ছহীহ হাদীছৰ সূত্র

#ছহীহ হাদীছ:-

মুহাদ্দিছসকলৰ পৰিভাষাত যিবোৰ হাদীছৰ মাজত ৫ টা চর্ত পূৰণ হৈছে তাকে ছহীহ হাদীছ বা বিশুদ্ধ হাদীছ বোলে। চর্ত ৫ টা হ’ল-

১) হাদীছৰ সকলো বর্ণনাকাৰী বা ৰাবী পৰিপূর্ণ সৎ আৰু বিশ্বস্ত বুলি প্রমাণিত। ইয়াক ‘আদালত’ বোলে।

২) সকলো ৰাবীৰ ‘নির্ভুল বর্ণনা ক্ষমতা’ পূর্ণৰূপে বিদ্যমান বুলি প্রমাণিত। ইয়াক ‘যাবতা’ বোলে।

৩) চনদৰ প্রত্যেক ৰাবীয়ে তেওঁৰ ঊর্ধ্বতন ৰাবীৰ পৰা নিজ কাণে হাদীটো শুনিছে বুলি প্রমাণিত। ইয়াক ‘ইত্তিচাল’ বোলে।

৪) হাদীছটো অন্যান্য প্রমাণিত হাদীছৰ বর্ণনাৰ বিপৰীত নহয় বুলি প্রমাণিত। ইয়াক ‘শুযুয মুক্তি’ বোলে।

৫) হাদীছটোৰ মাজত সূক্ষ্ম কোনো চনদগত বা অর্থগত ত্রুটি নাই বুলি প্রমাণিত। ইয়াক
‘ইল্লাত মুক্তি’ বোলে।

#হাচান হাদীছ:-

মুহাদ্দিছসকলৰ পৰিভাষাত যিবোৰ হাদীছত ছহীহ হাদীছৰ ৫ টা চর্ত বিদ্যমান, কিন্তু দ্বিতীয় চর্ত অর্থাৎ ‘যাবতা’ বা হাদীছ বর্ণনাকাৰীৰ ‘নির্ভুল বর্ণনা ক্ষমতা’ অলপ দুর্বল বুলি বুজা যায়, সেই হাদীছক হাচান হাদীছ বা গ্রহণযোগ্য হাদীছ বোলা হয়। অর্থাৎ যদি চনদত উল্লেখিত কোনো এজন ৰাবীৰ বর্ণিত হাদীছৰ মাজত কিছু অনিচ্ছাকৃত ভুল-ত্রুটি লক্ষ্য কৰা যায়, তেনেহ’লে এনে ধৰণৰ ৰাবীৰ বর্ণিত হাদীছ ‘হাচান হাদীছ’ বুলি গণ্য।

ফিকহবিদসকলে সাধাৰণতে ছহীহ আৰু হাচান হাদীছৰ ভিত্তিতে শ্বৰীয়তৰ বিধান নির্ধাৰণ কৰে।

#জঈফ বা দুর্বল হাদীছ:-

যি হাদীছৰ মাজত হাচান হাদীছৰ চর্তবিলাক অবিদ্যমান দেখা যায়, মুহাদ্দিছসকলৰ পৰিভাষাত তাকে যঈফ হাদীছ বোলে। অর্থাৎ,

১- ৰাবীৰ বিশ্বস্ততাৰ অভাৱ, বা
২- তেওঁৰ বিশুদ্ধ হাদীছ বর্ণনা বা স্মৃতিৰ অভাৱ, বা
৩- চনদৰ মাজত কোনো এজন ৰাবীয়ে তেওঁৰ ঊর্ধ্বতন ৰাবীৰ পৰা পোনপটীয়াকৈ আৰু নিজ কাণেৰে শুনা নাই বুলি প্রমাণিত হোৱা বা দৃঢ় সন্দেহ হোৱা, বা
৪- অন্যান্য প্রমাণিত হাদীছৰ সৈতে সাংঘর্ষিক হোৱা, অথবা
৫- সূক্ষ্ম কোনো চনদগত বা অর্থগত ত্রুটি থকা;
ইত্যাদি যিকোনো এটা বিষয় কোনো হাদীছৰ মাজত থাকিলে হাদীছটো জঈফ বুলি গণ্য হয়। কোনো হাদীছক ‘জঈফ’ বুলি গণ্য কৰাৰ অর্থ হ’ল, হাদীছটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা নহয় বুলিয়েই প্রতীয়মান হয়।

#মাউযু হাদীছ বা বানোয়াট হাদীছ:-

যি হাদীছৰ ৰাবীয়ে জীৱনত কেতিয়াবা ইচ্ছাকৃতভাৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিছা কথা সজাই সমাজত প্রচাৰ কৰিছে অথবা, ইচ্ছাকৃতভাৱে হাদীছৰ সূত্র (চনদ) বা মূল বাক্যৰ মাজত কম-বেছি কৰিছে বুলি প্রমাণিত হৈছে, তেওঁৰ বর্ণিত হাদীছক বানোয়াট বা মাউযু হাদীছ বোলে। এনেকুৱা ব্যক্তিৰ বর্ণিত হাদীছ গ্রহণযোগ্য নহয়।

#গৰীব হাদীছ:-

যি ছহীহ হাদীছ কোনো যুগত মাত্র এজন ৰাবীয়ে বর্ণনা কৰিছে তাকে গৰীব হাদীছ বোলা হয়।

* মাৰফু, মাওকুফ আৰু মাকতু হাদীছ সম্পর্কে আৰু বিস্তাৰিত জানিবলৈ এই প্রৱন্ধটি পঢ়ক- হাদীছৰ বহুকেইটা পৰিভাষা

http://www.quraneralo.com/common-hadith-terminologies/

হাদীছ বিষয়ক কিছু পৰিভাষাৰ সৰল সংজ্ঞা

#JBR

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s