ভেজাল আলিম চিনাৰ কিছুমান উপায়

ভেজাল আলিম চিনাৰ কিছুমান উপায়—
🔱

লিখিছে – জাহিদ আহমেদ
🗼

১। আল্লাহ নিৰাকাৰ, তেওঁ সকলোতে বিৰাজমান, য’তেই কল্লা ত’তেই আল্লা, মুমিনৰ হৃদয়ত আল্লাহৰ আৰশ্ব এইবোৰ শ্বিৰ্কযুক্ত কুফৰিমূলক আক্কিদাত বিশ্বাসী ।

২। অমুক আউলিয়াই পানীৰ ওপৰত জায়নামাজ পাৰি নামায পঢ়িছিল। ইমাম আযমে ঈছাৰ অজুৰ দ্বাৰা চল্লিশ বছৰ ফজৰৰ নামায পঢ়িছে ইত্যাদি কয়, মাকৰ পেটত থকা অৱস্থাত সম্পূৰ্ণ কুৰআন মুখস্ত কৰিছে এনেবোৰ অযৌক্তিক কথা কয়।

৩। কথায় কথায় আমাৰ অমুক আলিম মুফতি, অমুক হৈছে শ্বাইখুল হাদীছ, অমুক দেওবন্দ পাছ, অমুক টাইটেল পাছ আলিম এনেকুৱা অহংকাৰ কৰিবই ।

৪। বুখাৰী মুছলিমৰ কথা শুনিলেই অজুহাত পেচ কৰি কয়, সেই দুখন হাদীছৰ বাহিৰে পৃথিৱীত আন কোনো হাদীছৰ কিতাপ নাই নেকি ?? অথচ সকলো আলিমেই একমত যে বুখাৰী, মুছলিমৰ সকলোবোৰ হাদীছ ছহীহ।

আনকি মুজতাহিসকলে অন্যান্য হাদীছগ্রন্থসমূহৰ অধিকাংশ হাদীছক ছহীহ আৰু জঈফ বুলি নির্ধাৰণ কৰিছে বুখাৰী মুছলিমৰ সূত্রানুযায়ী।

৫। ইমামে আজম কি কম ডাঙৰ আলিম আছিল নেকি ?? ‘আমাৰ বাপ দাদাসকল বহুত পৰহেযগাৰ আছিল তেওঁলোকে কি ভুল কৰিব পাৰে’ এইবোৰ কথা কয়¸ অথচ ভুল সকলোৱেই কৰে। তেওঁলোকৰ নামত অতিৰঞ্জিত কথা কয়।

আনকি এন চি টি ভিৰ নৱম- দশম শ্রেণীৰ ইছলাম আৰু নৈতিক শিক্ষা কিতাপৰ ১৬৯ পৃষ্ঠাত লিখা আছে, ইমাম আবু হানিফা (ৰহ:)-য়ে একেৰাহে ত্রিশ বছৰ ৰোজা ৰাখিছিল, চল্লিশ বছৰ ৰাতি শোৱা নাই, তেওঁ প্রতি ৰমজানত ৬১ বাৰ কুৰআন খতম কৰিছিল। সাধাৰণ মানুহৰ ওচৰত আমাৰ প্রশ্ন, প্রতি ৰমজান মাহত ৬১ বাৰ কুৰআন খতম কৰাটো সম্ভৱ নেকি ??

কিয় আপোনালোকে নিজৰ বিবেকক প্রশ্ন নকৰে? দুনিয়াবি কামত বৈজ্ঞানিকভাৱে চলে¸ ইছলাম কাল্পনিক ধর্ম নেকি ?? বৰং ইছলাম পুৰাপুৰি বৈজ্ঞানিকভাৱে সমর্থিত জীৱন-ব্যৱস্থা।

৬। বক্তৃতাৰ আৰম্ভণিতে উর্দু ফাৰ্চী কবিতা গাণ ইত্যাদি কয়। বক্তৃতাত সুৰ দি শ্রোতাৰ মন আকর্ষণ কৰে অথচ তেওঁলোকে কুৰআন হাদীছৰ ৰেফাৰেন্স খুব কমেই দিয়ে। আৰু সাধাৰণ মানুহে ভাৱে কি সুন্দৰ ভাষণ!

আচলতে এই বক্তাই যে সুৰে সুৰে তাওহীদ বিৰোধী শ্বিৰ্ক প্রচাৰ কৰিছে এইটো কেইজনে বুজিছে ??

যেনে- হিন্দী হাৰাম গাণ মানুহে নিয়মিত শুনি গৈছে¸ কিন্তু কেইজনে ইয়াৰ অর্থ বুজি শুনিছে ?? বৰং নিজে কি শুনিছে নিজেই নাজানে।

৭। তাবিজ, কবজ গণণাত কেৱল বিশ্বাসীয়েই নহয় বৰং তাক মজবুত কৰাৰ কাৰণে জাল হাদীছ পেচ কৰি কয় এইটো তাবিজ লোৱাৰ হাদীছ। অথচ ছহীহ হাদীছটো গোপন কৰি যায় ।

৮। তেওঁলোকক কেতিয়াও শ্বিৰ্ক বিদায়াত তাওহীদ ইত্যাদি সম্পর্কে ওৱাজ কৰা দেখা নাপাব। কি কি কাম কৰিলে ইমান ভঙ্গ হব এইবোৰৰ বিষয়েও তেওঁলোকে একো নকয়। কিন্তু অলি-আউলিয়াসকলৰ গল্প খুব ভালকৈ কব পাৰে।

৯। নিষ্ঠাৱান আলিমসকলে ভুলবোৰ আঙুলিয়াই দিলে তেওঁলোকক তিৰস্কাৰ কৰে। কথায় কথায় তাৰিকাত¸ হাকিকত আৰু মাৰিফতৰ ধোৱা তুলি কন্দা-কটা কৰে।

তেওঁলোকৰ কথাত আপুনি কেতিয়াও নম্রতা বিচাৰি নাপায়। নিজৰ পৰিবাৰ পৰিজনৰ কোনো খবৰ নাই। তেওঁলোকৰ মাজত ইছলামিক আচৰণ বিচাৰি নাপাব। শিষ্টাচাৰ কাক কয় তেওঁলোকে নাজানে।

১০। এইসকল আলিমৰ অহংকাৰ ইমান বেছি যে তেওঁলোকে নিজকে বহুত শিক্ষিত বুলি ভাৱে। এইকাৰণেই কয় তুমি কি বুজিবা ইছলামৰ আমি টাইটেল পাছ। আমি তোমাতকৈ ভালদৰে বুজো। অথচ তেওঁলোকৰ উচিত আছিল যে নজনাজনক ইছলাম সম্পর্কে বুজাই দিয়া যাতে তেওঁ ইছলামী জীৱন বিধান অনুযায়ী চলিব পাৰে।

এওঁলোকে কুৰআনৰ অর্থ বুজি পঢ়াৰ প্রতি মানুহক উৎসাহিত নকৰে। এওঁলোকে এনেকুৱা কৰে যে এওঁলোকৰ কোনো ভুলেই নাই আৰু নিজকে বহুত ডাঙৰ পৰ্যায়ৰ আলিম বুলি পৰিচয় দিয়ে। নিজৰ মাজত সংশোধন বোলা বস্তুটো নাই।

১১। বিদআত সম্পর্কে পৰিপূর্ণ ধাৰণা নিদিয়ে। আৰু বক্তব্যৰ কাৰণে মঞ্চত উঠাৰ সময়ত সকলোৱে মিলি শ্লোগান দিলে বেছি খুছী হয়।

ওৱাজ কৰিবলৈ গ’লে তেওঁলোকৰ মাজত মোটা অংকৰ ধনৰ চুক্তি হয়। চুক্তি অনুযায়ী টকা গণি গণি লয় ।

১২। এইসকল আলিমে সন্মিলিতভাৱে দলবদ্ধ যিকিৰ কৰে আৰু ওৱাজৰ মাজতে কৈ থাকে কওঁক চুুবহানাল্লাহ, আৰু জোৰে কওঁক। আৰে গলৰ জোৰ কমি গ’ল যে।

আকৌ যিকিৰ কৰে প্রথমে লা ইলাহা ইল্লাল্লাহ তাৰ পিছত ইল্লাল্লাহ ইল্লাল্লাহ তাৰ পিছত আল্লাহ আল্লাহ তাৰ পিছত হু হু হু । এনেদৰে যিকিৰৰ বাক্যক কমাই অনাৰ দায়িত্ব তেওঁলোকক কোনে দিলে ??

শেষত যি কম সেইটো হৈছে , এতিয়া কাৰ যুগত ভেজাল আলিমৰ সংখ্যা বহুগুণ বাঢ়ি গৈছে। সঠিক দ্বীন ইছলাম প্রচাৰ কৰা আলিম খুব কম ।

এইটো কিয়ামতৰ এটা লক্ষণ। সেয়ে যিসকল আলিম লেবাচধাৰীৰ ডাঙৰ ডাঙৰ ডিগ্রী আছে , আন্তর্জাতিক খ্যাতি সম্পন্ন মুফাচ্ছিৰে কুৰআন বুলি যিসকলে পৰিচয় দিয়ে তেওঁলোকে সঠিকভাৱে কুৰআন – হাদীছ প্রচাৰ কৰিছেনে ?? তাক ভাৱি চোৱাৰ বাবে অনুৰোধ থাকিল।

ইয়াৰ কাৰণে আপুনি কুৰআন হাদীছৰ চর্চা কৰিব লাগিব। কুৰআন হাদীছ সম্পর্কে ন্যূনতম জ্ঞান নাথাকিলে আপুনি কেতিয়াও এইসকল ভেজাল আলিমক চিনিব নোৱাৰিব যিসকলে আপোনাৰ ঈমান বিক্রী কৰিছে ।
🔗🔗🔗🔗🔗🔗🔗🔗🔗🔗🔗🔗

কিয়ামতৰ দিনা সত্য প্রকাশ হৈ যাব। কিন্তু তেতিয়া আৰু সুযোগ নাপাব সত্য বিচৰাৰ কাৰণে। সেয়ে সময় থাকোতে সতর্ক হওঁক। আৰু এটা কথা- আমি কিন্তু কোৱা নাই যে¸ ভেজাল আলিমসকলৰ সকলো কথাই মিছা।

নাই, তেওঁলোকে সত্যৰ সৈতে মিছা মিহলাই দিয়ে। এই কাৰণে, আলিমসকলক চিনি লওঁক। আল্লাহে আমাক সত্য বাহিৰ কৰাৰ তৌফিক দিয়ক।

ছুৰা নাহল:101 – আৰু যেতিয়া আমি এক আয়াতৰ স্থলত অন্য আয়াত উপস্থিত কৰোঁ আৰু আল্লাহে যি অৱতীর্ণ কৰে তেৱেঁই সেই সম্পর্কে ভালদৰে জানে; তেতিয়া সিহঁতে কয়ঃ আপুনি তো মনেগঢ়া উক্তি কৰে; বৰং সিহঁতৰ অধিকাংশ লোকেই নাজানে।

Translated by Juber Rahman

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s