মহিলাসকলে মচজিদলৈ গৈ নামাজ পঢ়াত কোনো অসুবিধা নাই

অপবাদঃ
ডঃ জাকিৰ নাইকে কৈছে- মহিলাসকলে মচজিদলৈ গৈ নামাজ পঢ়াত কোনো অসুবিধা নাই।

উত্তৰঃ(Admin_Team)-
আচঁলতেই অসুবিধা নাই! হাম্বলি,শ্বাফেয়ী আৰু মালেকী মাজহাবৰ মহিলাসকলে মচজিদলৈ গৈ নামাজ পঢ়া জায়েজ। আনকি হানাফিৰ বহুত আলেমৰ মতেও জায়েজ। চৌদি আৰবতোও সেয়া হয়। ইয়াৰ পক্ষত থকা হাদীছবোৰৰ (আমাৰ জনামতে) ৰেফারেন্স হ’ল- মুছনাদে আহমাদ;হাদীছ-১৩২৭,১৩২৮,১৩২৯,১৩৩০,১৩৩১,১৩৩২,১৩৩৩,১৩৩৪,১৩৩৫,১৩৩৬।
.
আনকি উমাৰ ইবনে খাত্তাব(ৰা) ক যেতিয়া আঘাত(শ্বহীদ) কৰা হয় তেতিয়া তেখেতৰ স্ত্রী মচজিদত আছিল। (বোখাৰী,মুছলিম,মুছনাদে আহমাদ;হাদীছ-১৩৩৬)
.
আব্দুল্লাহ ইবন উমাৰ(ৰাদিয়াল্লাহু আনহু)ৰ পৰা বর্ণিত ৰাছূলুল্লাহ (ছাল্লাল্লহু আলাইহি ওয়া ছাল্লামে) কৈছে, তোমালোকে আল্লাহৰ বান্দীসকলক (নাৰীসকলক) মচজিদলৈ যাবলৈ নিষেধ নকৰিবা।
.
আব্দুল্লাহ ইবন উমাৰ (ৰাদিয়াল্লাহু আনহু)য়ে অন্য চনদত বর্ণনা কৰিছে, তেখেতে কয়, ৰাছূলুল্লাহ(ছাল্লাল্লহু আলাইহি ওয়া ছাল্লামে) কৈছে, তোমালোকে আল্লাহৰ বান্দীসকলক মাচজিদলৈ গৈ ছালাত আদায় কৰিবলৈ নিষেধ নকৰিবা। [ছহীহ মুছলিম, মুয়াত্তা ইমাম মালিক,আবু দাউদ, মুছনাদ ইমাম আহমাদ;হাদীছ-১৩২৭,খণ্ড-২]

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s