আপুনি জানেনে লা-মাযহাবী ওৱাহ্হাবী কাক বোলে ?

আচ্ছালামু আলাইকুম ৱাৰাহমাতুল্লাহ ৱাবাৰাকাতুল্লাহ……
সকলোৱেই ভালদৰে সম্পূৰ্ণকৈ পঢ়ক।

বহুতেই কুৰআন আৰু ছহীহ হাদীছৰ অনুসাৰীসকলক লা-মাযহাবী ওৱাহ্হাবী বুলি গালি দি থাকে। আপুনি জানেনে লা-মাযহাবী ওৱাহ্হাবী কাক বোলে ? বা তাৰ অর্থ কি জানেনে? ……
জানি লওঁক কোন সেই মহান ব্যক্তি যাৰ নামত গালি দি থাকে ,,,,,,,,,,,,,

৮০১ হিজৰীত তুৰ্কী শাসকসকলে মুছলিম জাতিৰ প্রাণকেন্দ্র কাবা গৃহত ৪ মাজহাবৰ নামাজৰ কাৰণে ৪ টা পৃথক পৃথক মুছাল্লা (ইমামৰ থিয় ঠাই) তৈয়াৰ কৰে। ৪ মাজহাবী ইমামে পৃথক পৃথক ইকামাত দি ৪ টা জামাত কৰি নামাজ পঢ়াত হানাফী ইমামে নামাজ পঢ়ালে বাকী ৩ মাযহাবৰ ইমাম আৰু তেওঁলোকৰ অনুসাৰীসকলে হানাফী মাজহাবৰ জামাত শেষ নোহোৱালৈকে অপেক্ষা কৰে আকৌ মালিকী মাযহাবৰ ইমামে নামাজ আৰম্ভ কৰিলে বাকী মাজহাবৰ ইমাম আৰু তেওঁলোকৰ অনুসাৰীসকলে হুমনিয়াহ কাঢ়ি থিয় হৈ থাকে। এনে ভাৱ হয় যেন ভিন্ন ধর্মৰ ভিন্ন জাতিয়ে তেওঁলোকৰ নিজস্ব উপাসনা কৰিছে। এওঁলোকৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই যেনেকৈ আমি হিন্দুসকলৰ উপাসনালয়ত কিছুমান মুছলিম থিয় হৈ থকা দেখো। তেওঁলোকেও অবিকল কৰি থাকে। জাতি এক¸ ধর্ম এক, দল ইমান কিয়? আকৌ কিয়ই বা ইমান দল ইমান মত? মুছলিম জাতি ৪ ভাগত ভাগ হৈ জাহিলিয়াতৰ মাজত ডুবি যায়। পিছত ১৩৪৩ হিজৰীত চৌদি আৰবৰ সন্মানীত ব্যক্তি মুহাম্মদ বিন আব্দুল ওৱাহ্হাব দ্বীনী দাঈ (ৰাহিমাহুল্লাহ)-য়ে সেই ৪ মুছাল্লা ভাঙি পেলাই আৰু জাৰী কৰে কুৰআন হাদীছৰ অনুসৰণ। ফলত কুৰআন-হাদীছৰ বিধান মতে মুছলিম জাতি পুনৰ এক কাতাৰত এক জামাতত ইব্রাহিমী মুছাল্লাত ১ ইমামৰ পিছত নামাজ আদায়ৰ সুযোগ পাইছে।

আলহামদুলিল্লাহ, যি আজিও অব্যাহত আছে…!

ইয়াতেই শেষ নহয় …….
আৰম্ভ হয় নতুন দিগন্তৰ চ্যালেঞ্জ।

মুহাম্মাদ বিন আব্দুল ওৱাহ্হাব নামৰ এজন ইছলামৰ একনিষ্ঠ খাদিম আৰু মুজাদ্দিদ আছিল, শ্বিৰ্ক আৰু বিদাতৰ বিৰুদ্ধে তেওঁৰ বলিষ্ঠ কণ্ঠস্বৰ আছিল, এফালে লিখনী অন্যফালে শাসকৰ সাহায্যক লৈ শত শত মাজাৰ আৰু ওখ কবৰ নিজ হাতেৰে ধ্বংস কৰে, তেওঁৰ প্রতি কবৰপূজাৰী বা মাজাৰপুজাৰী বা মাজহাব¸ তৰীকা আৰু পীৰপন্থীসকলৰ তীব্র বিদ্বেষৰ কাৰণে পিছত যিসকলে মাজাৰ, কবৰ, মাজহাব তৰীকাৰ বিৰুদ্ধে কথা কৈছে তেওঁলোককেই বিন আব্দুল ওৱাহ্হাবৰ সৈতে সম্পর্কিত কৰি গালি হিচাবে ব্যৱহাৰ কৰা হৈছে ওৱাহ্হাবী নামটো। কবৰপূজাৰী আৰু মাজহাব পুজাৰীসকলৰ এই নাম ব্যৱহাৰৰ কাৰণে আৰু কিছুসংখ্যক নামধাৰী মুছলিমে ইংৰাজসকলৰ দালালী কৰি ইংৰাজসকলৰ ওচৰত কবৰ, মাজাৰ আৰু মাজহাব বিৰোধী মুহাম্মদ বিন আব্দুল ওৱাহ্হাব দ্বীনী দাঈক গালি স্বৰূপে ওৱাহ্হাবী বুলি চিহ্নিত কৰাত ইংৰাজসকলেও মাজহাব আৰু পীৰ বিৰোধীসকলক ওৱাহ্হাবী নামেৰেই চিনি পায়। মূল কাৰণ ওৱাহ্হাবী নামৰ → মুহাম্মাদ বিন আব্দুল ওৱাহ্হাবৰ কবৰ, মাজাৰ আৰু মাজহাব বিৰোধী ভূমিকাৰ কাৰণে পৰৱর্তী কালত মাজহাব আৰু পীৰ-মাজাৰ বিৰোধীসকলক ওৱাহ্হাবী নামেৰে চিহ্নিত কৰা হয় ।।।।। বহুতেই মাযহাব অনুসৰণ কৰে কিন্তু পীৰ-মাজাৰৰ বিৰোধীতাও কৰে… যেতিয়া লা-মাযহাবী ওৱাহ্হাবীসকলে পীৰ-মাজাৰ বিৰোধী কথা কয় তেতিয়া মাযহাবৰ অনুসাৰীসকলে মাৰহাবা স্বাগতম জনায় আকৌ যেতিয়া হক্ব সত্য প্রকাশ কৰে যিটো মাযহাবৰ বিৰুদ্ধে যায় তেতিয়াই বাপ-দাদাৰ ধর্মত আঘাত লাগে। হক্ব সত্য মানি লোৱাত কষ্ট হয় …. কিন্তু মনত ৰাখিব মৃত্যুৰ আগত এই হক্ব সত্য মানিবই লাগিব আৰু হানাফী¸ মালিকী¸ হাম্বলী¸ শ্বাফেয়ী পৰিচয় বাদ দি নিজকে মুছলিম পৰিচয় দিবই লাগিব তাৰ বিকল্প নাই।।।।……

কুৰআন হাদীছৰ অনুসৰণ কৰোঁতে যদি আমি লা-মাযহাবী ওৱাহ্হাবী হৈ যাওঁ তেনেহ’লে আমি গর্বিত লা-মাযহাবী¸ ওৱাহ্হাবী হব পাৰিম কিন্তু কুৰআন হাদীছ বাদ দিব নোৱাৰোঁ। ই সম্ভব নহয়…….

আমি হানাফী নহয়
আমি হাম্বলী নহয়
আমি মালিকী নহয়
আমি শ্বাফী মাযহাবৰ নহয়
আমি পীৰ-মাজাৰ পুজাৰী নহয়।।……
আমি কেৱল কুৰআন আৰু ছহীহ হাদীছৰ অনুসাৰী মুছলিম। তাকে লৈ কোনোবাই যদি আমাক ওৱাহ্হাবী¸ লা-মাযহাবী¸ চালাফি বা আহলে হাদীছ বুলি কয়¸ তেনেহ’লে আমি গৰ্বিত। কাৰণ এইবোৰ এজন মুছলিমৰ বিশেষণ বা গুণবাচক নাম।
ইছলাম আমাৰ ধর্ম¸ মুছলিম আমাৰ পৰিচয় এইটোৱেই সত্য এইটোৱেই আল্লাহৰ চুড়ান্ত সিদ্ধান্ত।

মহান আল্লাহে কৈছে ……..
যিয়ে আল্লাহৰ ফালে দাওৱাত দিয়ে, সৎকর্ম কৰে আৰু কয়, মই এজন মুছলিম, তাৰ কথাতকৈ উত্তম কথা আন কাৰ?
…ছুৰা হা-মীম ছিজদাহ:33

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s