[১]-“এইবোৰ ক’ত পালে? : ভুলেৰে আল্লাহৰ এবাদত নহয়”

[১]-“এইবোৰ ক’ত পালে? : ভুলেৰে আল্লাহৰ এবাদত নহয়”
———————————————————————

–প্রচলিত অজুত অসমীয়া/বাংলা বা আৰবীতে নাওয়াইতুআন আতআজ্জা— নিয়ত হিচাবে পঢ়া হয়। কিন্তু সহীহ হাদীস তো দূৰৰ কথা, কোনো যঈফ হাদীসেৰেও মুখেৰে নিয়ত উচ্চাৰণৰ কথা কোৱা হোৱা নাই।

* ৰাসূল (সাল্লাল্লাহু আলাইহিছ সাল্লাম)ৰ পদ্ধতিঃ ৰাসূলে (সাল্লাল্লাহু আলাইহিছ সাল্লাম) কৈছিলঃ ‘‘আৰু প্রত্যেক ব্যক্তি সেইটো পাব, যেনেকৈ তেওঁ নিয়ত কৰিব।’’ (সহীহুল বুখাৰী-১/১, সহীহ্ মুসলিম’ ৪৬) এতেকে নিয়ত কৰিব লাগিব, পঢ়িব নালাগে। আনোয়াৰ শাহ্ কাশ্মিৰী (ৰঃ) বুখাৰীৰ প্রসংগৰ পৰা লিখিছে; নিয়ত হৈছে- অন্তৰৰ কার্য্যসমূহ। (ফয়যুল বাৰী-১/৮ পৃঃ)

main-http://www.hadithbd.com/100mistakes.php


COMMENTS:-

1]-Afjal Hussain :-মুত্তাফাক্ব ‘আলাইহ; ছহীহ বুখাৰী আৰু মিচকাত-ৰ প্রথম হাদীছ। ৰাবী হজৰত ওমৰ ইবনুল খাত্ত্বাব (ৰা: )। হজ্জ আৰু ওমৰাহ( -ৰ বাবে উচ্চঃস্বৰে ‘তাল্বিয়াহ’ পাঠ কৰাৰ বাহিৰে অন্য কোনো ইবাদতৰ জন্য মুখে নিয়ত পড়া বিদ‘আত। ৰাছুলুল্লাহ(ছাঃ) ছাহাবায়ে কেৰাম, তাবেঈনে এযাম আৰু আহলে চুন্নাত ওৱাল জামা‘আতৰ ইমামসকলৰ কোনেও মুখেৰে নিয়ত পঢ়িছিল বা পঢ়িবলৈ কৈছিল বুলি জানা নাযায়। হানাফী ফিক্বাহৰ প্রসিদ্ধ গ্রন্থ ‘হেদায়া’-ৰ বিখ্যাত লেখক বুৰহানুদ্দীন আবুল হাচান আলী বিন আবুবকৰ আল-ফাৰগানীআল-মাৰগীনানী (৫১১-৫৯৩ হিঃ) সহ পৰবর্তী কালৰ কিছু ফক্বীহ অন্তৰে নিয়ত কৰাৰ লগতে মুখেৰে সেইটো পঢ়াটো ‘সুন্দৰ ’ বুলি গণ্য কৰিছে । যেনে হেদায়া-ত কোৱা হৈছে,النية هى الإرادة والشرط أن يعلم بقلبه أيّ صلاة يصلي، أما الذكر باللسان فلا معتبر به ويحسن لاجتماع عزيمته- ‘নিয়ত অর্থ সংকল্প কৰা । কিন্তু চৰ্ত হ’ল যে, মুছল্লীয়ে কোন ছালাত আদায় কৰিব , সেইটো অন্তৰৰ পৰা জনা । মুখেৰে নিয়ত পঢ়াৰ কোনো গুৰুত্ব নাই । থাপিও হৃদয়ৰ সংকল্পক একীভূত কৰাৰ স্বার্থত মুখেৰে নিয়ত পঢ়াটোক সুন্দৰ বুলি গণ্য কৰা চলে’ (অর্থাৎ সংকল্পেৰ লগতে মুখেৰে সেইটো উচ্চাৰণ কৰা ।)। =হেদায়া (দেউবন্দ, ভাৰত : মাকতাবা থানবী ১৪১৬ হিঃ) ১/৯৬ পৃঃ ‘ছালাতৰ চর্তাৱলী ’অধ্যায়। মোল্লা আলী ক্বাৰী , ইবনুল হুমাম, আব্দুল হাই লাক্ষ্ণৌবী (ৰহঃ) প্রমুখ বিখ্যাত হানাফী বিদ্বানসকলৰ এই মতৰ বিৰোধিতাকৰিছিল আৰু ইয়াক ‘বিদ‘আত’ বুলি আখ্যায়িত কৰিছিল । -মিৰক্বাত শ্বাৰহ মিচকাত (দিল্লী ছপা , তাবি) ১/৪০-৪১পৃঃ; হেদায়া ১/৯৬

2]-Muktabul Hussain:- ভাৰতবৰ্ষৰ মাদ্ৰাছা সমূহত যিহেতু কোৰআন হাদীছৰ চৰ্চ্চা নাই, তেন্তে কি পঢ়াব ?? নিশ্চয় ১০-১২ টা বছৰ পাৰ কৰাবলৈটো course বোলা এটা বস্তু লাগিব !! সেই course frame কৰাৰ পৰিণতিতেই এনে শাব্দিক নিয়তৰ আবিৰ্ভাৱ বুলি মই ভাবো । । । । । বাকী আল্লাহু আলম । । । ।

3]-Rainur Ahmed :-নিয়ত মানে উদ্দেশ্য । উদ্দেশ্য মন্ত্ৰৰ দৰে পাঠ কৰাৰ প্ৰয়োজন নাই ।আল্লাহ সর্বজ্ঞ ।বুখাৰী ছৰীফৰ হাদিচটোৱে এইটো বুজায় যে মানুহে যি কৰিছে তাৰ ওপৰত ভিত্তি কৰি আল্লাহে বিচাৰ নকৰে, বৰং যি উদ্দেশ্যত সেই কাম কৰিছে তাৰ ওপৰত ভিত্তি কৰিহে বিচাৰ কৰিব ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s