ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মজহাব কি আছিল?

এটি গুৰুত্বপূৰ্ণ বিষয় চিন্তা-চৰ্চাৰ বাবে আপোনালোকলৈ আগবঢ়ালোঁ। আশাকৰোঁ শীতল মগজুৰে গভীৰভাবে চিন্তা কৰি সঠিক সিদ্ধান্ত লব। আমি জানো যে আজি মুছলিম সমাজ মুখ্যত পাঁচ ভাগত বিভক্ত হৈ আছে। তাৰে চাৰিটা ভাগ চাৰিজন ইমামৰ নামত চলি আছে যেনে – হানাফী, শ্বাফী, মালিকী আৰু হাম্বলী। এই চাৰি ভাগক চাৰি মযহব বুলি কোৱা হয়। ইয়াৰ উপৰি আন এটা ভাগ আছে যি সকলে এই চাৰি ইমামৰ মযহবক মান্যতা নিদি প্ৰত্যক্ষভাৱে কোৰআন আৰু ছহীহ হাদীছক মানি চলে। এইসকলক কিছুমানে গাইৰ মোকাল্লীদ¸ লা-মযহবী¸ ওৱাহাবী¸ আহলে হাদীছ আদি আখ্যা দিয়ে। এইসকলক এচামে গুমৰাহ বা বাতিল ফিৰকা বুলি সমাজত অপ-প্ৰচাৰ চলাই আহিছে। আচলতে গোটেইখিনি কথা পঢ়িলে গম পাব এওঁলোক বাতিল ফিৰকা বা গুমৰাহ হয় নে নহয়। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈ গৈছে, ইছলামত তেসত্তৰটি ভাগ বা দল হব, তাৰে এটি দল হে জান্নাতত যাব বাকী সকলো দল জাহান্নামত যাব। সেই জান্নাতি দলটি হ’ল ৰছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু চাহাবী ৰাদ্বিয়াল্লাহু আনহুমে যি তৰিকাত চলিছিল সেই তৰিকাৰ দলটি। গতকে আমি প্ৰকৃত ইছলাম বা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু চাহাবী ৰাদ্বিয়াল্লাহু আনহুমৰ তৰিকা পাবলৈ হ’লে কোৰআন হাদীছ অধ্যয়ন কৰি আগুৱাৰ বাহিৰে অন্য কোনো শুদ্ধ পথ আছেনে? আমি কেতিয়াবা ভাৱি চাইছোঁনে যে আমি যি দল বা ভাগত আছোঁ সেয়া প্ৰকৃততে ৰছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈ যোৱা জান্নাতী দলটিৰ ভিতৰত পৰেনে? হানাফী, শ্বাফী, মালিকী আৰু হাম্বলী এই চাৰিটা ভাগত ইছলামক ভাগ কৰিবলৈ কোৰআন হাদীছে অনুমোদন দিছেনে? তাৰোপৰি আমাৰ মাজত চলি থকা পীৰ-মাজাৰৰ তৰিকা যিবিলাকে ইছলামক পুনৰাই খণ্ড-বিখণ্ড কৰিছে সেইবোৰ কিমান যুক্তি সঙ্গত?

কোৰআনত আল্লাহে কৈছে “হে ঈমানদাৰ সকল তোমালোকে সকলোৱে মিলি আল্লাহৰ হিদায়াতৰ ৰছী ডালত (অৰ্থাত ইচলামত) দৃঢ়তাৰে খামুচী ধৰা আৰু তোমালোক দলা দলি নহবা” (4:103)

“যিসকলে নিজৰ ধৰ্মক খণ্ড খণ্ড কৰিছে আৰু দলে দলে (মযহব,তৰিকা আদিত) বিভক্ত হৈছে সিহতৰ লগত তোমাৰ কোনো সম্বন্ধ নাই । সিহতৰ কাম আল্লাহৰ লগত সিহতে যি কৰিছিল তাৰ সত্যতা তেওঁ অবশেষত সিহতক জনাব” । (6:159)

“হে মানব তোমালোকৰ প্ৰভুৱে তোমালোকৰ প্ৰতি যি অৱতিৰ্ণ কৰিছে সেয়া মানি চলা । আল্লাহক পৰিত্যাগ কৰি অলি আউলিয়াক অনুসৰণ নকৰিবা । কিন্তু তোমালোকে খুব কমহে উপদেশ মানা” (7:3)

“হে মোহাম্মদ কোৱা তোমালোকে যদি প্ৰকৃততে আল্লাহক ভাল পোৱা, তেনেহলে মোকহে অনুসৰণ কৰা” (3:31)

কোৰআনৰ ওপৰোক্ত বাণীসমুহে আমাক মযহব বা ফিৰকাত ভাগ হ’বলৈ কৈছেনে এক ইছলাম এক আদৰ্শক মানি চলিবলৈ কৈছে। বিভিন্ন ফিৰকাহৰ ওপৰত ভিত্তি কৰি আমাৰ মাজত নিজকে হানাফি, শ্বাফী, মালিকী, হাম্বলি বুলি পৰিচয় দি নিজেই যদি বিভক্ত হৈ যাওঁ তেন্তে কোৰআনৰ ওপৰোক্ত আয়াত অনুসৰি ইছলামক ভাগ ভাগ কৰাৰ কাৰণে গুমৰাহী নহমনে? যি সকলক ছুৰা ৰোমৰ ৩১-৩২ নম্বৰ আয়াতত মুছৰিক বুলি আল্লাহে কৈছে ।

গতিকে এনে গুৰুত্বপূৰ্ণ বিষয় এটাৰ প্ৰতি আওকাণ কৰি কোনোবা পীৰ, বুজুৰ্গ, ইমামক অন্ধভাৱে অনুসৰণ কৰি চলো কিয়ামতৰ দিনা আমাৰ কি দশা হ’ব তলত দিয়া কোৰআনৰ আয়াতৰ পৰা জানি লওঁ আহক-

“হে আমাৰ প্ৰভু, আমি আমাৰ নেতা আৰু ডাঙৰ সকলৰ আনুগত্য কৰিছিলো আৰু সিহতে আমাক পথভ্ৰষ্ট কৰিলে । হে আমাৰ প্ৰভু সিহতক দুগুণ শাস্তি দিয়া”(33:64-68)

যিসকলে কিয়ামত, শেষ বিচাৰ, জান্নাত জাহান্নাম সম্বন্ধে বিশ্বাস কৰে তেওঁলোকে কোৰআন হাদীছ অধ্যয়ন কৰি সত্যতা নিৰূপন নকৰাকৈ কাৰোঁ কথাক নিশ্চিত শুদ্ধ বুলি ধৰি লোৱা উচিত নহয় । কিয়নো কিয়ামতৰ দিনা প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মফলৰ বাবে জবাবদিহী হব লাগিব। কোনো পীৰ-ওস্তাদৰ হাৱালা দি বাচিব পৰা নাযাব। কোৰআনৰ বহু ঠাইত আল্লাহে কৈছে (আতিউল্লাহ ওৱা আতিউৰ ৰাছূল) অৰ্থাৎ আল্লাহৰ বাণী কোৰআন আৰু ৰাছূলৰ আদৰ্শ হাদীছক মানিবলৈ কৈছে। ইয়াৰ পৰিৱৰ্তে আল্লাহে আতিউল ইমাম, আতিউল পীৰ, আতিউল বুজুৰ্গ কোৱা নাই। অৱশ্যে জ্ঞানী সকলৰ লগত আলোচনা কৰিবলৈও পৰামৰ্শ দিছে ইয়াৰ অৰ্থ এইটো নহয় যে কোনো ইমামক, কোনো পীৰক তকলীদ বা অন্ধ অনুসৰণ কৰিব লাগিব। কোৰআন হাদীছৰ ক’তো মযহবৰ কথা কোৱা নাই। সন্মানীয় চাৰি ইমামৰ কোনোৱে কোৱা নাছিল তেওঁলোকৰ ফিকাহটোক মনাটো ফৰজ। ইমাম সকলৰ নামত মযহব সৃষ্টি হৈছল তেখেতসকলৰ মৃত্যুৰ প্ৰায় চাৰিশ বছৰ পিছত। উক্ত ইমাম কেইজনৰ কোনোজনে জনা নাছিল যে তেওঁলোকৰ নামত মযহব সৃষ্টি হব। আনহাতে সন্মানীয় ইমাম কেইজনে উপদেশ দি গৈছে যে যদি তেওঁলোকৰ নিয়মবোৰৰ বিপৰীতে কোৰআনৰ আয়াত বা হাদীছ পোৱা যায় তেনেহ’লে লগে লগে তেখেতৰ মতটোক বিসৰ্জন দি সেই কোৰআন আৰু হাদীছক মানিবলৈ। তেনেস্থলত শ শ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিও কিয় আমি কোৰআন হাদীছৰ পৰিৱৰ্তে সেই ইমামসকলক অন্ধভাৱে তকলীদ কৰিবলগীয়া হৈছে?

যদি কোনোবাই কব খোজে মযহব মানা ফৰজ তেন্তে বিতৰ্ক নকৰি আমাৰ এই কেইটা প্ৰশ্নৰ দলিলসহ উত্তৰ দিয়ক –

১. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মজহাব কি আছিল?
২. চাহাবাসকলৰ মজহাব কি আছিল?
৩. মজহাব মানা যদি ফৰজ তেন্তে চাৰি মজহাব সৃষ্টি হোৱাৰ আগত মৃত্যু বৰণ কৰা লোকসকলৰ কি হব?
৪. ইমাম কেইজনৰ মজহাব কি আছিল?
৫. ৰছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দিনত ইছলাম পৰিপূৰ্ণ হোৱা নাছিল নেকি? যদি মোকাম্মল হৈছিল পিচত এই ফৰজৰ উদ্ভাৱন কিয় হল ?
৫. মজহাব মানাতো যদি ফৰজ তেন্তে কোৰআন হাদীছৰ ক’ত এই কথা লিখা আছে?

মানৱ জীৱন আল্লাহে আমাক এবাৰহে দিছে, এই জীৱন অতি দুৰ্লভ। যদি আমাৰ আক্কীদা, আমলসমুহ কোৰআন হাদীছ অনুসৰি নহয়, কোনো ভুল বাতিল আক্কীদাৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে নিশ্চিতভাৱেই কিয়ামতৰ দিনা আমি লোকচান তথা ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব লাগিব। তেতিয়া আমি অন্ধ অনুসৰণ কৰা পীৰ, বুজুৰ্গ, কোনো ইমামে আমাক বচাব নোৱাৰিব। আনকি সেইদিনা তেওঁলোকৰ কি দশা হ’ব সেয়াও নিশ্চিত নহয়।

গতিকে আঁহক! আমি এই সকলো ফিৰকা, তৰিকা, মজহাব আদি ভেদাভেদ পৰিহাৰ কৰি একমাত্ৰ ৰছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু ছাহাবাসকলে দেখুৱাই যোৱা পথত চলাৰ চেষ্টা কৰোঁ। সেই পথ কেৱল কুৰআন আৰু ছহীহ হাদীছৰ মাজতহে পোৱা যাব।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s