গোছল অধ্যায় -৫ ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬৯,২৭০,২৭১,২৭২,২৭৩.

গোছল অধ্যায় -৫
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬৯,২৭০,২৭১,২৭২,২৭৩.
———————————————————————————
২৬৯. ‘আলী ৰাজিয়াল্লাহুআনহুৰ পৰা বর্ণিত। তেওঁ কয়ঃ মোৰ অধিক বীর্য বাহিৰহৈ থাকে। নাবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কন্যা মোৰ স্ত্রী হোৱাৰ কাৰণে মই এজনক নাবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ এই বিষয়ে সুধিবৰ বাবে পঠিয়ালো। তেওঁ প্রশ্ন কৰাত নাবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক’লেঃ ওযূ কৰা আৰু লজ্জাস্থান ধুই পেলোৱা। (১৩২) (আধুনিক প্রকাশনীঃ ২৬২, ইসলামী ফাউন্ডেশনঃ ২৬৭)।
 
২৭০. মুহাম্মাদ ইবনু মুনতাশিৰ ৰহমাতুল্লাহে তেওঁৰ পিতাৰ পৰা বর্ণিত কৰিছে। মই ‘আয়িশাহ ৰাজিয়াল্লাহুআনহাক সুধিলো আৰু ‘আবদুল্লাহ্ ইবনু ‘উমাৰ ৰাজিয়াল্লাহুআনহুৰ উক্তি উল্লেখ কৰিলো,- ‘‘মই এনে অবস্থাত ইহৰাম বঁন্ধা পছন্দ নকৰো যাতে পুৱা মোৰ দেহৰ পৰা সুগন্ধি বিয়পি পৰে।’’ ‘আয়িশাহ ৰাজিয়াল্লাহুআনহাই ক’লেঃ মই আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুগন্ধি লগাইছিলো, তাৰপিছত তেওঁ পর্যায়ক্রমে তেওঁৰ স্ত্রীসকলৰ লগত মিলিত হৈছিল আৰু তেওঁৰ ইহৰাম অবস্থাতে ৰাতিপুৱাইছিল। (২৬৭) (আধুনিক প্রকাশনীঃ ২৬৩, ইসলামী ফাউন্ডেশনঃ ২৬৮)।
 
২৭১. ‘আয়িশাহ ৰাজিয়াল্লাহুআনহাৰ পৰা বর্ণিত। তেওঁ কৈছিলঃ মই যেন এতিয়াও দেখছো, নাবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইহৰাম অবস্থাত তেওঁৰ গাত সুগন্ধিৰ ঔজ্জ্বল্তা আছিল। (১৫৩৮, ৫৯১৮, ৫৯২৩; মুসলিম ১৫/৭, হাঃ ১১৯০, আহমাদ ২৫৮৩৩) (আধুনিক প্রকাশনীঃ ২৬৪, ইসলামী ফাউন্ডেশনঃ ২৬৯)।
 
২৭২. ‘আয়িশাহ ৰাজিয়াল্লাহুআনহাৰ পৰা বর্ণিত। তেওঁ কৈছিলঃ আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া জানাবাতৰ(seminal discharge) গোসল কৰিছিল, তেতিয়া তেওঁ দুইহাত ধুই লৈছিল আৰু সালাতৰ ওযূৰদৰে ওযু কৰিছিল। তাৰপিছত গোসল কৰিছিল। পিছত নিজ হাতেৰে চুলি খিলাল কৰিছিল। গাৰ চামৰা যেতিয়া ভিজিছে বুলি তেওঁ নিশ্চিত হৈছিল, তেতিয়া তাত তিনিবাৰ পানী ঢালিছিল। তাৰপিছত গোটেই শৰীৰ ধুই পেলাইছল। (২৪৮) (আধুনিক প্রকাশনীঃ ২৬৫, ইসলামী ফাউন্ডেশনঃ ২৭০)।
 
২৭৩. ‘আয়িশাহ ৰাজিয়াল্লাহুআনহাই আৰু কৈছিলঃ মই আৰু আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে একেটা পাত্রৰ পৰাই গোসল কৰিছিলো। আমি একেলগে তাৰপৰা আজল ভৰা পানী লৈছিলো। (২৫০) (আধুনিক প্রকাশনীঃ ২৬৫ শেষাংশ, ইসলামী ফাউন্ডেশনঃ ২৭০)।
————————————————————————–
-অনুবাদঃ চৈয়দ ছ’গুদ ইছলাম, গুৱাহাটী-১৩/১০/২০১৬ [২৬৯-২৭৩]
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s