[২]-শ্বহী হজ্জ ও ওমৰাহ-

hz copy

[২]-শ্বহী হজ্জ ও ওমৰাহ-
-সংগ্রহ,সম্পাদন আৰু সংকলনত-
-চৈয়দ চ’গুদ ইছলাম-[০৭.০৮.২০১৬]-
—————————————————————–

হজ্জৰ সংজ্ঞা (معنى الحج) :

‘হজ্জ’-ৰ অভিধানিক অর্থ: সংকল্প কৰা  (القصد)। পাৰিভাষিক অর্থ: আল্লাহৰ নৈকট্য হাছিলৰ উদ্দেশ্যে বছৰৰ এটা নির্দিষ্ট সময়ত শৰী‘আত নির্ধাৰিত ক্রিয়া-পদ্ধতি সহকাৰে মক্কালৈ গৈ বায়তুল্লাহত যিয়াৰত কৰাৰ সংকল্প কৰা।

ওমৰাহ-সংজ্ঞা (معنى العمرة) :

‘ওমৰাহ’-ৰ অভিধানিক অর্থ : আবাদ  স্থানত যোৱাৰ সংকল্প কৰা  (الاعتمار) , যিয়াৰত কৰা। পাৰিভাষিক  অর্থ: আল্লাহৰ নৈকট্য হাছিলৰ উদ্দেশ্যে বছৰৰ যিকোনো সময়ত শৰী‘আত নির্ধাৰিত ক্রিয়া-পদ্ধতি সহকাৰে মক্কালৈ গৈ বায়তুল্লাহত যিয়াৰত কৰাৰ সংকল্প কৰা।

হজ্জ-সময়কাল (أشهر الحج) :  

হজ্জৰ বাবে  নির্দিষ্ট তিনটি  মাহ  হ’ল শাওয়াল, যুলক্বা‘দাহ ও যুলহিজ্জাহ । এই মাহবোৰৰ মাজত যিকোনো সময়ত হজ্জৰ ইহৰাম বান্ধি বায়তুল্লাহৰ উদ্দেশ্যে ৰাওনা হোৱা যায় আৰু ৯ যিলহাজ্জ তাৰিখে আৰাফাতৰ ময়দানত অবস্থান কৰিব লাগে। ৯ তাৰিখে আৰাফাতৰ ময়দানত অবস্থান নকৰিলে  হজ্জ নহব। ইয়াৰ বিপৰিতে ‘ওমৰাহ’ কৰা সুন্নত আৰু বছৰৰ যিকোনো সময়ত তাক কৰিব পাৰি ।[1]

হুকুম (حكم الحج والعمرة) :

নিৰাপদ ও সুষ্ঠু যোগাযোগ ব্যবস্থাসহ  দৈহিক ও আর্থিকভাবে সামর্থ্যবান মুমিনৰ বাবে  জীবনত এবাৰ হজ্জ কৰা ফৰয।[2]বহুবাৰ হজ্জ বা ওমৰাহ কৰা নফল বা অতিৰিক্ত বিষয়’।[3]বাৰবাৰ নফল হজ্জ ও ওমৰাহ কৰাতকৈ গৰীব নিকটাত্মীয়সকলৰ মাজত উক্ত ধন বিতৰণ কৰা আৰু অন্যান্য দ্বীনী কামত ছাদাক্বা কৰা  উত্তম

ফযীলত (فضائل الحج والعمرة) : ৯ম অথবা ১০ম হিজৰীতে হজ্জ ফৰয হয়। হাফেয ইবনুল ক্বাইয়িম (ৰহঃ) এ মতকেই অগ্রাধিকাৰ দিছে। তথাপিও  জমহূৰ বিদ্বানসকলৰ মতে ৬ষ্ঠ হিজৰীতে হজ্জৰ হুকুম নাযিল হয় আৰু ৰাসূলুল্লাহ (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) ১০ম হিজৰীত জীবনত এবাৰ ও শেষবাৰ  সপৰিবাৰে হজ্জ কৰে।[4] তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম)  জীবনত মুঠ ৪ বাৰ ওমৰাহ কৰে।[5]

ফযীলত (فضائل الحج والعمرة) :
مَنْ حَجَّ للهِ فَلَمْ يَرْفُثْ وَلَمْ يَفْسُقْ رَجَعَ كَيَوْمٍ وَلَدَتْهُ أُمُّهُ، متفق عليه-
১.ৰাসূলুল্লাহে (ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৈছিল, যি ব্যক্তিয়ে আল্লাহৰ উদ্দেশ্যে হজ্জ কৰিছে; যাৰ মাজত তেওঁ অশ্লীল কথা কোৱাঁ নাই বা অশ্লীল কার্য কৰা নাই, তেওঁ হজ্জৰ পৰা ঘূৰি অহাৰ পিছত, সেই দিনাৰ দৰে (নিষ্পাপ অবস্থায়)হ’ব যিদিনা তেওঁ মাকে তেওঁক প্রসব কৰিছিল’।[6]
اَلْعُمْرَةُ إِلَى الْعُمْرَةِ كَفَّارَةٌ لِّمَا بَيْنَهُمَا وَالْحَجُّ الْمَبْرُوْرُ لَيْسَ لَهُ جَزَاءٌ إِلاَّ الْجَنَّةُ، متفق عليه-
২. ৰাসূলুল্লাহে (ছাঃ) কৈছিল, ‘এক ওমৰাহ পৰা পৰৱর্তী ওমৰাহ পর্যন্ত সময় (ছগীৰা গোনাহ সমূহৰ) কাফফাৰা স্বৰূপ। আৰু কবুল হজ্জৰ প্রতিদান জান্নাতৰ বাহিৰে একোৱেই নহয়’।[7]
কবুল হজ্জ কি!!!! অপেক্ষা কৰিব লাগিব অহা দেওবৰলৈ।
—————————————————
Note-1 to 7:-
[1]. সাইয়িদ সাবিক্ব, ফিক্বহুস সুন্নাহ (কায়ৰো: দাৰুল ফাৎহ ৫ম সংস্কৰণ ১৪১২/১৯৯২), পৃঃ ১/৪৬২, ৫৪০।
[2]. আলে ইমৰাণ ৩/৯৭; আবুদাঊদ হা/১৭২১।
[3]. আবুদাঊদ, নাসাঈ, আহমাদ, আলবানী মিশকাত হা/২৫২০।
[4]. ফিক্বহুস সুন্নাহ ১/৪৪২, ৪৪৪।
[5]. মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/২৫১৮; চাৰিটি ওমৰাহ : (১) ৬ষ্ঠ হিজৰীত হোদায়বিয়াৰ ওমৰাহ (عمرة الحديبية) , যিটো পূৰণ নোহোৱাত তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) সন্ধি কৰি ঘূৰি যায় (২) ৭ম হিজৰীত আগৰ বছৰৰ সন্ধি মতে ওমৰাহ (عمرة القضاء) আদায় (৩) ৮ম হিজৰীত মক্কা বিজয় ও হোনায়েন যুদ্ধৰ পাছত গণীমত ভগোৱাৰ পিছত জি‘ইর্ড়া-নাহৰ পৰা ওমৰাহ (عمرة الجعرّانة) আদায় আৰু (৪) সর্বশেষত ১০ম হিজৰীত বিদায় হজ্জৰ লগত একত্রিভাবে ওমৰাহ আদায়। সকলোবোৰ তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) কৰিছিল যুলক্বা‘দাহ মাহত’। উক্ত হিচাবে দেখা যায় যে, তেওঁ(ছাল্লাল্লা-হু আলাইহে ওয়া সাল্লাম) পৃথক ও স্বতন্ত্রভাবে কেবল দু’টি ওমৰাহ কৰিছিল। এটা ৭ম হিজৰীত আৰু আনটো ৮ম হিজৰীত। সম্ভবতঃ এইকাৰণেই ছাহাবী বাৰা বিন আযেবে (ৰাঃ) কৈছিল, ৰাসূলুল্লাহ (ছাঃ) তেওঁৰ হজ্জৰ পূর্বে দু’টি ওমৰাহ কৰিছিল যুলক্বা‘দাহ মাহত’ (বুখাৰী, মিশকাত হা/২৫১৯)।
[6]. মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/২৫০৭।
[7]. বুখাৰী, মুছলিম, মিশকাত হা/২৫০৮।
——————————————–
অনুৰোধঃ- ভুল চকুত পৰিলে আঙুলিয়াই দিব আৰু কিবা উপদেশ থাকলে জনাব। ইন-ছা-আল্লাহ কার্য্যকৰি কৰা হ’ব।[sgis]
-ক্রমশঃ- next on Sunday- in-sha-Allah.
##

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s