কবৰ জিয়াৰতৰ মাছালা-IH-end

যোৱা ১৪ আগষ্ট তাৰিখৰ পিছৰ পৰা (কবৰ জিয়াৰতৰ মাছালা)
ঈছালে চৱাব সম্পৰ্কে যি বিলাক কাম চূন্নত দ্বাৰা প্ৰমাণিত নহয়
১) মৃত ব্যক্তিৰ চৱাবৰ বাবে প্ৰথম দিনা আৰু তৃতীয় দিনা কুলখানি প্ৰথা পালন কৰা আৰু সাত দিন্, দহ দিন ও চল্লিশ দিনত খানাৰ অনুষ্ঠানৰ আয়োজন কৰা,
২) কুলখানিত অহা লোক সকলক কাপোৰ বিতৰণ কৰা,
৩) ঈছালে চৱাবৰ নিয়তত প্ৰত্যেক বৃহস্পতি বাৰে খোৱাৰ আয়োজন কৰা,
৪) মৃত্যু হোৱা এবছৰ পূৰ্ণ হলে বছেৰেকীয়া অনুষ্ঠান পাতি খোৱাৰ আয়োজন কৰা,
৫) নিজৰ মৃত্যু দিবসত কোৰআন খানি বা খোৱাৰ আয়োজন কৰিবলৈ অচিয়ত কৰি যোৱা,
৬) পাৰিশ্ৰমিক দি বা বিনা পাৰিশ্ৰমিকত কোৰআন খানি কৰা বা নফল পঢ়োৱা,
৭) মৃত ব্যক্তিৰ নিজৰ সম্পদেৰে কোৰআন খানি কৰা বা অন্য কোনো বিদাতী প্ৰথা পালন কৰাৰ বাবে টকা দিয়াৰ অচিয়ত কৰি যোৱা,
৮) মৃত ব্যক্তিৰ হৈ চাবান্, ৰজব ও ৰমজান মাহত বিশেষভাবে চদকা খায়ৰাত কৰা বা খাদ্য সামগ্ৰী বিতৰণৰ ব্যবস্থা কৰা,
৯) মৃত্যু বাৰ্ষিকী পালন কৰা তথা এনে বাৰ্ষিকীত কোৰআন খানি কৰা, খাদ্য বস্তু ও মিঠাই বিতৰণ কৰা,
১০) কোৰআন তিলাৱত কৰি মৃতক সকলৰ বাবে তাৰ চৱাব বক্সি দিয়া,
১১) কোৰআন খতম কৰা, পাঁচ আয়াত তিলাৱত কৰা, চানা বা দানাৰ ওপৰত সত্তৰ হাজাৰ বাৰ কলিমা পঢ়া,
১২) আয়াতে কাৰীমা প্ৰথা পালন কৰা অৰ্থাৎ চাদৰ পাৰি দানাৰ ওপৰত এক লাখ পচিশ হাজাৰ বাৰ ‘বিচমিল্লাহ্’বা ‘লা ইলাহা ইল্লাহ্’ পঢ়া,
১৩) মৃতকৰ চৱাবৰ বাবে খতম পঢ়োৱা,
১৪) দফনৰ দিনক কেন্দ্ৰ কৰি প্ৰতি সপ্তাহত কবৰত গৈ চদকা খায়ৰাত কৰা, মিঠাই, গাখীৰ বা খোৱা সামগ্ৰী বিতৰণ কৰা ।
– সমাপ্ত –

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s