মোনাজাত

Muktabul Hussain

মোনাজাত ( المناخاة )

সাধাৰণ অৰ্থত আমি মোনাজাত বা দো’আ বুলি কলে কেৱল দোয়ো হাত দাঙি আল্লাহৰ ওচৰত কৰা প্ৰাৰ্থনাকেই বুজি পাওঁ !! কিন্তু শ্বৰীয়তৰ দৃষ্টিভংগীত এই মোনাজাত বা দো’আই প্ৰকৃততে কি অৰ্থ বহন কৰিছে আৰু এই দো’আৰ উত্তম পদ্ধতি বা শ্ৰেষ্ঠ সময় কোনটো সেই দিশটোৰ প্ৰতি আমি গৰিষ্ঠ সংখ্যকেই নাজানোঁ বা উদাসীন হৈ থাকো।

মোনাজাত শব্দৰ অৰ্থ হৈছে পৰস্পৰে গোপনে কথা পতা । ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে : إِنٌَ أَحَدَكُمْ إأذَا صَلٌَى بُناَخِى رَبًٌهُ – অৰ্থাৎ তোমালোকৰ কোনোবাই যেতিয়া চালাতৰত অৱস্থাত থাকে, তেতিয়া তেওঁ আল্লাহৰ লগত মোনাজাত কৰে বা গোপনে কথা পাতে ( মিশকাত হাঃ/৭১০ )।চালাত শব্দৰ অৰ্থ হৈছে দো’আ , ক্ষমা প্ৰাৰ্থনা ইত্যাদি । তকবীৰে তহৰীমাৰ পৰা আৰম্ভ কৰি চালাম ফিৰোৱাৰ লৈকে সমগ্ৰ চালাতেই কেৱল দো’আ আৰু দো’আ ।। অৰ্থ বুজি চালাত আদায় কৰা সকলৰ বাবে প্ৰকৃততে ইয়াতকৈ আৰু বিশেষ দো’আ কৰিবলগা নাথাকেই । নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে : চিজদাহৰ সময়ত বান্দা তাৰ ৰব্বৰ সৰ্বনিম্ন কাষ চাপি যায় । সেয়েহে এই সময়ত সাধ্যানুসৰি বেছিকৈ দো’আ কৰিব লাগে ( মুচলীম , মিশকাত হাঃ/৮৯৪ )। ইয়াৰ ওপৰিও শেষ বৈঠকত তাশ্বাহুদ আৰু চালামৰ মধ্যৱৰ্ত্তী সময়খিনিত ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে বেছিকৈ দো’আ কৰিছিল ( মুচলীম , মিশকাত হাঃ/৮১৩ )।

নবী চল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছে : الْدٌُعاَوُ هُوَ اَلْعِبَادةُ – দো’আ হল ইবাদত ( মিশকাত হাঃ/২২৩০ )। দো’আ যিহেতু এক ইবাদত , সেয়েহে এই ইবাদতৰ পদ্ধতি বা সময় নবী চল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই যোৱা চুন্নত অনুসৰি হোৱাটো একান্তই বাঞ্চনীয় । উল্লেখযোগ্য যে আমাৰ ইয়াত প্ৰচলিত ফৰজ চালাতৰ পাছত ইমামৰ সৈতে কৰা সন্মিলিত মোনাজাতৰ সপক্ষে ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লাম বা চাহাবায়ে কেৰাম সকলৰ পৰা কোনো চহীহ বা জয়ীফ চনদৰ দলীল নাই । নিশ্চিত ভাবে এনে ইবাদত দ্বীনৰ নতুন সৃষ্টি , যাক শ্বৰীয়তৰ দৃষ্টিত বিদআত বোলা হয় ! বিদআতী ইবাদতৰ পৰিণতি হৈছে জাহান্নাম । সেয়েহে আমি ত্বথ্যবিহীন এনে ইবাদতৰ পৰা সাৱধান হোৱা উচিত । কোৱা বাহুল্য যে, মক্কা মদিনাৰ মছজিদত এনে সন্মিলিত মোনাজাতৰ আজিও কোনো অস্তিত্ব নাই । অৱশ্যে ব্যক্তিগত ভাবে অকলে দো’আ কৰাত শ্বৰীয়তৰ কোনো বাধা নাই ।

চালাতৰ মাধ্যমত শ্ৰেষ্ঠ দো’আ হৈছে চুৰাতুল ফাতিহাৰ জৰিয়তে ” আলহামদুলিল্লাহ ” আৰু ” ইহদিনাচ্ ছিৰাতাল মুছতাকিম ” বুলি দো’আ কৰা ।

আল্লাহে আমাক সকলোকে সঠিক চুন্নতি পদ্ধতিৰে দো’আ আৰু ক্ষমা প্ৰাৰ্থনা কৰি আমাৰ গোণাহ সমূহ মাফ বিচৰাৰ তৌফিক দান কৰক । । । আমীন । । । । ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s