যিসকলে কয় মাযহাব মানা ফৰজ তেওঁলোকৰ ওচৰত আমাৰ প্রশ্ন?

যিসকলে কয় মাযহাব মানা ফৰজ তেওঁলোকৰ ওচৰত আমাৰ প্রশ্ন?===========================
১। মাযহাব কাক বোলে?
২। মাযহাবৰ শাব্দিক অর্থ কি?
৩।প্রচলিত চাৰি মাযহাব মানাটো ফৰয নেকি?
৪। যদি ফৰয হয় তেনেহ’লে এই ফৰযটি কোনে উদ্ভাৱন কৰিলে?
৫। এইটো সকলোৰে কাৰণে নেকি?
৬। নে কিছুমান লোকৰ কাৰণে?
৭। যিসকলে চাৰি মাযহাব নামানে, তেওঁলোক মুছলিম নহয নেকি?
৮। হানাফী, শ্বাফিয়ী, মালিকী হাম্বলী এই চাৰি মাযহাব কেতিয়া সৃষ্টি হৈছিল?
৯। কোনে সৃষ্টি কৰিছিল?
১০। কিয় কৰিছিল?
১১। এইটো কৰা আৰু মানাৰ কাৰণে আল্লাহ আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নির্দেশ আছে নেকি?
১২। যিসকলৰ নামত মাযহাব সৃষ্টি কৰা হৈছে তেওঁলোকে এই মাযহাববোৰ বনাবলৈ কৈছিল নেকি?
১৩। ৰাছুল্লাহ চাল্লাল্লাহ আলাইহি ৱাছাল্লামৰ চাহাবীসকলৰ মাযহাব কি আছিল?
১৪। সেইটো এতিয়াও প্রচলিত আছে নেকি? নে বন্ধ হৈ গেছে?
১৫। বন্ধ হ’লে কোনে বন্ধ কৰিলে?
১৬। কিয় বন্ধ কৰিলে?
১৭। বন্ধ কৰাৰ অধিকাৰ কোনে দিলে?
১৮। আৰু যদি বন্ধ হোৱা নাই, তেনেহ’লে অন্যৰ নামত মাযহাব সৃষ্টি কৰাৰ প্রয়োজন কি?
১৯। চাৰি মাযহাব মানা যদি ফৰযেই হয় যিসকলে চাৰি মাযহাব নামানে অথবা চাৰি মাযহাব সৃষ্টি হোৱাৰ আগতে যিসকলে মৃত্যুবৰণ কৰিছে তেওঁলোকৰ কি হব?
২০। (নাউযুবিল্লাহ) তেওঁলোক দোযখী হব নেকি?
২১। ইমাম চাৰিজনৰ মাযহাব কি আছিল?
২২। তেওঁলোকৰ পিতা-মাতা, ওস্তাদসকল আৰু পূর্বপুৰুষসকলে কি মাযহাব মানি চলিছিল?
২৩। সেই মাযহাব এতিয়া মানা যায় নে?
২৪। ঈমানদাৰী আৰু কুৰআন হাদীছৰ বিদ্যাত চাৰি ইমাম শ্রেষ্ঠ আছিল নে চাৰি খলীফা?
২৫। যদি খলীফাসকল শ্রেষ্ঠ আছিল তেনেহ’লে তেওঁলোকৰ নামত মাযহাব কিয় নহ’ল?
২৬। তেওঁলোক ইমামসকলতকৈ কম জ্ঞানী বা অযোগ্য আছিল নেকি?
২৭। নবীৰ নামত কালিমা পঢ়িব, ইমামসকলৰ নামত মাযহাব মানিব আৰু পীৰ-ফকিসকলৰ তৰীকামতে চলিব এই নির্দেশ কুৰআন হাদীছৰ ক’ত আছে?
২৮। আল্লাহৰ নবীৰ মাযহাব বা তৰীকা নাই নেকি?
২৯। সেই মাযহাব বা তৰীকা যথেষ্ট নহয় নেকি?
৩০। নবীৰ প্রতি ইছলাম পৰিপূর্ণ কৰা হোৱা নাই নেকি?
৩১। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম কামিল নবী নহয় নেকি?
৩২। ইছলাম যদি পৰপূৰ্ণ আৰু নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম যদি কামিল হয় তেনেহ’লে আন কাৰোবাৰ মত ও পথ মান্য কৰাৰ অৱকাশ ক’ত?
৩৩। যিসকলে পৰিপূর্ণ ইছলাম আৰু কামিল নবীক অসম্পূর্ণ বুলি প্রমাণ কৰি আন কাৰোবাৰ দ্বাৰা তাক পূর্ণ কৰাৰ সপোন দেখিছে, তেওঁলোকে কুৰআন আৰু হাদীছৰ বিৰোধিতা কৰা নাই নে?
৩৪। যি দলটোৱে মুক্তি পাব বুলি নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে সুস্পষ্টভাৱে ঘোষণা কৰিছে- সেই নাযাতপ্রাপ্ত দল চাৰি মাযহাবৰ কোনটো?
৩৫। বেহেস্তৰ পথ বা চিৰাতুল মুস্তাকীম বুজাবৰ কাৰণে নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এডাল সৰল ৰেখা অঙ্কন কৰি ক’লে, এইটো আল্লাহৰ পথ। তোমালোকে ইয়াৰ অনুসৰণ কৰা। তাৰ পিছত সেই সৰল ৰেখাডালৰ সোঁ-ফালে আৰু বাওঁ-ফালে কেইডালমান ৰেখা আঁকিলে আৰু ক’লে, এই পথবিলাকৰ প্রত্যেকটোত এজনকৈ শ্বয়তান আছে। সিহঁতে নিজ নিজ পথৰ ফালে মাতিছে। তোমালোকে সেই পথবিলাকৰ অনুসৰণ নকৰিবা। যদি কৰা, তেনেহ’লে সিহঁতে তোমালোকক সৰল পথৰ পৰা বিভ্রান্ত কৰি পেলাব-(মিশকাত)।এই হাদীছ অনুযায়ী ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পথ চিৰাতুল মুস্তাকীম ব্যতীত অন্য পথসমূহ শ্বয়তানৰ পথ নহয়নে?
৩৬। কালিমা পঢ়া হয় নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত, কবৰত ৰখা হয় নবী চাল্লাল্লাহ আলাইহি ৱাছাল্লামৰ তৰীকাত, কবৰত প্ৰশ্ন কৰা হব নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা, হাশ্বৰৰ ময়দানতো নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামেই শ্বাফায়াত কৰিব- সেই মহান নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ তৰীকা বাদ দি আন কাৰোবাৰ তৰীকা মানিলে নাজাত পোৱা যাব নে?
৩৭। মুছলিমসকলৰ আল্লাহ এক, নবী এক, কুৰআন এক, কিবলা এক আৰু এটাই তেওঁলোকৰ ধর্ম-কর্ম¸ ৰীতি-নীতি। তেওঁলোকৰ মুক্তি আৰু কল্যাণৰ পথ হৈছে মাত্র এটাই। যিটো ইছলাম, চিৰাতে মুস্তাকীম বা তৰীকায়ে মুহাম্মাদী। মাযহাব অর্থ চলাৰ পথ। এয়াই সঠিক অর্থ। কিন্তু মাযহাবীসকলৰ মতে মাযহাব অর্থ মত ও পথ। এই অর্থত দুনিয়াত যিমান মত আৰু পথ আছে সকলোৱেই মাযহাব। তেওঁলোকে কয়, ইমাম আবু হানিফাৰ মত ও পথ হানাফী মাযহাব। ইমাম মালিকৰ মত ও পথ মালিকী মাযহাব। ইমাম শ্বাফিয়ীৰ মত ও পথ শ্বাফিয়ী মাযহাব। ইমাম হাম্বলৰ মত ও পথ হাম্বলী মাযহাব। তেনেহ’লে নবী মুহাম্মাদুৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মত ও পথ মুহাম্মাদী মাযহাব নহয় নেকি? আৰু সকলোৰে মত ও পথতকৈ নবী মুহাম্মাদুৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মত ও পথ যে অতি উত্তম আৰু উৎকৃষ্ট মত ও পথ, এই কথা কোনো মুছলিমকে কব লগা নহয়। কাজেই সকলোৰে মত ও পথ পৰিহাৰ আৰু পৰিবর্জন কৰি পথ-দিসাৰী মহানবী চল্লাল্লাহ আলাইহি ৱাছাল্লামৰ মহা পবিত্র মত আৰু পথতেই আমি চলিব লাগিব। অন্য কাৰো মত আৰু পথত চলাৰ কাৰণে নির্দেশ নাই। যিসকল ইমামৰ নামত তেওঁলোকৰ ভক্তসকলে মাযহাব বনাইছে, সেইসকল ইমামৰ জন্মৰ আগতে মাযহাব নাছিল, তেওঁলোকৰ যামানাত মাযহাব নাছিল মাযহাব হৈছে তেওঁলোকৰ মৃত্যুৰ বহুবছৰ পিছত।
(১) #ইমাম আবু হানিফাৰ (ৰহঃ) জন্ম ৮০ হিজৰীত, তেওঁ ইন্তেকাল কৰে ১৫০ হিজৰীত।
(২) #ইমাম মালিকৰ (ৰহঃ )জন্ম ৯০ হিজৰীত, তেওঁ ইন্তেকাল কৰে ১৭৯ হিজৰীত।
(৩) #ইমাম শ্বাফিয়ীৰ (ৰহঃ) জন্ম ১৫০ হিজৰীত, তেওঁ ইন্তেকাল কৰে ২০৪ হিজৰীত।
(৪) #ইমাম আহমাদ বিন হাম্বলৰ (ৰহঃ) জন্ম ১৬৪ হিজৰীত, তেওঁ ইন্তেকাল কৰে ২৪১ হিজৰীত।
যিদিনা ইমাম আবু হানিফাৰ মৃত্যু হয় সেইদিনা ইমাম শ্বাফিয়ীৰ জন্ম হয়। এই দুই জনৰ পৰস্পৰ কাৰো সৈতে দেখা সাক্ষাত হোৱা নাই। মাযহাবৰ সৃষ্টি হৈছে ৪০০ হিজৰীত। ইমাম আবু হানিফাৰ মৃত্যুৰ ২৫০ বছৰ পিছত। এই মাযহাব মুছলিমসকলৰ কাৰণে কেনেকৈ ফৰয হয়? সুধি সমাজক বুজিবৰ কাৰণে অনুৰোধ কৰিছোঁ। চাৰি ইমামৰ জন্মৰ পূর্বেও ইছলাম আছিল, মুছলিম আছিল। তেতিয়া তেওঁলোকক কৰো মত আৰু পথৰ দৰকাৰ হোৱা নাছিল, এতিয়াও দৰকাৰ নাই। তেতিয়াও মুছলিমসকলৰ ওচৰত কুৰআন হাদীছ আছিল, এতিয়াও আছে। কাজেই কুৰআন আৰু ছহীহ হাদীছেই যথেষ্ট। কাৰো ব্যক্তিগত পথত চলাৰ নির্দেশ নাই। কোনেও ভুলৰ উর্ধ্বত নহয়। গতিকে নিৰ্ভুল কুৰআন আৰু হাদীছেই মুছলিমসকলে মানি চলিব লাগিব। চাৰি মাযহাবৰ কোনো এটাও মানি চলাৰ কাৰণে আল্লাহ আৰু ৰাছুলৰ নির্দেশ নাই। আল্লাহে কৈছে,
“হে বিশ্বাসকাৰীসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা”। [ নিচা ৫৯,ইমৰান ১৩২ সহ ২০টাৰো অধিক আয়ত] আল্লাহে আৰু কৈছে,
“আৰু তোমালোকে আল্লাহৰ ৰজ্জুক সুদৃঢ় হাতেৰে ধাৰণ কৰা; পৰস্পৰ বিচ্ছিন্ন নহবা”। [ইমৰান ১০৩] আল্লাহে আৰু কৈছে,
(প্রতিষ্ঠিত হৈ যোৱা এই কথাৰ ওপৰত ) “আল্লাহৰ অভিমুখী হৈ আৰু তেওঁক ভয় কৰা, আৰু নামাজ কায়িম কৰা আৰু এনেকুৱা মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহবা, যিসকলে নিজে পৃথক পৃথক দ্বীন তৈয়াৰ কৰি লৈছে আৰু বিভিন্ন দলত বিভক্ত হৈ গৈছে ৷ প্রত্যেক দলৰ ওচৰত যি আছে তাতেই সিহঁত মচগুল আছে”।
(ছুৰা ৰূম৩১,৩২)

[translated from bangla by JR]

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s