four characters of bi’dath

Afjal Hussain
Afjal Hussain বিদাতৰ চাৰিটা বৈশিষ্ট্য – ১) বিদাতক বিদাত হিচাপে চিনি পোৱাৰ কোনো নিৰ্দিষ্ট দলীল পোৱা নাযায় তবে নিষিদ্ধ হোৱা সংক্ৰান্তে সাধাৰণ দলীল পোৱা যায় । ২) সকলো সময়ত বিদাতে শ্বৰীয়তৰ লক্ষ্য ও উদ্দেশ্যৰ বিপৰীত অবস্থানত থাকে, এই কাৰণেই বিদাত নিকৃষ্ট আৰু বাতিল হোৱাৰ ডাঙৰ কাৰণ যাৰবাবে হদীচত বিদাতক ভ্ৰষ্টতা বুলি অভিহিত কৰিছে । ৩) অধিক ক্ষেত্ৰত বিদাত এনে কাৰ্যৰ দ্বাৰা কৰা হয় যিটো ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম) বা চাহাবা সকলৰ সময়ত প্ৰচলিত নাছিল । ৪) বিদাতৰ লগত শ্বৰীয়তী কোনো ইবাদতৰ মিল নাথাকে । এই মিল দুই ধৰণে লক্ষ্য কৰা হয়, প্ৰথমতঃ দলিলৰ ফালৰ পৰা দেখা যায় কোনো এক সাধাৰণ দলিলৰ ওপৰত সংশয় বা ধাৰণাৰ ভিত্তিত বিদাত প্ৰচলিত হয় আৰু প্ৰকৃত দলীল সামান্য সলনি কৰি সঠিক দলিলৰ ৰূপ দিয়া হয় । দ্বিতীয়তে শ্বৰীয়ত প্ৰণিত ইবাদতৰ ৰূপ-ৰেখা আৰু পদ্ধতিৰ সৈতে বিদাতক মিলাই একে কৰা হয় । এই মিল সমূহ সংখ্যা, আকাৰ-আকৃতি, সময় বা স্থান তথা নিৰ্দেশৰ সতে কৰা হয়, সেয়ে বহুতে বিদাতক ইবাদত হিচাপে গণ্য কৰে । আয়েশ্বা (ৰাঃ) দ্বাৰা বৰ্ণিত ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লামে) কৈছে – দ্বীনত অন্তৰ্ভুক্ত নোহোৱা নতুন আবিষ্কাৰ সমুহ পৰিত্যক্ত (বুখাৰী ২৫১২, মুচলিম ৩২৪৮) । ৰাছূল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম কৈছে: “যিজনে দ্বীনত (ধৰ্মত) নতুন কিবা আবিস্কাৰ কৰিব বা কোনো নবাৱিস্কাৰকাৰীক (বিদ’আতীক) আশ্রয় দিবে তাৰ উপৰত আল্লাহ, সকলো ফিৰিশ্তা আৰু মানুহৰ অভিশাপ……. তাৰ ফৰয ইবাদাত বা তাওবাহ, নফল ইবাদাত বা ফিদইয়া কবুল কৰা নহব ….।” বুখাৰী, কিতাবুল জিযিয়াহ, হা/৩১৮০। ই এক বিদাতৰ কাৰণ এই নতুন পদ্ধতি ইবাদতৰ স্থলাভিষিক্ত। বিদ’আতীৰ কোনো আমল কবুল কৰা নহব।
+++++++++++++++++++++++++++++++++++++
Arfan Ali কোনো পীৰ- বুজুৰ্গ, অলী- আউলীয়া, ইমাম-মুফতি, বাপ- দাদা, চৈধ্য পুৰুষ পৰম্পৰা, ভোগোলিক পৰিবেশ, ৰাজনীতি কুটনীতি আদি বাৰভূজিয়াৰ দোহাই দি ইছলাম নচলে।

ইছলাম এজন মানুহৰ মতে চলিব সেইজন হল মুহাম্মাদুৰ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম।‌ তেওঁৰ মত কত পাব? একমাত্ৰ ক্বোৰআন আৰু ছহীহ হাদীছত। মক্কা মদিনা নহয়, ইছলামৰ দলীল ক্বোৰআন ও বিশুদ্ধ হাদীছ।

ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কি কৰিছে আৰু আমি কি কৰিছো সেয়া মিলাই চাব লাগিব পবিত্র কুৰআন আৰু ছহীহ ছূন্নাহৰ লগত। সকলো প্রকাৰৰ আবেগ আৰু অতিৰঞ্জনৰ পৰা আতৰি থাকিব লাগিব আৰু প্রচলিত শ্বিৰ্ক আৰু বিদ‘আতী আক্বীদা-বিশ্বাস আৰু ৰছম-ৰিৱাজ-পৰম্পৰা পৰিহাৰ কৰিব লাগিব। আল্লাহ তাআলাই আমাক বিদ‘আত মুক্ত জীৱন-যাপন কৰাৰ তাওফীক্ব দান কৰক- আমীন!##

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s