[11-13 & 14-19]কবৰ জিয়াৰতৰ মাছালা[IH]

যোৱা সংখ্যাৰ পিছৰ পৰা (কবৰ জিয়াৰতৰ মাছালা)
১১) কবৰস্থান বা মাঝাৰত চালাত পঢ়া, ইবাদত কৰা নিষিদ্ধ, কবৰস্থান বা মাঝাৰত মছজিদ নিৰ্মাণ কৰা বা মছজিদত কবৰ অথবা মাঝাৰ নিৰ্মাণ কৰা নিষিদ্ধ, যি মছজিদত কবৰ বা মাঝাৰ থাকে, তাত চালাত পঢ়া নিষিদ্ধ :- আনচ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কবৰস্থানত চালাত পঢ়াত বাধা দিছে (আহকামুল আনায়িয্, পৃঃ ২১১)
আবু চাই’দ খুদৰী (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, কবৰস্থান আৰু বাথৰুম বাদে সকলো স্থানতে চালাত পঢ়িব পাৰি (আবু দাউদ্, তিৰমিযী, ছহীহ চুনান ইবনে মাজাহ্, ১ম খণ্ড্, হাদীছ নং ৬০৬)
ইবনে উমৰ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, তোমালোকে তোমালোকৰ ঘৰ খনক কবৰস্থানত পৰিণত নকৰিবা, কিছু নফল চালাত ঘৰত পঢ়িবা (মুছলিম্, কিতাবু চালাতিল মুছাফিৰিন্)
আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, হে আল্লাহ ! আমাৰ কবৰক মূৰ্তিত পৰিণত নকৰিবা । আল্লাহৰ অভিশাপ বৰ্ষিত হওক সেই জাতিৰ ওপৰত যি সকলে নবী সকলৰ কবৰক মছজিদত পৰিণত কৰিছে (মুছলিম্, আহকামুল জানায়িয্, পৃঃ ২১৬)
আবু মাৰছাদ গানাবী (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, কবৰত নবহিবা আৰু কবৰৰ ফালে চালাত নপঢ়িবা (মুছলিম, মুখতাছাৰু মুছলিম্, হাদীছ নং ৪৯৯)
আয়েছা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম যি অসুখৰ পৰা ভাল পোৱা নাছিল সেই অসুখৰ সময়ত কৈছিল্, আল্লাহ তাআ’লা ইহুদী ও খৃষ্টান সকলক অভিশপ্ত কৰক কাৰণ তেওঁলোকে তেওঁলোকৰ নবী সকলৰ কবৰক মছজিদত পৰিণত কৰিছে (মুছলিম্, মুখতাছাৰু ছহীহ বুখাৰী, হাদীছ নং ৬৭১)
জুনদাব (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইন্তেকালৰ পাঁচ দিন পূৰ্বে কোৱা শুনিছে, তেখেতে ইৰছাদ কৰিছে, “মই তোমালোকৰ কাকো বন্ধু বনাব নোৱাৰো, কাৰণ আল্লাহ তাআ’লাই মোক বন্ধু বনাইছে, যদি কাৰোবাক বন্ধু বনাব পাৰিলো হয় তেন্তে আবু বক্কৰক বনালো হেতেন । মনত ৰাখিবা, তোমালোকৰ পূৰ্বৰ লোক সকলে তেওঁলোকৰ নবী আৰু দ্বীন দাৰ লোকসকলৰ কবৰক মছজিদত পৰিণত কৰিছে, গতিকে তোমালোকে কবৰক মছজিদত পৰিণত নকৰিবা, মই তোমালোকক তেনে কামৰ পৰা বাধা প্ৰদান কৰিছো (মুছলিম্, কিতাবু চালাতিল মুছাফিৰিন্)
আবু উবাইদা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শেষ বাণী আছিল – নাজৰানবাসী আৰু হিযাযৰ ইহুদী সকলক জাযিৰাতুল আৰবৰ পৰা বহিষ্কাৰ কৰা আৰু জানি থোৱা, আটাইতকৈ নিকৃষ্ট ব্যক্তি হ’ল, যি সকলে নিজৰ নবীৰ কবৰক মছজিদত পৰিণত কৰিছে (আহমদ্, ছিলছিলা ছহীহা, ৩য় খণ্ড্, হাদীছ নং ১১৩২)
আব্দুল্লাহ ইবনে মাচ’উদ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, কবৰক মছজিদত পৰিণত কৰা ব্যক্তি সকল আটাইতকৈ নিকৃষ্ট ব্যক্তি যাৰ ওপৰত কিয়ামত প্ৰতিষ্ঠা হব (ইবনু খুবাইমা, ইবনু হিব্বান্, আহমদ্, তাবৰানী, আহকামুল জানায়িয্, পৃঃ ২১৭)
আলী (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আব্বাচ (ৰাঃ) ৰ লগত সাক্ষাৎ হোৱাত তেখেতে নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত যাবৰ বাবে লগ ধৰিলে এই আশাত যদি আমাৰ বাবে কিছু থাকে তেন্তে উত্তম, নহলে লোক সকলৰ লগতে আমাকো পৰামৰ্শ (নচীহত্) দিব । আমি দুয়ো গলো, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম তেতিয়া বেঁহুচ অৱস্থাত আছিল । পিছত মূৰ দাঙি কলে, ইহুদী সকলৰ ওপৰত আল্লাহৰ অভিশাপ বৰ্ষিত হওক, তেওঁলোকে তেওঁলোকৰ নবী সকলৰ কবৰক মছজিদত পৰিণত কৰিছে । আন এক বৰ্ণনাত আছে, তেখেতে তৃতীয় বাৰো একে কথাই কৈছিল । তাৰ পিছত আমি তেখেতৰ অৱস্থা দেখি একো নোসোধাকৈ গুছি আহিলো (ইবনু ছাআদ্, ইবনু আচাকিৰ্, তাহযীৰুচ চাজিদ্,পৃঃ ১৯)
উম্মাহাতুল মু’মিনীন (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ চাহাবী সকলে আলোচনা কৰিছিল, ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কবৰ কি ভাবে বনাব ? সেয়া কি মছজিদত পৰিণত কৰিব ? তেতিয়া আবু বক্কৰ (ৰাঃ) য়ে কৈছিল্, মই ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা শুনিছো, আল্লাহ তাআ’লাই ইহুদী নাছাৰা সকলক অভিশাপ দিয়ক্, কাৰণ তেওঁলোকে তেওঁলোকৰ নবী সকলৰ কবৰক মছজিদত পৰিণত কৰিছে (তাহযীৰুচ চাজিদ, আলবানী পৃঃ ২০)
১২) নবী, অলী, বা বুজুৰ্গ ব্যক্তিৰ কবৰ বা মাজাৰত তেওঁলোকৰ নামত কিবা উচৰ্গা কৰা, মান্নত কৰা আদি নিষিদ্ধ :- তাৰেক ইবনে শিহাব (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, এজন ব্যক্তি মাথো মাখিৰ বাবে জন্নত গৈছে কিন্তু আন এজন জহন্নাম গৈছে । চাহাবী সকলে সুধিলে, ইয়া ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম্, কেনেকৈ ? ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কলে, দুয়োজনে এটা সম্প্ৰদায় থকা অঞ্চলেদি গমন কৰিছিল । সেই সম্প্ৰদায়ৰ এটা মূৰ্তি আছিল, যাৰ নামত কোনো জীব উচৰ্গা নকৰাকে কোনেও সেই অঞ্চলেদি পাৰ হৈ যাব নোৱাৰে । সম্প্ৰদায়ৰ লোক সকলে উক্ত ব্যক্তি দুজনৰ এজনক কলে, আপুনি কিবা দি যাওক । তেওঁ কলে, মোৰ ওচৰত দিবলৈ একো নাই, তেতিয়া লোক সকলে কলে – অন্ততঃ মাখি এটা হলেও দি যাওক । লোক জনে মাখি এটা মূৰ্তিৰ নামত দিয়াৰ লগে লগে তেওঁক পাৰ হৈ যাবলৈ বাট এৰি দিলে, এনে দৰেই তেওঁ জহন্নামী হ’ল । দ্বিতীয় ব্যক্তিকো মূৰ্তিৰ নামত কিবা এটা দিবলৈ কোৱাত তেওঁ কলে, মই আল্লাহৰ বাদে অন্য কাৰো নামত কোনো বস্তু উচৰ্গা নকৰো । এই কথা শুনি উক্ত সম্প্ৰদায়ৰ লোক সকলে তেওঁক হত্যা কৰিলে । শ্বিৰ্ক মুক্ত হৈ থকাৰ কাৰণে উক্ত ব্যক্তিজন জন্নতী হ’ল (আহমদ্, কিতাবুত তৌহীদ্, সেখ মুহাম্মদ ইবনু আব্দিল ৱাহাব্)
১৩) নবী, অলী বা বুজুৰ্গ ব্যক্তিৰ কবৰ বা মাজাৰৰ কাষত মূৰ নত কৰি থিয় হোৱা অথবা চালাতত হাত বন্ধাৰ দৰে হাত বান্ধি থিয় হোৱা, চিজদা কৰা বা তাৱাফ ইত্যাদিৰ দৰে ইবাদত কৰা নিষিদ্ধ :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, হে আল্লাহ ! মোৰ কবৰক মূৰ্তিত পৰিণত নকৰিবা । যি সকলে নবী সকলৰ কবৰক মছজিদত পৰিণত কৰিছে, সেই জাতিৰ ওপৰত আল্লাহৰ অভিশাপ বৰ্ষিত হওক (আহমদ্, আহকামুল জানায়েয্,পৃঃ ২১৬)
কায়চ ইবনে চাআ’দ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – তেখেত য়েমেনৰ ‘হিয়াৰা’ চহৰত গৈ তাৰ লোক সকলে তেওঁলোকৰ শাসকক চিজদা কৰা দেখা পাই মনতে ভাবিলে, চিজদাৰ বাবে নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম এই শাসকতকৈ অধিক অধিকাৰী । ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ খেদমতত উপস্থিত হোৱাৰ পিছত তেখেতক আৰজ কৰিলে, হে আল্লাহৰ ৰাছুল ! মই হিয়াৰাৰ লোক সকলক তেওঁলোকৰ শাসকক চিজদা কৰা দেখা পাইছো, অথচ আপুনি চিজদা পোৱাৰ বেচি অধিকাৰী । ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কলে, বাৰু কোৱাচোন, তুমি মোৰ কবৰৰ কাষেদি গলে কি মোৰ কবৰক চিজদা কৰিবা ? মই কলো, কেতিয়াও নকৰো । তেতিয়া ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কলে, মই জীবিত থকা অৱস্থাতো মোক চিজদা কৰিব নালাগে । আল্লাহৰ বাদে যদি আন কাৰোবাক চিজদা কৰাৰ অনুমতি মই দিলো হেতেন্, তেন্তে মহিলা সকলক তেওঁলোকৰ স্বামীক চিজদা কৰাৰ অনুমতি দিলো হেতেন্, কাৰণ মহিলা সকলৰ ওপৰত পুৰুষ সকলৰ (আল্লাহ প্ৰদত্ত) অনেক অধিকাৰ আছে (ছহীহ চুনানু আবু দাউদ, ২য় খণ্ড হাদীছ নং ১৭৮৩) আগলৈ …… ইন শ্বা আল্লাহ

+++++++++++++++++++++

যোৱা ১১ আগষ্ট তাৰিখৰ পিছৰ পৰা (কবৰ জিয়াৰতৰ মাছালা)
১৪) কোনো নবী, অলী বা বুজুৰ্গ ব্যক্তিৰ কবৰ বা মাজাৰত উৰুচ বা মেলা কৰা নিষিদ্ধ । মছজিদে নবৱীত প্ৰত্যেক চালাতৰ পিছত দৰূদ পাঠ কৰাৰ উদ্দেশ্যে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কবৰ মোবাৰকত হাজিৰ হোৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা জায়েয নহয় :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, “তোমালোকে মোৰ কবৰক মূৰ্ত্তিত পৰিণত নকৰিবা, আৰু তোমালোকৰ ঘৰক কবৰত পৰিণত নকৰিবা । তোমালোক যতে থাকা তাৰ পৰাই মোৰ ওপৰত দৰুদ পাঠ কৰিবা, তোমালোকৰ দৰুদ মোৰ ওচৰত আহি পাব (আহমদ্, আবু দাউদ, ফাযলুচ্ছাত আলান্নবী, হাদীছ নং ২০) ।
১৫) কবৰ বা মাজাৰত সদায় বহি থকা বা বৰকত লাভৰ উদ্দেশ্যত বহি থকা নিষিদ্ধ । কবৰ বা মাজাৰৰ পিনে মুখ কৰি বা কবৰস্থানত চালাত আদায় কৰা নিষিদ্ধ :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, “কোনো কবৰৰ কাষত বহি থকাতকৈ অগ্নিকুণ্ডত বহা অতি উত্তম, যি কাপোৰ ও ছাল পুৰি পেলায়” (মুছলিম্, কিতাবুল জানাজা, কবৰত বহা অধ্যায় ) ।
জাবেৰ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুলে কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কবৰক পকা কৰা, কবৰত বহা আৰু কবৰত ঘৰ সজা নিষেধ কৰিছে (মুছলিম্, কিতাবুল জানাজা, কবৰত বহা অধ্যায় ) ।
১৬) কবৰ বা মাজাৰত পশু জবেহ কৰা, মিঠাই, গাখীৰ্, চাউল আদি বিতৰন কৰা নিষিদ্ধ :- আনচ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুল কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, কবৰত পশু জবেহ কৰা ইছলামত নিষিদ্ধ (আহমদ্, আবু দাউদ)
১৭) বৰকত অৰ্জন্, সন্তান লাভ্, বেমাৰৰ পৰা আৰোগ্য লাভ আদিৰ উদ্দেশ্যে কবৰ বা মাজাৰত চুলি বা সূঁতা বন্ধা নিষিদ্ধ :- আব্দুল্লাহ ইবনে হাকীম (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুল কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, যি ব্যক্তিয়ে কোনো বস্তু ওলমাব, তেওঁক সেই বস্তুৰ দায়িত্ব দি দিয়া হয় (আহমদ্, হাকীম্, গায়াতুল মাৰাম – আলবানী, হাদীছ নং ২৯৮ )
১৮) মছজিদুল হৰম্, মছজিদুল আকসা ও মছজিদে নবৱী বাদে কোনো নবী, অলি, বা বুজুৰ্গ ব্যক্তিৰ কবৰ বা মাজাৰত জিয়াৰত কৰা উদ্দেশ্যে ভ্ৰমণ কৰা জায়েজ নহয় :- কাযআহ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – মই তুৰ পাহাৰ চোৱাৰ নিয়তত ওলাই ইবনে উমৰ (ৰাঃ)ক এই সম্পৰ্কে সোধাত তেখেতে কলে, তুমি নাজানানে ৰাছুল কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, তিনিটা মছজিদ ক্ৰমে মছজিদুল হৰম্, মছজিদুল আকসা আৰু মছজিদে নবৱী বাদে অন্য স্থানত ভ্ৰমণ নকৰিব, গতিকে তুৰ পাহাৰ নাযাবা (ত্বাবৰানী, আহকামুল জানাজা, আলবানী পৃঃ ২২৬) ।
১৯) ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত দৰূদ পাঠৰ মছনুন শব্দ :- আব্দুৰ ৰহমান ইবনে আবি লায়লা (ৰাঃ)দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, তেওঁলোকে কাআ’ব ইবনে উজৰাৰ লগত সাক্ষাত হওঁতে তেখেতে কৈছিল – মই তোমালোকক এটা হাদিয়া নিদিম নে ? নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক সুধিছিলো – আপোনাক কেনেকৈ চালাম দিব লাগে আমি জানো, কিন্তু আপোনাৰ ওপৰত কেনেকৈ দৰূদ পাঠ কৰিম ? তেখেতে কলে, তোমালোকে কবা, “আল্লাহুম্মা ছাল্লি আলা মুহাম্মাদিন ৱ আ’লা আলি মুহাম্মাদিন কামা ছাল্লাইতা আ’লা আলি ইব্ৰাহিমা ইন্নাকা হামিদুম্মাজিদ । আল্লাহুম্মা বাৰিক আ’লা মুহাম্মাদিন ৱ আ’লা আলি মুহাম্মাদিন কামা বাৰাকতা আ’লা আলি ইব্ৰাহিমা ইন্নাকা হামিদুম্মাজিদ” অৰ্থাৎ হে আল্লাহ ! মুহাম্মদ ও তেখেতৰ পৰিবাৰ্-পৰিজনৰ ওপৰত এনেভাবে ৰহমত বৰ্ষণ কৰক যি ভাবে ইব্ৰাহিম ও তেখেতৰ পৰিবাৰ পৰিজনৰ ওপৰত কৰিছিল, নিশ্চয় তুমি মহান ও প্ৰশংসিত । হে আল্লাহ ! মুহাম্মদ ও তেখেতৰ পৰিবাৰ্-পৰিজনৰ ওপৰত এনেভাবে বৰকত দান কৰক যি ভাবে ইব্ৰাহিম ও তেখেতৰ পৰিবাৰ পৰিজনৰ ওপৰত কৰিছিল, নিশ্চয় তুমি মহান ও প্ৰশংসিত (ছহীহ মুছলিম্, কিতাবুচ্ছালাত্)
কবৰ জিয়াৰত সম্পৰ্কীয় কেইটামান জাল হদীছ
১) “যি ব্যক্তিয়ে হজ্জ কৰি মোৰ কবৰ জিয়াৰত কৰিব, তেওঁ যেন মোৰ জীবদ্দশাত জিয়াৰত কৰিলে” – এই হাদীছৰ চনদত হাফছ ইবনে ছুলাইমান ও লাইছ ইবনে আবু চুলাইম নামৰ দুজন দুৰ্বল ৰাবী আছে । হাফছ ইবনে চুলাইমান সম্পৰ্কে ইবনে মুঈদ (ৰঃ) য়ে কৈছে, তেওঁ মিথ্যুক । ইবনে হাজৰ (ৰঃ) য়ে কৈছে, তেওঁৰ হাদীছ পৰিত্যাগ কৰা হৈছে, হিৰাচ (ৰাঃ) য়ে কৈছে, তেওঁ হদীছ বনোৱা কাম কৰে আৰু শেখ আলবানী (ৰঃ) য়ে কৈছে, উক্ত হাদীছ জাল (চিলচিলা জয়ীফাহ : ১ম খণ্ড, হাদীছ নং ৪৭)
২) “যি ব্যক্তিয়ে হজ্জ পালন কৰি মোৰ জিয়াৰত নকৰিলে, তেখেতে মোৰ লগত অন্যায় কৰিলে” – ইমাম জাহাবী, ইমাম ইবনুল জৌযী ও শেখ আলবানী (ৰঃ) য়ে এই হাদীছ টিক জাল বুলি কৈছে (চিলচিলা জয়ীফাহ, ১/১১৯, হাদীছ নং ৪৫)
৩) “যি ব্যক্তি মদীনালৈ আহি চওৱাবৰ উদ্দেশ্যে মোৰ জিয়াৰত কৰিব, মই তেওঁৰ বাবে চুপাৰিশ কৰিম ও তেওঁৰ পক্ষে সাক্ষী হম্” – হাদীছটি দুৰ্বল (জয়ীফুল জামিউচ চাগীৰ, হাদীছ নং ৫৬১৯)
৪) “যি ব্যক্তিয়ে মোৰ কবৰ জিয়াৰত কৰিব, তেওঁৰ বাবে মোৰ চুপাৰিশ ৱাজিব হব” – হাদীছটি জাল (জয়ীফুল জামিউচ চাগীৰ, পৃঃ ৮০৮, হাদীছ নং ৫৬০৭)
৫) খাত্তাব বংশৰ এজন ব্যক্তিয়ে বৰ্ণনা কৰিছে যে নবী কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, “যি ব্যক্তিয়ে ইচ্ছাকৃত ভাবে মোৰ জিয়াৰত কৰিব, তেওঁ শেষ বিচাৰৰ দিনা মোৰ লগত একেলগে থাকিব্, যি ব্যক্তিয়ে মদীনাত অবস্থান কৰিব ও বিপদ আপদত ধৈৰ্য্যৰে থাকিব, তেখেতৰ বাবে কিয়ামতৰ দিনা মই সাক্ষী ও চুপাৰিশকাৰী হম, কিয়ামতৰ দিনা তেখেতক নিৰাপদ অৱস্থাত উঠোৱা হব্” – হাদীছটি দুৰ্বল (মিছকাতুল মাছাবীহ)
৬) “যি ব্যক্তিয়ে একে বছৰত মোৰ ও আমাৰ পিতা ইব্ৰাহিম (আঃ)ৰ জিয়াৰত কৰে তেওঁ জন্নতত প্ৰবেশ কৰিব্” – ইমাম নববী, ইমাম ইবনু তাইমিয়া ও শেখ আলবানী (ৰঃ) য়ে হাদীছটি জাল বুলি কৈছে (চিলচিলা যয়ীফাহ : ১/১২০, হাদীছ নং ৪৬)
৭) “যি ব্যক্তিয়ে হজ্জ পালন কৰিছে, মোৰ কবৰ জিয়াৰত কৰিছে, এটা যুদ্ধত অংশ গ্ৰহণ কৰিছে ও বায়তুল মুকদ্দছত মোৰ ওপৰত দৰূদ পাঠ কৰিছে, আল্লাহ পাকে তেওঁক ফৰজ ইবাদত আৰু আমলৰ ওপৰত কোনো প্ৰশ্ন নকৰে” – ইবনে আব্দুল হাদী, ইমাম চুয়ুতী ও শেখ নাছিৰুদ্দিন আলবানী (ৰঃ) য়ে উক্ত হাদীছক জাল বুলি কৈছে (চিলচিলা যয়ীফাহ্, ১/৩৬৯, হাদীছ নং ২০৪)
আগলৈ ………….. ইন শ্বা আল্লাহ

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s