‘বিদাত’ কাক কয়?

Afjal Hussain প্রশ্নঃ ‘বিদাত’ কাক কয়?
‘বিদাতে হাচানাহ’ (অর্থাত ভাল বিদাত) বুলি কোনো বিদাত আছেনে?
আৰু এই বিদাতি সকলৰ পৰিনতি কি হব?

উত্তৰঃ বিদাত হল- দ্বীনি বিষয়ক কোনো নতুন কর্ম, যাৰ কোনো দলীল শৰীয়তত নাই। অর্থাত বিদাত হল- কোনো নতুন ইবাদত, যিটো কোৰ’আন আৰু চহীহ হাদিছত নাই।

কিছুমান মানুহে আকৌ প্রশ্ন কৰে যে, তেনেহলে-কি ফেন, চাইকেল, বাইক, গাড়ি ইত্যাদি, এইবোৰো কি বিদাত নেকি?
ইয়াত মন কৰা দৰকাৰ যে এইবোৰৰ লগত ইছলামৰ কোনো সম্পর্ক নাই। গতিকে এইবোৰ বিদাত নহয়।

মহানবী (ছাঃ)-এ কৈছে, “ নিশ্চয় তোমালোকৰ মাজত যিহতে মোৰ বিদায়ৰ পিছত জীবিত থাকিব সিহঁতে বিভিন্ন প্ৰকাৰৰ মতভেদ দেখিবলৈ পাব। গতিকে তোমালোকে মোৰ আৰু মোৰ সুপথপ্রাপ্ত খোলাফায়ে ৰাচেদীনৰ ছুন্নত অবলম্বন কৰা, সেয়া দাঁতৰ দ্বাৰা দৃঢ়তাৰ সৈতে ধাৰণ কৰা(তাত যি পোৱা মান্য কৰা অন্যান্য কোন মতৰ পিনে আকৃষ্ট নহবা।) আৰু (দ্বীনত) নবৰচিত কর্মসমূহৰ পৰা সাবধান! কাৰণ, নিশ্চয় প্রত্যেক বিদাত (নতুন আমল) হল ভ্রষ্টতা (গোমৰাহী)।”
(আবু দাঊদ ৪৪৪৩, তিৰমিযী ২৮১৫, ইবনে মাজাহ ৪২ নং)

আৰু নাসাঈৰ এক বর্ণনাত আছে, “ আৰু প্রত্যেক ভ্রষ্টতা (গোমৰাহী) জাহান্নামত (লৈ যায়)।”
(নাছাঈ, ১৫৭৮ )

উক্ত হাদীছৰ পৰা এই কথাও প্রমাণিত হয় যে, বিদাতে হাছানাহ (ভাল বিদাত) বুলি কোন বিদাতনাই। কাৰণ মহানবী (ছাঃ)-এ কৈছে, “প্রত্যেক বিদাতেই হল ভ্রষ্টতা।”

✽ বিদাতী সকলৰ পৰিণতি অত্যন্ত ভয়াবহ হব। যিদৰে আল্লাহ কৈছে,
‘আপনি জনাই দিয়ক, মই কি তোমালোকক ক্ষতিগ্রস্ত আমলকাৰী সকলৰ সম্পর্কে জনাই দিম? (দুনিয়াবী জীবনত) যিহতৰ সমস্ত আমল বৰবাদ হৈ গেছে।অথচ সিহতে ভাবে যে, সিহতে সুন্দৰ আমল কৰি গৈ আছে’৷ (কাহফ, ১০৩-৪)।

ৰাসূলুল্লাহ (ছাঃ) কৈছে, ‘তোমালোকে দ্বীনৰ (ইছলামৰ) ভিতৰত নতুন সৃষ্টি কৰাৰ পৰা বিৰত থকা। নিশ্চয ধর্মৰ মাজত় প্রত্যেক নতুন সৃষ্টিয়েই বিদ‘আত আৰু প্রত্যেক বিদ‘আতেই গোমৰাহী ৷
(আহমাদ, আবুদাঊদ, তিরমিযী, মিশকাত হা/১৬৫)।

বিদ‘আতী সকলৰ আমল কবুল নহয় ৷ (বুখাৰী হা/৩১৮০)

বিদ‘আতী সকলৰ উপৰত আল্লাহৰ আৰু ফেৰেশতা আৰু সকল মানুহৰ লানত বর্ষিত হয় ৷
(বুখাৰী হা/৩১৮০)।

আপোলোকে যিবোৰ আমল কৰি আছে, তাক এবাৰ কোৰ’আন আৰু হাদিছৰ দ্বাৰা পৰীক্ষা কৰক ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s