্বপন্থীসকলৰ পৰিচয়ঃ-  ‘আহলেহাদীছ’,  ‘ছালাফী’,  ‘আহলে  ছুন্নাহ ওয়াল জামা‘আত’  মুছলিম বিজ্ঞ আলিমসকলৰ পৰিচিতি ও বৈশিষ্ট্য। যাৰ মাধ্যমে আল্লাহ তা‘আলা  , ছুন্নাত ও ইলমক হেফাজত কৰে। সেইটোৱেই ‘মুছলিম’ নামেৰে উম্মাতে মুহাম্মাদীৰ (চাল্লাল্লাহু আলাইহি অছাল্লাম)- সর্বসাধাৰণৰ পৰিচয় ।

           ইছলাম,  মহান আল্লাহ তা’লা  প্রদত্ত এক সার্বজনীন জীবন বিধান। মানব জাতিৰ সার্বিক কল্যাণৰ বাবেই ই  নিয়োজিত। পবিত্র কোৰআন মজিদ আৰু ছহীহ হাদীছৰ মাধ্যমত ইয়াৰ বাস্তব নমুনা  বিদ্যমান। ইয়াৰ  মৌলিক উদ্দেশ্য হল, মানুহক পৰীক্ষা কৰা। এইবাবেই আল্লাহ তা‘আলাই তেওঁৰ ৰজ্জুক খামুছি ধৰি ‘ছিৰাতে মুস্তাক্বীম’ত   চলাৰ  নির্দেশ  দিছে। তাৰ লগতেই ভ্রান্ত পথত চলাত  নিষেধ কৰিছে (আলে ইমৰাণ ১০১, ১০৩;  আন‘আম ১৫৩)।

         ছুৰা  আলে  ইমৰাণৰ ১০১ নং আয়াতত কোৱা  হৈছে : আল্লাহক  দৃঢ়ভাবে খামুছি ধৰিলে  ছিৰাতে মুস্তাক্বীমৰ হিদায়েৎ পোৱা যাব।

        ১০৩ নং আয়াতত কোৱা  হৈছে : আল্লাহৰ ৰজ্জুক  জামা‘আতবদ্ধভাবে   খামুছি  থাকিবলৈ  ।ফির্কা বা ভাগ  কৰিবলৈ  নিষেধ  কৰা হৈছে। নবী  চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে : كتاب الله عز وجل هو حبل الله ‘কিতাবুল্লাহ হ’ল হাবলুল্লাহ (আল্লাহৰ  ৰজ্জু)।’ [ছহীহ মুছলিম, তাহ: মিছকাত হা/৬১৩১]

                ছুৰা  আলে  ইমৰাণৰ ১০১ আৰু ১০৩নং আয়াতত  যাক ‘ছিৰাতে মুস্তাক্বীম’  আৰু ‘আল্লাহৰ ৰজ্জু’ কোৱা  হৈছে, তাক ছুৰা আনআমৰ ১৫৩ নং আয়াতত  অনুসৰণ  কৰিবলৈ কোৱা হৈছে।। ভিন্নপথ  তথা  ফির্কাবোৰৰ অন্তর্ভুক্ত হবলৈ  নিষেধ কৰা হৈছে। ছুৰা  আলে  ইমৰাণৰ  ১০২ ও ১০৩ নং আয়াত মিলাই পঢ়িলে বুজা যায়,  ফির্কাৰ পথ মুছলিমসকলৰ পথ নহয়।

–ছুৰা  আলে  ইমৰাণৰ ১০২ আৰু ১০৩নং আয়াতকেইটাত এনেদৰে কোৱা হৈছেঃ-

“হে মু’মিনসকল !  তোমালোকে  আল্লাহক ভয় কৰা, যিভাবে তেওঁক ভয় কৰা উচিত, আৰু মুছলিম  নোহোৱাকৈ মৃত্যুবৰণ  নকৰিবা। আৰু তোমালোকে আল্লাহৰ  ৰজ্জুক  জামা‘আতবদ্ধভাবে  খামুছি থাকিবা  আৰু  ফির্কাৰ সৃষ্টি নকৰিবা।”

        ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক লক্ষ্য কৰি আল্লাহ  তা’লাই কৈআছে, ‘আপুনি কৈ দিয়ক! নিশ্চয় এই সোজা পথটি মোৰ পথ। তোমালোকে এই পথেকেই অনুসৰণ  কৰিবা।  অন্যান্য পথৰ অনুসৰণ নকৰিবা।  অন্যথা এই সোজা পথৰ পৰা বিচ্যুত হৈ যাবা।  ইয়াৰ বাবে আল্লাহ তা’লাই তোমালোকক অছিয়ত কৰিছে, যেন তোমালোকে সতর্কতা অবলম্বন কৰিব পাৰা (আন‘আম ১৫৩; আহমাদ হা/৪১৪২)। উক্ত আয়াতত  অন্য যাবতীয় পথ বর্জন কৰি এটা পথত চলিবলৈ কোৱা হৈছে।

       প্রশ্ন হ’ব পাৰে  মুছলিমসকলৰ  মাজত ইমান  বিভক্তি  ও দল-উপদল কিয় হৈছে? এই সম্পর্কে আল্লাহ  তা’লাই কৈছে,  ‘আল্লাহে ইচ্ছা কৰিলে তোমালোকক এক উম্মতভুক্ত কৰি দিলে হেঁতেন। কিন্তু তেওঁ তোমালোকক যি বিধান দিছে, তাৰবাবে পৰীক্ষা কৰাৰ  বাবে  তাক কৰা নাই। সেয়েহে  তোমালোকে সৎকর্মৰ প্রতিযোগিতা কৰা। আল্লাহৰ ফালেই তোমালোক প্রত্যাবর্তনৰ  স্থল। আৰু তোমালোকে কি  বিষয়ে মতভেদ কৰিছা সেই বিষয়ে তেওঁ তোমালোকক  জানাই দিব’ (মায়েদাহ -৪৮)*।

* উক্ত পৰীক্ষাত উত্তীর্ণ হবৰ  বাবে  আল্লাহৰ  ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে   ভবিষ্যবাণী কৰিছেযে, মোৰ  উম্মত ৭৩ দলেত বিভক্ত হ’ব। এটাৰ বাহিৰে সকলো  জাহান্নামত যাব। উক্ত জান্নাতী দলৰ পৰিচয় সম্পর্কে কৈছে, ‘মই আৰু মোৰ  ছাহাবীসকল যাৰ ওপৰত আছে তেওঁলোকৰ ওপৰত  যিসকল থাকিব’ (তিৰমিযী হা/২৬৪১)। অন্য বর্ণনাত আহিছে, সেইটো হ’ল, ‘জামা‘আত’ বা

ঐক্যবদ্ধ এটা  দল’ (আবুদাঊদ হা/৪৫৯৭)।

অন্য হাদীছত  ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে   কৈছে , ইছলামৰ সূচনা হৈছিল অলপ সংখ্যক মানুহৰ  মাধ্যমেৰে। পুনৰায়  ইছলাম অলপ সংখ্যক মানুহৰ  মাজলৈ  ঘূৰি  যাব।তাতেই  তেওঁলোকৰ বাবে আছে  জান্নাতৰ  ‘তুবা’ নামৰ গাছৰ সুসংবাদ। তেওঁলোক হ’ল , যি  মোৰ  মৃত্যুৰ পিছত মোৰ  ছুন্নাতক  সংস্কাৰ কৰিব, যেতিয়া মানুষহে  তাক নষ্ট কৰিব’ (মুছলিম হা/৩৮৯; আহমাদ হা/১৬৭৩৬; ছহীহাহ হা/১৯৮৫ ও ২৫১৪)। **
**উক্ত হাদীছবোৰত  ছিৰাতে  মুস্তাক্বীমৰ পথিকসকলৰ  তিনিটা  পৰিচয় ফুটি উঠিছে। আৰু  উক্ত বৈশিষ্ট্য সম্পন্ন জান্নাতী দল ক্বিয়ামত পর্যন্ত হক্বৰ উপৰত  বিজয়ী থাকিব। তেওঁলোকক   কোনেও  ক্ষতি কৰিব নোৱাৰিব (মুছলিম হা/৫০৫৯)।

            এতেকে আমি ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ   প্রদর্শিত সৰল সোজা জান্নাতী পথত  চলিব  লাগিব আৰু  হক্বপন্থীসকলৰ  অন্তর্ভুক্ত  হব লাগিব।  কাৰণ  হক্বপন্থী জামা‘আতৰ লগৰ অবস্থানক শৰী‘আতে অত্যধিক গুৰুত্ব দিছে (বুখাৰী হা/৭০৮৪; আহমাদ  হা/১৮৪৭২; ছহীহাহ  হা/৬৬৭)।

*                  *                     *                  *               *              *

        ১) ছালাফীঃ-  ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৰু তেখেতৰ ছাহাবী  তথা পূর্বসুৰীসকলৰ অনুসাৰী হিচাবে `ছালাফী’। (বুখাৰী  হা/৬২৮৬; মুছলিম  হা/৬৪৬৭; ফাতাওয়া আলবানী পৃ: ২)।
২) আহলুল হাদীছ বা   আছহাবুল হাদীছঃ-  ছাহাবায়ে কেৰাম কোৰআন মজিদ  ও হাদীছেৰ  ওপৰত  সুপ্রতিষ্ঠিত আছিল বাবেই  আহলেহাদীছ  বা আছহাবুল হাদীছ। আৰু কোৰআন আৰু  হাদীছ উভয়কে শৰী‘আতে হাদীছ বুলি কোৱা হৈছে (যুমাৰ ২৩; মুছলিম  হা/২০৪২, শু’আবুল ঈমান হা/১৭৪১)।

         ৩) আহলুছ ছুন্নাহ ওয়াল জামা‘আতঃ- ইয়াত দুই হাদীছত বর্ণিত দুটা গুণ একেলগে  যুক্ত হৈছে (মুক্বাদ্দামা মুছলিম   হা/২৭; আবুদাঊদ  হা/৪৫৯৭) ।

        ৪)আহলুল ইলমঃ- (বুখাৰী ২/১০৭৮ পৃঃ, হা/৭৩১২;  ছহীহাহ  হা/২৭০-ৰ  আলোচনা)।

ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছৰ পৰাই সকলো যুগৰ বৰেণ্য মুহাদ্দিছ ওলামায়ে কেৰাম হক্বপন্থীসকলক উক্ত নামেৰেই চিহ্নিত কৰি  উল্লেখিত কৰিছে।  বেলেগ আন কোনো   নামেৰে মতা হোৱা নাই।

         তাৰ বাদেও উক্ত নামবোৰ কোনো নির্দিষ্ট ব্যক্তি, গোষ্ঠী, জাতি, দল মাজহাব বা স্থান কেন্দ্রীক নহয়।  যিধৰণেৰে ভ্রান্ত ফের্কাসমূহক বিভিন্ন গোষ্ঠী ও ব্যক্তি কেন্দ্রীক সৃষ্টি হৈছে।  (বিস্তাৰিত দ্রঃ আলবানী, ছিলছীলা ছহীহাহ  হা/২৭০-ৰ আলোচনা)।

        আমাৰ  ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ   প্রদর্শিত সৰল সোজা জান্নাতী পথেদি চলিব লাগিব  আৰু হক্বপন্থীসকলৰ  অন্তর্ভুক্ত  হ’ব লাগিব।  কাৰণ  হক্বপন্থীসকলৰ  লগত থাকিলে শৰী‘আতে  তাত অত্যধিক  গুৰুত্ব দিছে (তাওবা ১১৯; বুখাৰী  হা/৭০৮৪; আহমাদ  হা/১৮৪৭২; ছহীহাহ  হা/৬৬৭)।

*                  *                *                *                     *                 *

         সদৌ শেষত আব্দুছ ছাত্তাৰ ভূঞা  চাহেবে তেখেতৰ প্রৱন্ধটিৰ শেষত উল্লেখ কৰা পাচঁটা ছালাতৰ বৈশিষ্ট-১] জুম্মাত ইমামে লাখুটি ব্যৱহাৰ কৰা ২] উচ্চস্বৰে আমিন কোৱা ৩] বুকুত হাত বন্ধা ৪] আঠ/বাৰ ৰাকাত তাৰাবীহ পঢ়া ৫] ফৰজ ছালাতৰ পিছত দলবদ্ধ মোনাজাত নকৰা আদিবোৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে হুকুম কৰাঃ “মোক যেনেকৈ ছালাত পঢ়া দেখিছা ঠিক তেনেকৈয়ে ছালাত পঢ়া”ৰ ছহী হাদিছৰ বিশুদ্ধ ছালাত, যাৰ বিষয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ কৈছেঃ-

             আব্দুল্লাহ ইবনু আমৰ ইবনে আাছৰ (ৰাজিয়াল্লাহুআনহু) পৰা বর্ণিতঃ এদিন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাতৰ প্রসঙ্গ উত্থাপনকৰি ক’লে, যি ব্যক্তিয়ে সঠিক নিয়ম ও সঠিক সময়ত ছালাত(নামাজ) আদায় কৰিব, ক্কিয়ামতৰ দিনা ছালাত তেওঁৰ বাবে ৰশ্মি, প্রমাণ ও মুক্তিৰ উপায় হ’ব। আৰু যি এনেদৰে ছালাত আদায় নকৰিব, ছালাত তেওঁৰ বাবে ৰশ্মি, প্রমাণ ও মুক্তিৰ উপায় নহ’ব। ক্কিয়ামতৰ দিনা তেওঁ কাৰুণ, ফেৰা’উন, হামান আৰু উবাই ইবনু খালফৰ লগত থাকিব।[আহমদ, হাদীছ ছহীহ, মিশকাত(বাং)-হা/৫৩১]।

          এইটোৱেই আমি আলোচনা কৰি অহা বিশুদ্ধ দল আৰু সেই দলটিয়েই তলত উল্লেখ কৰি আমাৰ প্রৱন্ধটি সামৰণি মাৰিলো।  ভূঞা  চাহেবৰ পৰা বহু নজনা কথা জানিবলৈ পোৱাৰ বাবে জাযাক আল্লাহু খাইৰান।
1]- দলটিৰ নামঃ ইছলাম (ছুৰা আল ইমৰাণ:১৯, ৮৫)।

2]- দলটিৰ ঈমামঃ আমাৰ নবী হযৰত মুহাম্মদ(দঃ) ।(ছুৰা নিসা:৫৯, ৮০ মুহাম্মদ:৩৩)।

3]- দলটিৰ পৰিচয়ঃ মুছলিম(ছুৰা হাজ্জ:৭৮,ছুৰা হা-মীম ছাজদাহ:৩৩)।

4]-দলটিৰ অনুসাৰী(follower)সকল: ছাহাবীসকল(ৰাঃ),তাবেঈ(ৰঃ),তাবেঈন(ৰঃ), ঈমাম(ৰঃ)সকল, ৪০০হিজৰী পর্যন্ত মুছলিমসকল আৰু আমি।

→আহক,আমি সকলোৱে তথাকথিত কোন মাধ্যম/ ঈমাম/পীৰ আদি বাদদি সকলোৱে এই প্রথম-দল/একক-দল/নবী(সঃ)য়ে  দেখুৱাই  দিয়া  দলৰ  অনুসৰণকাৰী  হওঁ, আল্লাহ তা’লাৰ হক্ আমল কৰো। ইন ছা আল্লাহ।আমীন ।……………………………………….সমাপ্ত………………………………….

 This article was published.sgis.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s