[৩]-শ্বহী হজ্জ ও ওমৰাহ-

2014-haj1 copy

[৩]-শ্বহী হজ্জ ও ওমৰাহ-
-সংগ্রহ,সম্পাদনা আৰু সংকলনত-
-চৈয়দ চ’গুদ ইছলাম-[১৪.০৮.২০১৬]-
—————————————————————–
কবুল হজ্জৰ নিদর্শন (علامات الحج المبرور) :-
‘হাজ্জে মাবৰুৰ’ বা কবুল হজ্জ বুলিলে সেই হজ্জকে বুজায়,
(ক) যি হজ্জত কোনো গুনাহ কৰা নহয় আৰু যি হজ্জৰ আৰকান-আহকাম সকলো (সহীহ সুন্নাহৰ ধৰণেৰে) পৰিপূর্ণভাবে আদায় কৰা হৈছে।
(খ) হজ্জৰ পৰা ঘূৰি অহাৰ পিছত পূর্বতকৈ উত্তম হোৱা আৰু পূর্বৰ গুনাহত পুনৰায় লিপ্ত নোহোৱা।[8]
আল্লাহৰ ৰাসূলে (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) বিদায় হজ্জৰ ভাষণত কৈছিল, …سَتَلْقَوْنَ رَبَّكُمْ ، فَسَيَسْأَلُكُمْ عَنْ أَعْمَالِكُمْ ، أَلاَ فَلاَ تَرْجِعُوا بَعْدِى ضُلاَّلاً، Ô †হে লোকসকল! অতি সোনকালে তোমালোকে তোমালোকৰ প্রভুৰ লগত মিলিত হবা। এতেকে তেওঁ তোমালোকক তোমালোকৰ আমল সম্পর্কে জিজ্ঞাস কৰিব। গতিকে সাবধান! তোমালোকে আজিৰ দিনবোৰৰ পিছত যেন পুনৰায় পথভ্রষ্ট নোহোৱা।[9]
৩.ৰাসূলুল্লাহে (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৈছিল, ‘ইছলাম, হিজৰত আৰু হজ্জে মুমিনৰ বিগত দিনৰ সকলো গুনাহ ধ্বংস কৰী দিয়ে’।[10]
৪.তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) আৰু কৈছিল, ‘তোমালোকে হজ্জ ও ওমৰাহৰ মাজত পৰস্পৰা বজায় ৰাখিবা (অর্থাৎ লগে লগে কৰা)। কিয়নো এই দুটাই মুমিনৰ দৰিদ্রতা ও গুনাহ সমূহ দূৰ কৰি দিয়ে, যেনেকৈ সোণাৰিৰ জুইয়ে লোহা, স্বর্ণ ও ৰূপৰ ময়লা ছাফা কৰি দিয়ে…’।[11]
তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) আৰু কৈছিল, ওমৰাহ সদায় হজ্জৰ মাজত প্রবেশ কৰিব ক্বিয়ামত পর্য্যন্ত’।[12]
সম্ভবত: সেই কাৰণেই ৰাসূলুল্লাহে (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) স্বীয় ছাহাবীসকলক(ৰাযিয়াল্লা-হু ‘আনহু) প্রথমে ওমৰাহ কৰি পিছত হজ্জ কৰাৰ অর্থাৎ ‘তামাত্তু হজ্জ’ কৰাত জোৰ দিছিল আৰু নকৰিলে খং প্রকাশ কৰিছিল।[13]
৫.হজৰত আব্দুল্লাহ ইবনু আববাসৰ (ৰাযিয়াল্লা-হু ‘আনহু) পৰা বর্ণিত তেওঁ কৈছিল, ৰাসূলুল্লাহে (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) এৰশাদ কৰিছিল, إِنَّ عُمْرَة فِىْ رَمَضَانَ تَعْدِلُ حَجَّةً، ‘নিশ্চয় ৰমাজান মাহৰ ওমৰাহ এটি হজ্জেৰ সমান।[14]
অন্য বর্ণনাত আহিছে, إنَّ عُمْرَةً فِىْ رَمَضَانَ تَقْضِىْ حَجَّةً مَّعِىْ ‘ৰমাজান মাহত ওমৰা কৰা মোৰ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) লগত হজ্জ কৰাৰ নিচিনা’।[15]
৬.হজৰত আয়েশাই(ৰাযিয়াল্লা-হু ‘আনহা) এদিন ৰাসূলুল্লাহ (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) -ক সুধিছিল, হে আল্লাহৰ ৰাসূল(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম)! মহিলাসকলৰ ওপৰত ‘জিহাদ’ আছে নেকি? ৰাসূলুল্লাহে (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৈছিল, হয় আছে। কিন্তু তাত যুদ্ধ নাই। সেইটো হ’ল হজ্জ ও ওমৰাহ’।[16]
তেওঁ (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৈছিল, ‘ডাঙৰ, সৰু, দুর্বল ও মহিলা সকলৰ বাবে জিহাদ হ’ল: হজ্জ ও ওমৰাহ’।[17]
তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৈছিল, ‘শ্রেষ্ঠ আমল হ’ল আল্লাহ ও তেওঁ ৰাসূলৰ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) ওপৰত ঈমান অনা। তাৰপিছত শ্রেষ্ঠ হ’ল আল্লাহৰ ৰাস্তাত জিহাদ কৰা। তাৰপিছত শ্রেষ্ঠ হ’ল কবুল হজ্জ’।[18]
৭. তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৈছিল, وَفْدُ اللهِ ثَلاَثَةٌ: الغَازِى وَالْحَاجُّ وَالْمُعْتَمِرُ ‘আল্লাহৰ মেহমান হ’ল তিনটি দল: আল্লাহৰ ৰাস্তাত যুদ্ধকাৰী, হজ্জকাৰী ও ওমৰাহকাৰী’।[19]
৮.ৰাসূলুল্লাহে (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৈছিল, خَيْرُ الدُّعَاءِ دُعَاءُ يَوْمِ عَرَفَةَ ‘শ্রেষ্ঠ দো‘আ হ’ল আৰাফা দিবসৰ দো‘আ…’।[20]
তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৈছিল, ‘আৰাফাৰ দিনৰ বাহিৰে অন্য কোনো দিন আল্লাহৰ ইমান অধিক পৰিমাণৰ লোকক জাহান্নামৰ পৰা মুক্ত নকৰে। এইদিনত আল্লাহ নিকটবর্তী হয়। ইয়াৰ পিছত আৰাফাহ ময়দানৰ হাজীসকলকলৈ ফিৰিশতাসকলৰ ওচৰত গর্ব কৰে আৰু কয়, চোৱা এই মানুহবোৰে কি বিছাৰে’?[21]
অন্য বর্ণনাত আহিছে, ‘সেইসকল আল্লাহৰ মেহমান। আল্লাহে তেওঁলোকক মাতিছে সেয়েহে তেওঁলোক আহিছে। এতিয়া তেওঁলোকে যি বিছাৰিব, আৰু আল্লাহে তাকেই দি দিব’।[22]
৯. আবু হুৰায়ৰাৰ (ৰাযিয়াল্লা-হু ‘আনহু) পৰা বর্ণিত তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৈছিল, ৰাসূলুল্লাহে (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) এৰশাদ কৰিছে, যি ব্যক্তি হজ্জ, ওমৰাহ অথবা জিহাদৰ উদ্দেশ্যে ওলাল আৰু ৰাস্তাত মৃত্যুবৰণ কৰিল, আল্লাহে তেওঁৰ বাবে পূর্ণ নেকী লিখি দিব’।[23]
* * *
Note-8 to 23:-
[8]. ফৎহুল বাৰী ৩/৪৪৬; হা/১৫১৯-ৰ ব্যাখ্যা।
[9]. মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/২৬৫৯।
[10]. মুসলিম, মিশকাত হা/২৮।
[11].তিৰমিযী, নাসাঈ, মিশকাত হা/২৫২৪।
[12]. আবুদাঊদ হা/১৭৮৪, ৮৭, ৮৮, ৯০।
[13]. আবুদাঊদ হা/১৭৮৫, ৮৭।
[14]. মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/২৫০৯।
[15]. বুখাৰী হা/১৮৬৩; মুসলিম হা/৩০৩৯।
[16]. আহমাদ, ইবনু মাজাহ, মিশকাত হা/২৫৩৪।
[17]. ছহীহ নাসাঈ হা/২৪৬৩।
[18]. মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/২৫০৬।
[19]. নাসাঈ, মিশকাত হা/২৫৩৭।
[20]. তিৰমিযী, মিশকাত হা/২৫৯৮; ছাহীহাহ হা/১৫০৩।
[21]. মুসলিম, মিশকাত হা/২৫৯৪।
[22]. ইবনু মাজাহ হা/২৮৯৩; সিলসিলা ছহীহাহ হা/১৮২০।
[23]. বায়হাক্বী, মিশকাত হা/২৫৩৯; ছহীহাহ হা/২৫৫৩।
————————————–

বিঃদ্রঃ-প্রতিদিনে এটাকৈ  কবুল হজ্জ ও এটা কবুল ওমৰাৰ সমপৰিমাণ নেকি পাব পাৰে খুব সহজেতেই, কিভাবে জানিবলৈ হলে শুনকঃ[ভিডিঅ’-মুফতি আব্দুৰ ৰিজ্জাক বিন ইউসুফ ]

Click:-https://m.facebook.com/story.php?story_fbid=664541773663995&id=598248506959989

————————————–
-ক্রমশঃ- next on Sunday- in-sha-Allah [sgis-ghy]
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s