A)তাৰাবীহ ছালাত ৮ ৰাকাত নে ২০ৰাকাত? B) উমাৰ ৰা: ২০ৰাকাত কৰিছে?

A)-তাৰাবীহ ছালাত – ৮/ ৰাকাত নে
২০/ ৰাকাত?
_________________?
_________________?
আমাৰ ভাৰতবৰ্ষ তথা অসমত ইয়াকে লৈ বহুত
বিতৰ্ক হৈ আছে – কিছুমানে কয় -৮/ ৰাকাত
কিছুমানে কয় – ২০ / ৰাকাত

কিন্তু
যদি হাদীছ দেখে – তেনেহ’লে এনে এটা হাদীছো
বিচাৰি নাপাব – যে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ২০/ ৰাকাত
ছালাত পঢ়িছিল

*******

আবূ চালামা ইবনু ‘আব্দুৰ ৰাহমান (ৰহঃ)-ৰ
পৰা বর্ণিতঃ
তেওঁ ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰে:
যে, ৰমজানত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছালাত কেনেকুৱা আছিল?
তেওঁ ক’লে, ৰমজান মাহ আৰু
ৰমজানৰ বাহিৰে অন্য সময়ত (ৰাতি) তেওঁ
এঘাৰ ৰাক’আতৰ পৰা বৃদ্ধি কৰা নাছিল।
তেওঁ চাৰি ৰাক’আত ছালাত আদায় কৰিছিল,
তুমি তাৰ সৌন্দর্য আৰু দীর্ঘতা সম্পর্কে
প্ৰশ্ন নকৰিবা। তাৰ পিছত তেওঁ চাৰি
ৰাক’আত পঢ়িছিল। তুমি তাৰ সৌন্দর্য আৰু
দীর্ঘতা সম্পর্কে প্ৰশ্ন নকৰিবা। ইয়াৰ পিছত
তিনি ৰাক’আত ছালাত আদায় কৰিছিল। মই
(‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই) সুধিলোঁ, হে আল্লাহৰ ৰাছূল! (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম)
আপুনি বিতৰ আদায় কৰাৰ আগতে টোপনি
যাব নে? তেওঁ ক’লেঃ হে ‘আয়িশ্বা! (ৰাদ্বিয়াল্লাহু আনহা)
মোৰ দুই চকুৱে টোপনি যায়¸ কিন্তু মোৰ কাল্ব
নিদ্রাভিভূত নহয়।
[ছহীহ বুখাৰি – ২০১৩]
————-?

B)-বহুতে আকৌ কয় – উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ২০/ ৰাকাত
কৰিছে?
– —- এইটো সম্পূৰ্ণ মিছা কথা?

‘আব্দুৰ ৰাহমান ইবনু ‘আব্দ আল-ক্বাৰী (ৰহঃ)-ৰ পৰা বর্ণিতঃ
তেওঁ কৈছে, মই ৰমজানৰ এটা ৰাতি ‘উমাৰ ইবনুল
খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে মছজিদে নাবাবীত গৈ
দেখিলোঁ যে, মুছল্লিসকল বিশৃঙ্খলভাৱে
জামা’আতত বিভক্ত। কিছুমানে অকলে ছালাত আদায়
কৰিছে আকৌ কিছুমান ব্যক্তিয়ে ছালাত আদায় কৰিছে আৰু
ইকতেদা কৰি এদল লোকে ছালাত আদায় কৰিছে।
‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, মই ভাৱিছোঁ যে, এই
মুছল্লীসকলক যদি মই এজন ক্বাৰীৰ (ইমামৰ)
পিছত জমা কৰি দিওঁ, তেনেহ’লে সেইটো উত্তম হব।
ইয়াৰ পিছত তেওঁ ‘উবাই ইবনু ‘কাব ৰাদ্বিয়াল্লাহু আনহুৰ পিছত সকলোকে
জমা কৰি দিলে। পিছত আৰু এটা ৰাতি মই তেওঁৰ
[‘উমাৰ (ৰাঃ)] সৈতে ওলালোঁ। তেতিয়া মুছল্লিসকলে
তেওঁলোকৰ ইমামৰ সৈতে ছালাত আদায় কৰিছিল। ‘উমাৰ
ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, কিমান যে সুন্দৰ এই নতুন ব্যৱস্থা!
তোমালোকে ৰাতিৰ যি অংশত শুই থাকা সেই ৰাতিৰ
সেই অংশতকৈ উত্তম যি অংশত তোমালোকে ছালাত
আদায় কৰা,
[ছহীহ বুখাৰি – ২০১০]

ইয়াত ২০ ৰাকাত বুজোৱা নাই?
ইয়াৰ দ্বাৰা তেওঁ শেষ ৰাতিক বুজাইছে,
কিয়নো তেতিয়া ৰাতিৰ প্রথমভাগত মানুহে
ছালাত আদায় কৰিছিল।

অন্য হাদীছত আহিছে –

আবূ হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত-
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
যি ব্যক্তিয়ে ৰমজানত ঈমানৰ সৈতে
ছওৱাব লাভৰ আশাত তাৰাবীৰ ছালাতত থিয় হব তাৰ
পূর্বৱর্তী গুনাহসমূহ মাফ কৰি দিয়া হব।
হাদীছৰ ৰাবী ইবনু শিহাব (ৰহঃ)-য়ে কৈছে, আল্লাহৰ
ৰাছূল (চাল্লাল্লাহু ‘আলাইহি ৱাছাল্লাম) ইন্তিকাল
কৰে আৰু তাৰাবীৰ বিষয়টো এনেদৰেই চালু আছিল।
আনকি আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ খিলাফতকালত আৰু ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ খিলাফতত এনেকুৱাই আছিল।

ﺣَﺪَّﺛَﻨَﺎ ﻋَﺒْﺪُ ﺍﻟﻠَّﻪِ ﺑْﻦُ ﻳُﻮﺳُﻒَ، ﺃَﺧْﺒَﺮَﻧَﺎ ﻣَﺎﻟِﻚٌ، ﻋَﻦِ ﺍﺑْﻦِ ﺷِﻬَﺎﺏٍ، ﻋَﻦْ ﺣُﻤَﻴْﺪِ ﺑْﻦِ
ﻋَﺒْﺪِ ﺍﻟﺮَّﺣْﻤَﻦِ، ﻋَﻦْ ﺃَﺑِﻲ ﻫُﺮَﻳْﺮَﺓَ ـ ﺭﺿﻰ ﺍﻟﻠﻪ ﻋﻨﻪ ـ ﺃَﻥَّ ﺭَﺳُﻮﻝَ ﺍﻟﻠَّﻪِ ﺻﻠﻰ
ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ ﻗَﺎﻝَ ” ﻣَﻦْ ﻗَﺎﻡَ ﺭَﻣَﻀَﺎﻥَ ﺇِﻳﻤَﺎﻧًﺎ ﻭَﺍﺣْﺘِﺴَﺎﺑًﺎ ﻏُﻔِﺮَ ﻟَﻪُ ﻣَﺎ ﺗَﻘَﺪَّﻡَ
ﻣِﻦْ ﺫَﻧْﺒِﻪِ .” ﻗَﺎﻝَ ﺍﺑْﻦُ ﺷِﻬَﺎﺏٍ ﻓَﺘُﻮُﻓِّﻲَ ﺭَﺳُﻮﻝُ ﺍﻟﻠَّﻪِ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ
ﻭَﺍﻷَﻣْﺮُ ﻋَﻠَﻰ ﺫَﻟِﻚَ، ﺛُﻢَّ ﻛَﺎﻥَ ﺍﻷَﻣْﺮُ ﻋَﻠَﻰ ﺫَﻟِﻚَ ﻓِﻲ ﺧِﻼَﻓَﺔِ ﺃَﺑِﻲ ﺑَﻜْﺮٍ ﻭَﺻَﺪْﺭًﺍ ﻣِﻦْ
ﺧِﻼَﻓَﺔِ ﻋُﻤَﺮَ ـ ﺭﺿﻰ ﺍﻟﻠﻪ ﻋﻨﻬﻤﺎ

[ছহীহ বুখাৰি – ২০০৯]
————-?
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ২০ – ৰাকাত ছালাত পঢ়িছিল
বুলি কোনো হাদীছ নাই

৮ – -ৰাকাত পঢ়াটোৱেই উত্তম।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s