1](all links)-জানাজা নামাজৰ মাছালা -Ikramul Hussain

4

জানাজা নামাজৰ মাছালা
১) জানাজাৰ চালাত আদায়ৰ ফযীলত :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – ৰাছুল কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, যি ব্যক্তিয়ে জানাজাত অংশ গ্ৰহণ কৰিব আৰু চালাত আদায় কৰিব্, তেওঁ এক কীৰাত পৰিমাণ চাৱাব লাভ কৰিব, আৰু যি ব্যক্তিয়ে দাফন কৰা পৰ্য্যন্ত হাজিৰ থাকিব্, তেওঁ দুই কীৰাত পৰিমাণ চাৱাব পাব । চাহাবী গণে প্ৰশ্ন কৰিলে – হে আল্লাহৰ ৰাছুল ! দুই কীৰাত অৰ্থ কি ? উত্তৰত কলে, দুই কীৰাত হ’ল ডাঙৰ ডাঙৰ দুটা পাহাৰৰ সমান চাৱাব লাভ কৰিব (কিতাবুল জানাজা )
২) জানাজাৰ চালাতত মাত্ৰ কিয়াম আৰু চাৰি তকবীৰ আছে, ৰুকু-চিজদাহ নাই । গায়েবী জানাজাৰ চালাত আদায় কৰা জায়েয :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – ৰাছুল কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে মানুহক নাজাছীৰ মৃত্যুৰ সংবাদ সিদিনাই দিছিল্, যিদিনা তেখেত ইন্তেকাল হৈছিল । তাৰ পিছত চাহাবী সকলক লৈ ঈদগাহত উপস্থিত হ’ল আৰু শাৰী পাতি চাৰি তকবীৰ সহ জানাজাৰ চালাত আদায় কৰিলে (বুখাৰী, মুখতাছাৰ ছহীহ বুখাৰী, যবীদি হাদীছ নং ৬৩৮)
৩) প্ৰথম তকবীৰৰ পিছত চুৰা ফাতিহা পঢ়া চূন্নাত :- আব্দুল্লাহ ইবনে আব্বাচ (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – ৰাছুল কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে জানাজাৰ চালাতত চুৰা ফাতিহা পঢ়িছিল (তিৰমিযী, ছহীহ চুনান আবু দাউদ ১ম খণ্ড হাদীছ নং ১২১৫)
ত্বালহা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – মই আব্দুল্লাহ ইবনে আব্বাচ (ৰাঃ) ৰ পিছত জানাজাৰ চালাত আদায় কৰিছো । তেখেতে চুৰা ফাতিহা পাঠ কৰিছিল, তাৰ পিছত কৈছিল – মনত ৰাখিবা, এটি চূন্নাত (মুখতাছাৰু ছহীহ বুখাৰী, যবীদি হাদীছ নং ৬৭৩)
৪) প্ৰথম তকবীৰৰ পিছত চুৰা ফাতিহা, দ্বিতীয় তকবীৰৰ পিছত দৰূদ্, তৃতীয় তকবীৰৰ পিছত দোৱা আৰু চতুৰ্থ তকবীৰৰ পিছত চালাম ফিৰোৱা চূন্নাত । জানাজাৰ চালাতত মনে মনে বা উচ্চ স্বৰে, উভয় নিয়মত কিৰাত পঢ়া জায়েয । চুৰা ফাতিহাৰ পিছত কোৰআন মজিদৰ যি কোনো চুৰা পঢ়া জায়েয :- ত্বালহা ইবনে আব্দুল্লাহ (ৰাঃ) দ্বাৰা বৰ্ণিত্, মই আব্দুল্লাহ ইবনে আব্বাচ (ৰাঃ)ৰ পিছত জানাজাৰ চালাত পঢ়িছো । তেখেতে চুৰা ফাতিহাৰ পিছত অন্য এটা চুৰা উচ্চ স্বৰত পঢ়িছিল্, যিটো আমি শুনা পাইছিলো । চালাত শেষ হোৱাৰ পিছত মই তেখেতৰ হাতত ধৰি কিৰাত সম্পৰ্কে জানিব বিছৰাত তেখেতে কলে – মই উচ্চ স্বৰত কিৰাত এই কাৰণে পঢ়িছো যে তোমালোক অবগত হোৱা – ই চূন্নাত (বুখাৰী, আবু দাউদ্, নাছাঈ, আহকামুল জানাজা, সেখ আলবানী পৃঃ ১১৯) ।
আবু উমামাহ (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে এজন চাহাবীৰ পৰা বৰ্ণনা কৰিছে, জানাজাৰ চালাতত ইমামে প্ৰথম তকবীৰৰ পিছত মনে মনে চুৰা ফাতিহা পঢ়া, দ্বিতীয় তকবীৰৰ পিছত নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত দৰূদ পেছ কৰা, তৃতীয় তকবীৰৰ পিছত ইখলাছৰ সতে মৃত ব্যক্তিৰ বাবে দোৱা কৰা আৰু চতুৰ্থ তকবীৰৰ পিছত চালাম ফিৰোৱা চূন্নাত (শ্বাফিই, মুচনাদুছ শ্বাফিই ১ম খণ্ড হাদীছ নং ৫৮১)
৫) তৃতীয় তকবীৰত দৰূদৰ পিছত নিম্নোল্লেখিত যি কোনো এটা দোৱা পঢ়া জৰুৰী :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে জানাজাৰ চালাতত এই দোৱা পঢ়িছিল – “আল্লাহুম্মাগফিৰ লিহায়্যিনা ৱ-মায়্যিতিনা ৱ-শ্বাহিদিনা ৱ-গা-ইবিনা ৱ-ছাগিৰিনা ৱ-কাবিৰিনা ৱজা-কাৰিনা ৱ-উনছানা, আল্লাহুম্মা মান আহ্-য়ায়তাহু মিন্না ফা-আহ য়িহি আলাল ইছলামি ৱমান তাৱাফ্-ফাইতাহু মিন্না ফাতাৱাফ ফাহু আলাল ঈ-মানি আল্লাহুম্মা লা তাহৰিমনা আযৰাহু ৱলা তুযিল্-লানা বাঅদাহু অৰ্থাৎ হে আল্লাহ ! আমাৰ জীবিত ও মৃত, উপস্থিত ও অনুপস্থিত্, সৰু ডাঙৰ, পুৰুষ ও মহিলা সকলোকে মাফ কৰি দিয়া । হে আল্লাহ ! আমাৰ ভিতৰত যি সকলক জীবিত ৰাখিছা তেওঁলোকক ইছলামৰ ওপৰত জীয়াই ৰাখা আৰু যি সকলক মৃত্যু দান কৰা তেওঁলোকক ঈমানৰ লগত মৃত্যু দিবা । হে আল্লাহ ! আমাক চাৱাবৰ পৰা বঞ্চিত নকৰিবা আৰু আমাক পথভ্ৰষ্ট নকৰিবা (আহমদ্, আবু দাউদ্, তিৰমিযী, ছহীহ চুনানে ইবনু মাজাহ ১ম খণ্ড হাদীছ নং ১২১৭, মিছকাত হাদীছ নং ১৫৮৫)
আওফ ইবনে মালিক (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে এবাৰ জানাজাৰ চালাতত পঢ়া দোৱা মই মুখস্থ কৰি পেলাইছো । দোৱাটো হ’ল – আল্লাহুম্মগ ফিৰ লাহু ৱাৰ হাম হু ৱ-আ ফিহি ৱাঅ’ ফু আনহু ৱাক ৰিম নুজু লাহু ৱাৱাচিঅ’ মুদ খালাহু ৱাগ্-চিলহু বিল মা-য়ি ৱাচ্-চালজি ৱাল বাৰাদি ৱনাক্কিহি মিনাল খাতায়া কামা নাক্কাইতাচ চাওবাল আবয়াদা মিনাদ দানাচি ৱ-আবদিলহু দাৰান খায়ৰান মিন দাৰিয়্যি ৱ-আহলান খায়ৰা মিন আহলিহি ৱজাওযান খায়ৰা মিন জাওজিহি ৱ-আদ খিলহুল জান্নাতা ৱ-আ য়িজহু মিন আজাবিল কাবৰি আও মিন আজাবিন নাৰি ফালা হাত্তা তামান্-নাইতু আন আকুনা আন্না জালিকাল মায়্যিতা অৰ্থাৎ হে আল্লাহ ! তুমি তেওঁক ক্ষমা কৰি দিয়া, তাৰ ওপৰত ৰহম কৰা, তাক পূৰ্ণ নিৰাপত্তাত ৰাখা, তেওঁক ক্ষমা কৰি দিয়া, মৰ্য্যদা সহ তওঁক আতিথ্য দান কৰা । তেওঁৰ বাসস্থান প্ৰশস্ত কৰি দিয়া, তুমি তেওঁক পানী, বৰফ আৰু নিয়ৰেৰে ধুই গুনাহৰ পৰা এনেদৰে মুক্ত কৰি দিয়া যি দৰে বগা কাপোৰ ধুই ময়লাৰ পৰা চাফ কৰা হয় । তেওঁৰ দুনিয়াৰ ঘৰৰ পৰিবৰ্তে উত্তম ঘৰ প্ৰদান কৰা, তেওঁক উত্তম পৰিবাৰ দান কৰা, তেওঁলোকৰ উত্তম যুটি প্ৰদান কৰা ও জান্নাতত প্ৰবেশ কৰোৱা আৰু কবৰৰ আযাব ও জাহান্নামৰ শাস্তিৰ পৰা পৰিত্ৰাণ কৰা । আওফ (ৰাঃ) য়ে কৈছে, এই দোৱা শুনি মোৰ আকাঙ্ক্ষা হৈছিল যে ময়ে যদি সেই মৃত ব্যক্তি হলো হেতেন (মুখতাছাৰু ছহীহ মুছলিম পৃঃ ৪৭৭)
৬) শিশুৰ জানাজাৰ চালাতত নিম্ন বৰ্ণিত দোৱা পঢ়া চূন্নাত :- হাচান (ৰাঃ) য়ে এজন শিশুৰ জানাজাৰ চালাত আদায় কৰোতে চুৰা ফাতিহাৰ পিছত এই দোৱা পঢ়িছিল – হে আল্লাহ ! তেওঁক আমাৰ বাবে অগ্ৰবৰ্তী নেকী আৰু চাৱাবৰ অচিলা বনাই দিয়া (বুখাৰী, কিতাবুল জানাজা)
৭) জানাজাৰ চালাত পঢ়াওঁতে ইমামে পুৰুষ ব্যক্তিৰ মূৰৰ কাষত আৰু মহিলাৰ মধ্যবৰ্তী স্থানত থিয় হোৱা উচিত :- গালিব (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, আমাৰ সন্মুখত এবাৰ আনচ (ৰাঃ) য়ে এজন পুৰুষ ব্যক্তিৰ জানাজাৰ চালাত আদায় কৰোতে মৃতদেহৰ মূৰৰ কাষত থিয় হৈছিল । তাৰ পিছত এগৰাকী মহিলাৰ জানাজাৰ চালাত আদায় কৰোতে মৃতদেহৰ মধ্যবৰ্তী স্থানত থিয় হৈছিল । আমাৰ লগত তেতিয়া ‘আলা ইবনে জিয়াদ্’ উপস্থিত আছিল, তেখেতে পুৰুষ মহিলাৰ মাজত ঈমামে স্থান পৰিবৰ্তনৰ কথা সুধিলে, হে আবু হামযাহ ! ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লমেও কি পুৰুষ্-মহিলাৰ জানাজাৰ চালাতত এনেদৰে থিয় হৈছিল নে ? আনচ (ৰাঃ) য়ে উত্তৰ দিছিল – হয়্, এনেদৰে থিয় হৈছিল, মনত ৰাখিবা (আহমদ্, আবু দাউদ ছহীহ চুনানে ইবনে মাজাহ, ১ম খণ্ড হাদীছ নং ১২১৪)
৮) জানাজাৰ চালাতৰ প্ৰত্যেক তকবীৰত হাত উঠাব লাগে :- আব্দুল্লাহ ইবনে উমৰ (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে জানাজাৰ চালাতত প্ৰত্যেক তকবীৰত হাত উঠাইছিল (বুখাৰী – তা’লীক্)
৯) জানাজাৰ চালাতত দুই হাত বুকুত বন্ধা চূন্নত :- ত্বাউচ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে চালাতত বাওঁহাতৰ ওপৰত সোঁহাত ৰাখি জোৰেৰে ধৰি বুকুৰ ওপৰত বান্ধিছিল (ছহীহ চুনানে আবু দাউদ ১ম খণ্ড্, হাদীছ নং ৬৮৭) ক্ৰমশঃ ……

1-7= জানাজা সম্পৰ্কে মাছালা

1-7=কফন সম্পৰ্কত মাছালা

1-9=জানাজা নামাজৰ মাছালা

10-19(end)=জানাজা নামাজৰ মাছালা

1-11=মৃতদেহ দফনৰ মাছালা

12-22= মৃতদেহ দফনৰ মাছালা

1-18= দফন সম্পৰ্কত নিম্নোক্ত কাম সমূহ চূন্নতৰ দ্বাৰা প্ৰমাণিত নহয় –

16-28:- মৃত্যু ও মৃত ব্যক্তি সম্পৰ্কে মাছায়েল

শোক প্ৰকাশৰ মাছায়েল

মৃতকক গোছল দিয়া সম্পৰ্কত মাছায়েল

কফন সম্পৰ্কত মাছালা

 

 

Sogood Islam Syeds অতি সুন্দৰ পষ্ট। লগতে দুঃখৰো পষ্ট। কাৰণ আমাৰ চলন্তি বিধানত জানাজাক ছালাত হিচাবে নপঢ়ি বেদাতী ছিষ্টেমেৰে ছুৰা ফাতেহা নপঢ়াকে মুদ্দাক এধাপ জহন্নামলৈ ঠেলি দিয়ে।।। কবৰৰ আজাব বৰ ভয়ানক———ৰছুলে(সঃ) কৈছেঃ-আনাস (ৰাঃ) পৰা বর্নিত। নাবী (সাঃ)এ কৈছেঃ
তোমালোকে মৃতসকলক দাফন কৰা বর্জন কৰি দিবা, এই ভয় নাথাকিলে
মই আল্লাহৰ ওচৰ দু’আ কৰিলোহেতেঁন
যেন তেওঁ তোমালোকক কবৰৰ কিছু আযাব শুনাই দিয়ে।
[মুসলিমঃ২৬৮৮,নাসাঈঃ২০৩১]
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s