ৰাফ’উল ইয়াদায়েন (رفع اليدين) [Raising Hands in Salat/Namaz]

as

ৰাফ’উল ইয়াদায়েন (رفع اليدين) [Raising Hands in Salat/Namaz]
——————————————————————————-
-Prepared by-sogoodislam-

ইয়াৰ অর্থ- দুইহাত ওপৰলৈ উঠোৱা। এটি আল্লাহৰ ওচৰত আত্মসমর্পণেৰ অন্যতম নিদর্শন।[94]ৰুকূৰ পৰা উঠি ক্বওমাত ঠিয়হৈ দুইহাত ক্বিবলামুখী কৰি স্বাভাবিকভাবে কান্ধ বা কাণৰ সমান উচ্চতালৈ উঠাই তিনি বা চাৰি ৰাক’আত বিশিষ্ট ছালাতত মুঠ চাৰি স্থানত ‘ৰাফ‘উল ইয়াদায়েন’ কৰা হয়।
(১) তাকবীৰে তাহৰীমাৰ সময়ত
(২) ৰুকূলৈ যোৱাৰ সময়ত
(৩) ৰুকূৰ পৰা উঠি চিধাহৈ খাৰা হোৱাৰ সময়ত আৰু
(৪) ৩য় ৰাক’আতত ঠিয়হৈ বুকুত হাত বন্ধাৰ সময়ত। এইভাবে প্রতি তাশাহ্হুদৰ বৈঠকৰ পিছত উঠি ঠিয় হোৱাৰ সময়ত ৰাফ’উল ইয়াদায়েন কৰা হয়।

–ৰুকূতলৈ যোৱা ও ৰুকূৰ পৰা উঠাৰ সময়ত ৰাফ’উল ইয়াদায়েন কৰা সম্পর্কে চাৰি খলীফা সহ প্রায় ২৫ জন ছাহাবীৰ পৰা বর্ণিত ছহীহ হাদীছ সমূহ আছে। এটা হিসাব মতে ‘ৰাফ‘উল ইয়াদায়েন’-ৰ হাদীছৰ ৰাবীৰ সংখ্যা ‘আশাৰায়ে মুবাশ্শাৰাহ’[95] সহ অন্যান্য ৫০ জন ছাহাবী[96] আৰু সর্বমুঠ ছহীহ হাদীছ ও আছাৰৰ(part of hadiths) সংখ্যালৈ প্রায় চাৰিশ(four hundred)।[97] ইমাম সুয়ূত্বী আৰু আলবানী প্রমুখ্যে বিদ্বানসকলৰ ‘ৰাফ‘উল ইয়াদায়েন’ -ৰ হাদীছক ‘মুতাওয়াতিৰ’ (যি ব্যাপকভাবে ও অবিৰত ধাৰাত বর্ণিত) পর্যায়ৰ বুলি মন্তব্য কৰিছে।[98] ইমাম বুখাৰীয়ে(ৰঃ) কৈছিল,
لَمْ يَثْبُتْ عَنْ أَحَدٍ مِّنْهُمْ تَرْكُهُ. و قَالَ : لاَ أَسَانِيْدَ أَصَحُّ مِنْ أَسَانِيْدِ الرَّفْعِ-
অর্থাৎ কোনো ছাহাবীয়েই ৰাফ‘উল ইয়াদায়েন তৰক(miss) কৰিছিল বুলি প্রমাণিত হোৱা নাই। তেওঁ আৰু কয় ‘ৰাফ‘উল ইয়াদায়েন’-ৰ হাদীছ সমূহৰ সনদৰ দৰে বিশুদ্ধতম সনদ আৰু নাই’।[99]

— ইমাম বুখাৰীৰ এটা বর্ণনাত আছেযে , যেতিয়া ৰসূলুল্লাহে (সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম) দ্বিতীয় ৰাক‘আতৰ ৰা তৃতীয় ৰাক‘আতৰ বাবে ঠিয় হৈছিল তেতিয়া দুই হাত (কান্ধৰ সমানলৈ) উঠাইছিল। (সহীহ বুখাৰী-১/১০২ পৃঃ, সহীহ মুসলিম-১৬৮ পৃঃ, আবু দাউদ-১/১০৪, ১০৫ পৃঃ, তিৰমিযী-১/৫৯ পৃঃ, নাসাঈ-১৪১-১৫১, ১৬২ পৃঃ, ইবনু খুজাইমাহ- ৯৫,৯৬, মিশকাত-৭৫ পৃঃ, ইবনে মাজাহ-১৬৩ পৃঃ,, যা‘আদুল মা‘আদ-১/১৩৭, ১৩৮, ১৫০ পৃঃ, হিদায়া দিরৰায়াহা-১১৩-১১৫ পৃঃ, মিশকাত মাদ্রাসাৰ পাঠ্য-২/৭৩৮-৭৩৯, ৭৪৯, ৭৪১, ৭৪৫ পৃঃ, ইসলামিয়াত বি,এ হাদীস পর্ব-১২৬-১২৯ পৃঃ)

উল্লেখ্যযে, দুইহাত তুলা প্রসঙ্গত কিছু লোক সহীহ হাদীসৰ উপৰত আমল নকৰি, মিছা আৰু মনেগঢ়া কথাৰ আশ্রয়লৈ কয়যে, ইছলামৰ প্রথম যুগত পুতলা পুজাৰী নতুন মুছলিমসকলে সলাতৰ সময়ত বগলত পুতলালৈ আহিছিল। গতিকে নাবীয়ে (সাল্লাল্লাহু আলাইহিওয়া সাল্লাম) তেওঁলোকক ৰুকুলৈ যোৱাৰ ও ৰুকুৰ পৰা মূৰ তোলাৰ সময়ত দুইহাত তুলিবলৈ কৈছিল। এইবৰ কথা কোনো হাদীসততো দূৰৈৰ কথা এনেকি ইতিহাসতো প্রমাণহীন। বৰং সেইবোৰ ভিত্তিহীন মিছাৰ বাদে একো নহয়। যিসকলে এনে কথা কয় তেওলোকে ভয় কৰা উচিতযে, এই মিছা অপবাদটো স্বয়ং ৰসূল (সাল্লাল্লাহু আলাইহিওয়া সাল্লাম)ৰ ওপৰত আৰু তেওঁৰ(দঃ) সাহাবীসকলৰ(ৰাঃ) ওপৰত পৰে (নাউযুবিল্লাহ) কাৰণ তেওঁলোকে মৃত্যুৰ পূর্ব মুহুর্ত পর্যন্ত ৰুকুৰ আগত ও পাছত হস্তদ্বয় উত্তোলন কৰিছিল। (বায়হাকী, তালখীসুল হাবীব ৮১ পৃঃ আদদেৰৰায়াহ-৮৫ পৃঃ) সাবধান! এ অপবাদই জাহান্নামী।।

——————————————-
Note:-
[94] . নায়লুল আওত্বাৰ ৩/১৯ পৃঃ।

[95] . ‘আশাৰায়ে মুবাশ্শাৰাহ’ অর্থাৎ স্ব স্ব জীবদ্দশায়(জীৱিত অৱস্থাত) জান্নাতৰ সুসংবাদপ্রাপ্ত উচ্চ মর্যাদা সম্পন্ন দশজন ছাহাবী(ৰাঃ)। তেওঁলোক হ’ল : ১.আবুবকৰ ছিদ্দীক্ব ‘আব্দুল্লাহ বিন ‘উছমান আবু কুহাফা(ৰাঃ) (মৃঃ ১৩ হিঃ বয়স ৬৩ বছৰ)। ২. ‘উমাৰ ইবনুল খাত্ত্বাব(ৰাঃ) (মৃঃ ২৩ হিঃ বয়স ৬০) ৩. ‘উছমান ইবনু ‘আফফান(ৰাঃ) (মৃঃ ৩৫ হিঃ বয়স অনুমান ৮৩) ৪. ‘আলী ইবনু আবী ত্বালিব (ৰাঃ) (মৃঃ ৪০ হিঃ বয়স ৬০) ৫. আবু ‘উবায়দাহ ‘আমেৰ বিন ‘আব্দুল্লাহ ইবনুল জাররাহ(ৰাঃ) (মৃঃ ১৮ হিঃ বয়স ৫৮) ৬. ‘আব্দুর রহমান বিন ‘আওফ (মৃঃ ৩২ হিঃ বয়স ৭৫) ৭. ত্বাল্হা বিন ‘উবায়দুল্লাহ(ৰাঃ) (মৃঃ ৩৬ হিঃ বয়স ৬২) ৮. যোবায়েরৰ ইবনুল ‘আওয়াম(ৰাঃ) (মৃঃ ৩৬ হিঃ বয়স ৭৫) ৯. সা‘ঈদ বিন যায়েদ বিন ‘আমৰ(ৰাঃ) (মৃঃ ৫১ হিঃ বয়স ৭১) ১০. সা‘দ বিন আবী ওয়াক্ক্বাছ(ৰাঃ) (মৃঃ ৫৫ হিঃ বয়স ৮২) ৰাযিয়াল্লা-হু ‘আনহুম।

[96] . ফিক্বহুস সুন্নাহ ১/১০৭ পৃঃ ; ফাৎহুল বাৰী ২/২৫৮ পৃঃ, হা/৭৩৭-ৰ ব্যাখ্যা, ‘আযান’ অধ্যায়-১০, অনুচ্ছেদ-৮৪।

[97] . মাজদুদ্দীন ফীৰোযাবাদী (৭২৯-৮১৭ হিঃ), সিফৰুস সা‘আদাত (লাহোৰ : ১৩০২ হিঃ, ফার্সী পৰা উর্দূ), ১৫ পৃঃ।

[98] . তুহফাতুল আহওয়াযী ২/১০০, ১০৬ পৃঃ; আলবানী, ছিফাতু ছালা-তিন্নবী পৃঃ ১০৯।

[99] . ফাৎহুল বাৰী ২/২৫৭ পৃঃ, হা/৭৩৬-ৰ ব্যাখ্যা, ‘আযান’ অধ্যায়-১০, অনুচ্ছেদ-৮৪।
——————————–

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s