গোছল অধ্যায় -৫ ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬৬, ২৬৭,২৬৮

-অনুবাদঃ চৈয়দ ছ’গুদ ইছলাম, গুৱাহাটী-১২/১০/২০১৬ [২৬৬,২৬৭,২৬৮]
গোছল অধ্যায় -৫
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬৬, ২৬৭,২৬৮।
—————————————————————————————
২৬৬. মাইমূনাহ বিনতু হাৰিছৰ(ৰাজিয়াল্লাহুআনহু) পৰা বর্ণিত, তেওঁ কৈছিলঃ মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে পানী ৰাখি আঁৰ কৰি দিলো। তেওঁ পানীলৈ দুবাৰ অথবা তিনিবাৰ হাত ধুলে। ছুলায়মানে (ৰাজিয়াল্লাহুআনহু) কৈছে, তৃতীয়বাৰৰ কথা ক’লে নে নাই মনত পৰা নাই। তেতিয়া তেওঁ সোঁহাতত পানীলৈ বাওঁ হাতত ঢালিলে আৰু লজ্জাস্থান ধুলে। পিছত নিজ হাত মাটিত ঘহিঁলে। তাৰ পিছত তিনিবাৰ কুলকুলি কৰিলে, নাকত পানী মাৰিলে আৰু মুখমণ্ডল ও দুইহাত ধুলে আৰু মূৰ ধুই তেওঁৰ গোটেই শৰীৰত পানী ঢালি দিলে। পিছত সেই স্থানৰ পৰা আতঁৰিগৈ দুই ভৰি ধুলে ললে। অবশেষত মই ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক এখন কাপোৰ দিলো ; কিন্তু তেওঁ হাতেৰে ইশাৰা কৰি নিষেধ কৰিলে আৰু তাক নললে।(২৪৯) (আধুনিক প্রকাশনীঃ ২৫৮, ইসলামী ফাউন্ডেছনঃ ২৬৪) ।
 
২৬৭. মুহাম্মাদ ইবনু মুনতাশিৰে (ৰহঃ) তেওঁৰ পিতাৰ পৰা বর্ণিত কৰিছে।তেওঁ কৈছিল আমি ‘আয়িশাহ ৰাজিয়াল্লাহু আনহা ওচৰত [‘আবদুল্লাহ্ ইবনু ‘উমাৰ ৰাজিয়াল্লাহু আনহুৰ উক্তিটি] উল্লেখ কৰিলো। তেওঁ ক’লে, আল্লাহ্ আবূ ‘আবদুৰ ৰহমানক ৰহম কৰক। আমি আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুগন্ধি লাগালো, তাৰপিছত তেওঁ নিজ স্ত্রীৰ লগত মিলিত হ’ল। তাৰপিছত ৰাতিপুৱা এনে অবস্থাতেই ইহৰাম বাঁন্ধিলেযে, তেওৰ দহৰ পৰা সুগন্ধি বিয়পি পৰিছল। (২৭০; মুসলিম ১৫/৭, হাঃ ১১৯২) (আধুনিক প্রকাশনীঃ ২৬০, ইসলামী ফাউন্ডেশনঃ ২৬৫)
 
২৬৮. আনাস ইবনু মালিক (ৰাজিয়াল্লাহু আনহুৰ) পৰা বর্ণিত। তেওঁ কৈছিল নাবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ স্ত্রীসকলৰ ওচৰলৈ দিনৰ বা ৰাতিৰ কোনো এক সময়ত পর্যায়ক্রমে মিলিত হৈছিল। তেওঁলোক আছিল এঘাৰগৰাকী। বর্ণনাকাৰীয়ে কয়, মই আনাসক (ৰাজিয়াল্লাহু আনহুৰ) সুধিছিলো, তেওঁৰ কি ইমান শক্তি আছিলনে? তেওঁ ক’লে, আমি পৰস্পৰ মাজত কথাবৰা হৈছিলোযে, তেওঁক ত্রিশজনৰ শক্তি দিয়া হৈছে। সা‘ঈদ (ৰহঃ) ক্বাতাদাহৰ (ৰহঃ) পৰা বর্ণনা কৰিছে, আনাসে (ৰাজিয়াল্লাহু আনহুৰ) তেওঁৰ ওচৰত হাদীস বর্ণনা প্রসঙ্গত এঘাৰজনৰ ঠাইত নজগৰাকী স্ত্রীৰ কথা কৈছিল। (২৮৪, ৫০৬৮, ৫২১৫ দ্রষ্টব্য) (আধুনিক প্রকাশনীঃ ২৬১, ইসলামী ফাউন্ডেশনঃ ২৬৬
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s