মাজহাব,‘তাক্বলীদ’ (التقليد)-by Dr.A.Ali

By Dr.Arfan Ali

ইছলামৰ দাবী হল, পৃথিৱীৰ প্রত্যেকটো মানুহেই, “ইছলাম” বুলিলে যি বুজায় সেয়া মানি চলিব আৰু তেওঁলোকৰ জীৱনৰ প্রতিটো ক্ষেত্রতেই তাৰ বিধানৰ বাস্তৱায়ন ঘটিব। “ইছলাম” শব্দটো আক্ষৰিক অর্থত যি বুজায় সেয়া যদি কোনোবাই মানি চলে তেন্তে তেওঁ এজন মুছলিম। লাগিলে হওঁক সেই ব্যক্তি বর্তমানৰ কোনোবা অথবা অতীতৰ কোনোবা অথবা ভবিষ্যতৰ কোনোবা ব্যক্তি। ইছলাম হল এক পূর্ণাঙ্গ জীৱন বিধান, যিটো আল্লাহ তা‘আলাই বিশ্বমানৱতাৰ কাৰণে দান কৰিছে। আৰু তাক বাস্তবায়ন কৰাৰ কাৰণে যুগে যুগে নাবী-ৰাছূলসকলক প্রেৰণ কৰিছে আৰু ইছলামৰ যাৱতীয় বিধি-বিধান অহী মাৰফত (অদৃশ্য দৈৱ বাণী বা অনুপ্ৰেৰণা) জনাই দিছে। গতিকে অহীৰ বিধানেই একমাত্র অভ্রান্ত জীৱনবিধান। বর্তমান বিশ্বত প্রায় দেৰশ কোটি মুছলমান বসবাস কৰে। সিঁহতে বিশ্বৰ অন্যান্য জাতিৰ লগত তাল মিলাই সভ্যতা আৰু সাংস্কৃতিক চোতালত আগুৱাই গৈছে। কিন্তু পিছূৱাই গৈছে মাত্ৰ আল্লাহৰ বিধান পালনত। ফলত মুছলমান হোৱা সত্ত্বেও বহুতৰ আচৰণ অমুছলিম-অবিশ্বাসীৰ লগত বহুতখিনিয়েই সাদৃশ্যপূর্ণ। আকৌ যিসকলে ইছলামৰ বিধান বাস্তৱায়নত নিয়োজিত, সিঁহতৰ অধিকাংশই শতধাবিভক্ত। বিভিন্ন তৰীকা, ছিলছিলা আৰু মাযহাবৰ মকৰাজালিকাত নিজকে আবদ্ধ ৰাখি, পৰস্পৰ কাজিয়-কন্দল-বিবাদত লিপ্ত হৈ বিচ্ছিন্ন জীৱন-যাপন কৰিছে। নির্দিষ্ট কোনো মাযহাবৰ অন্ধানুসৰণৰ কাৰণে আল্লাহ প্রদত্ত অহীৰ বিধানক বাদ দি মাযহাবী গোঁৰামীকেই প্রাধান্য দিয়া দেখা গৈছে।

জ্ঞাতব্য যে- অলপমান মনোযোগেৰে ক্বুৰআনৰ ছহীহ (বিশুদ্ধ) তাফছীৰ ছহীহ হাদীছ আৰু ইছলামীয় অবিকৃত ইতিহাস অধ্যয়ণ কৰিলেই এইটো প্ৰতীয়মান হৈ যায় যে যিসকলে নিজকে মাযহাবৰ প্রকৃত অনুসাৰী বুলি দাবী কৰে মূলতঃ সিঁহতে অনুসৰণীয় ইমামসকল (ৰহঃ) ৰ কথাকেই উপেক্ষা কৰি সিঁহতৰ অৱমাননা কৰিছে। ইমামসকলৰ জীৱনী অধ্যয়ণ কৰিলে অতি সহজেই হুজা যায় যে প্রত্যেকজন ইমামেই সিঁহতৰ তাক্বলীদ কৰিবলৈ কঠোৰভাৱে নিষেধ কৰি গৈছে। আল্লাহই ক্বুৰআনত কৈছে, “আতিউল্লাহা ওৱা আতিওৰ ৰাছূলা’’ অৰ্থাত্ “আল্লাহক মানা আৰু ৰাছূলক মানা’’। আল্লাহই ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ বাহিৰে এই পৃথিৱীত দ্বিতীয় কোনো ব্যক্তিক এশ শতাংশ মনাটো ফৰজ কৰা নাই। এই প্ৰৱন্ধত উক্ত বিষয়েই এক সংক্ষিপ্ত আলোচনা কৰাৰ প্রয়াস কৰা হৈছে ইনশ্বাআল্লাহ। পাঠক সকলক এই বিষয়ে অধিক চিন্তা-চৰ্চা, গৱেষণা আৰু তাৰ প্ৰচাৰৰ বাবে আহ্বান জনোৱা হল।

তাক্বলীদৰ শাব্দিক অর্থ : ‘তাক্বলীদ’ (التقليد) শব্দটো ‘ক্বালাদাতুন’ (قلادة) ৰ পৰা গৃহীত। যাৰ অর্থ কণ্ঠহাৰ বা ৰছী। যেনেকৈ কোৱা হয়, قَلَّدَ الْبَعِيْرَ ‘তেওঁ উটৰ ডিঙিত ৰছী বান্ধিছে’। তাৰ পৰা বিশেষ্য ৰূপত আহিছে ‘মুক্বাল্লিদ’ (مقلد), যিবিলাকে আনুগত্যৰ ৰছী নিজৰ ডিঙিত বান্ধি লৈছে। তাক্বলীদৰ পাৰিভাষিক অর্থ : তাক্বলীদ হ’ল শ্বাৰঈ বিষয়ত কোনো মুজতাহিদ বা শৰী‘আত গৱেষকৰ কথাক বিনা দলীল-প্রমাণত চকু মুদি গ্রহণ কৰা। আল্লামা জুৰজানী (ৰহঃ)-ৰ মতে,‘তাক্বলীদ হ’ল বিনা দলীল-প্রমাণত অন্যৰ কথা গ্রহণ কৰা’। (জুৰজানী, কিতাবুত তা’ৰীফাত, পৃঃ ৬৪।) ইমাম শ্বাওক্বানী (ৰহঃ)-ৰ মতে,‘তাক্বলীদ হ’ল বিনা দলীলত অন্যৰ মত গ্রহণ কৰা, যাৰ মত দলীল হিচাপে সাব্যস্ত নহব’। (ইমাম শ্বাওক্বানী, ইৰশ্বাদুছ ছায়েল ইলা দালায়িলিল মাছায়েল, পৃঃ ৪০৮।) ‘তাফছীৰে আযওয়াউল বায়ান’-ৰ লেখক মুহাম্মাদ আল-আমীন আশ-শ্বানক্বীত্বী (ৰহঃ)-ৰ মতে,‘তাক্বলীদ হ’ল কাৰো দলীল সম্পর্কে অৱহিত নহৈয়ে তেওঁৰ কথা গ্রহণ কৰা’। (মুহাম্মাদ আল-আমীন আশ্ব-শ্বানক্বীত্বী, মুযাক্কিৰাতু উছূলিল ফিক্বহ, পৃঃ ৪৯০।) তাক্বলীদৰ উপৰোক্ত সংজ্ঞাবিলাকৰ আলোকত কব পাৰি যে, শ্বাৰঈ বিষয়ত কাৰো কোনো কথা বিনা দলীলত গ্রহণ কৰাৰ নামেই হল তাক্বলীদ। পক্ষান্তৰে দলীলসহ গ্রহণ কৰিলে সেয়া হয় “ইত্তেবা’। আভিধানিক অর্থত ইত্তেবা হৈছে পদাংক অনুসৰণ কৰা। পাৰিভাষিক অর্থত ‘শ্বাৰঈ বিষয়ে কাৰো কোনো কথা দলীল সহ মানি লোৱা’।

তাক্বলীদৰ প্রকাৰভেদ : তাক্বলীদ দুই প্রকাৰৰ- জাতীয় তাক্বলীদ ও বিজাতীয় তাক্বলীদ। জাতীয় তাক্বলীদ কবলৈ হলে ধর্মৰ নামত মুছলিম সমাজত প্রচলিত বিভিন্ন মাযহাব আৰু তৰীকাৰ অন্ধ অনুসৰণক বুজায়। বিজাতীয় তাক্বলীদ হল বৈষয়িক কাৰ্য্যৰ নামত সমাজত প্রচলিত পুঁজিবাদ, সমাজবাদ, গণতন্ত্র, জাতীয়তাবাদ, ধর্মনিৰপেক্ষতাবাদ ইত্যাদি বিজাতীয় মতবাদৰ অন্ধ অনুসৰণক বুজায়। ইত্তেবা আৰু তাক্বলীদৰ মাজত পার্থক্য : আল্লাহ তা‘আলাৰ ওচৰৰ পৰা প্রেৰিত অহীৰ বিধানৰ যথাযথ অনুসৰণৰ নাম ইত্তেবা। এই বিষয়ে আল্লাহ তা‘আলাই কৈছে,‘তোমাৰ ওচৰত এইকাৰণে কিতাপ (ক্বুৰআন) অৱতীর্ণ কৰা হৈছে, তোমাৰ অন্তৰত যেন ইয়াৰ বিষয়ে কোনো সংকোচ নাথাকে ইয়াৰ দ্বাৰা সতর্কীকৰণৰ ক্ষেত্ৰত আৰু এইটো মুমিনসকলৰ কাৰণে উপদেশ। তোমালোকৰ ওচৰত তোমালোকৰ প্রতিপালকৰ ওচৰৰ পৰা যি অৱতীর্ণ কৰা হৈছে তোমালোকে তাৰ অনুসৰণ কৰা আৰু তোমলোকে তাৰ বাহিৰে অন্য কোনো অলি-আউলিয়াৰ অনুসৰণ নকৰিবা। তোমলোকে অতি কমেই উপদেশ গ্রহণ কৰি থাকা’ (আ‘ৰাফ ৭/২-৩)। তাক্বলীদ আৰু ইত্তেবা দুটা ভিন্ন বিষয়। বিষয় দুটাৰ মাজত পার্থক্য আছে।‘তাক্বলীদ’ হ’ল নাবী ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ বাহিৰে অইন কাৰো শ্বাৰঈ বক্তব্যক বিনা দলীলত গ্রহণ কৰা। আনহাতে ছহীহ দলীল অনুযায়ী ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ অনুসৰণ কৰাক কোৱা হয় ইত্তেবা’। এটা হ’ল দলীল নোহোৱাকৈ অন্যৰ ৰায়ৰ অনুসৰণ। আৰু আনটো হ’ল দলীলৰ অর্থাৎ ক্বুৰআন আৰু ছূন্নাহৰ (ছহীহ হাদীছৰ) অনুসৰণ। যেনেকৈ ইমাম শ্বাওক্বানী (ৰহঃ) য়ে কৈছে,‘তাক্বলীদ হ’ল ৰায়-ৰ অনুসৰণ আৰু ‘ইত্তেবা’ হ’ল ৰিওয়ায়াতৰ (সঠিক সূত্ৰৰ বৰ্ণনাৰ) অনুসৰণ। ইছলামী শ্বৰী‘অতত ‘ইত্তেবা’ সিদ্ধ (অনুমোদিত) আৰু ‘তাক্বলীদ’ নিষিদ্ধ’। (শ্বাওক্বানী, আল-ক্বাওলুল মুফীদ (মিছৰীয় ছপা ১৩৪০/১৯২১ খৃঃ), পৃঃ ১৪।)

মুহাম্মাদ আল-আমীন আছ-ছানক্বীত্বী (ৰহঃ) য়ে কৈছে,‘তাক্বলীদ হ’ল কাৰো দলীল সম্পর্কে অৱহিত নহৈয়ে তাৰ কথা গ্রহণ কৰা, যিটো তেওঁৰ ইজতিহাদ বা গৱেষণা ব্যতীত আন একোৱেই নহয়। আনহাতে শ্বাৰঈ দলীল কাৰো মাযহাব আৰু কথা নহয়; বৰঞ্চ সেয়া একমাত্র অহীৰ বিধান, যাৰ অনুসৰণ কৰা সকলোৰে উপৰত ওয়াজিব’। (ঐ।) ইমাম আহমাদ ইবনু হাম্বল (ৰহঃ) য়ে কৈছে, ‘ইত্তেবা হ’ল ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ আৰু তেখেতৰ ছাহাবীসকলৰ (ৰাদিয়াল্লাহু আনহুম আজমায়িন)পৰা যি আহিছে তাকে গ্রহণ কৰা’। তাৰপিছত তেওঁ কৈছে, ‘তোমালোকে মোৰ তাক্বলীদ নকৰিবা আৰু তাক্বলীদ নকৰিবা মালিক, ছাওৰী আৰু আওযা’ঈৰো (ৰঃ)। বৰঞ্চ গ্রহণ কৰা তেওঁলোকে য’ৰ পৰা গ্রহণ কৰিছে। অর্থাৎ ক্বুৰআন আৰু ছূন্নাহ। (ইবনুল কাইয়িম, ইলামুল মুওয়াক্কি’ঈন, ৩/৪৬৯পৃঃ।) উল্লখ্যযোগ্য যে, কোনো আলিম (বিদ্বান বা পণ্ডিত) ৰ ছহীহ দলীল ভিত্তিক কোনো কথাক মানি লোৱাৰ নাম ‘তাক্বলীদ’ নহয়, বৰঞ্চ সেইটো হ’ল ‘ইত্তেবা’। অনুৰূপভাবে কোনো আলিমৰ দিয়া ফৎওয়াৰ বিপৰীতে কোনো ছহীহ দলীল পাই গলে উক্ত ফৎওয়া পৰিত্যাগ কৰি ছহীহ দলীলৰ অনুসৰণ কৰাক কোৱা হয় ‘ইত্তেবা’। ছাহাবায়ে কিৰাম আৰু তাবেঈনসকলৰ (ছাহাবাসকলৰ পৰৱৰ্তী যুগৰ মনীষীসকল) যুগত তাক্বলীদৰ কোনো অস্তিত্ব নাছিল। বৰঞ্চ সিঁহতৰ দলীলভিত্তিক কথাৰ অনুসৰণক বহুতেই ‘তাক্বলীদ’ বুলি সমাজক ভুল বুজাইছে। ইছলামে মানৱ জাতিক আল্লাহ প্রেৰিত সত্য গ্রহণ আৰু তেওঁৰ নাবী ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ইত্তেবা কৰিবলৈ আহ্বান জনাইছে। কোনো মানুহৰ ব্যক্তিগত ৰায়ৰ অনুসৰণ কৰিবলৈ কেতিয়াওঁ কোৱা নাই। নাবী ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ বাহিৰে কোনো মানুহ যিহেতু ভুলৰ ঊর্ধ্বত নহয়, সেইকাৰণে মানৱৰচিত কোনো মতবাদেই প্রকৃত সত্যৰ সন্ধান দিব নোৱাৰে। মানৱৰচিত মতবাদেৰে পৃথিবীত শান্তিও আহিব নোৱাৰে। আৰু এইকাৰণেই নাবী ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ বাহিৰে অইনৰ তাক্বলীদ নিষিদ্ধ আৰু নাবী ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ইত্তেবা মানৱ জীৱনৰ সকলো ক্ষেত্রতে অপৰিহার্য।

তাক্বলীদৰ ক্ষেত্ৰত চাৰি ইমামৰ নিষেধাজ্ঞা : ইছলামৰ প্রসিদ্ধ চাৰি ইমাম অর্থাৎ ইমাম আবু হানীফা (ৰহঃ), ইমাম মালিক (ৰহঃ), ইমাম শাফিঈ (ৰহঃ) আৰু ইমাম আহমাদ বিন হাম্বল (ৰহঃ), তেওঁলোকৰ প্রত্যেকেই একো একোজন বিৰাট পণ্ডিত, পৰহেযগাৰ আৰু আল্লাহ আৰু তেখেতৰ ৰাছূল ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ প্রতি সদাআনুগত্যশীল আছিল। পৃথিৱীৰ বুকুত বিশুদ্ধ ইছলামক বৰ্তি ৰখাৰ কাৰণে তেওঁলোকে প্রাণপণে চেষ্টা কৰিছিল। চেষ্টা কৰিছিল মানুহৰ সার্বিক জীৱনক ক্বুৰআন আৰু ছূন্নাহ অনুযায়ী গঢ়ি তোলাৰ। কোনো মাছআলাৰ (প্ৰশ্ন, জিঘাংসা বা অনুসন্ধিত্সু বা সমস্যা) ফায়ছালা (ৰায় বা মীমাংসা) ক্বুৰআন আৰু ছহীহ হাদীছত নাপালে তেওঁলোকে ইজতিহাদ বা গৱেষণা কৰি ফায়ছালা প্রদান কৰিছিল। তেনে ইজতিহাদ বা গৱেষণা কৰোতে ভুল হ’লেও তেওঁলোকে ছাওয়াব বা পূণ্যৰ অধিকাৰী হৈছিল, মাশ্বাআল্লাহ। কাৰণ এই বিষয়ে হাদীছত আহিছে, আমৰ ইবনুল আছ (ৰাঃ) ৰ পৰা বর্ণিত, তেওঁ ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামক এই কথা কোৱা শুনিছে, ‘কোনো বিচাৰকে ইজতিহাদ কৰি সঠিক সিদ্ধান্তত উপনীত হলে তেওঁৰ কাৰণে আছে দুটা পুৰস্কাৰ। আৰু বিচাৰকে ইজতিহাদত ভুল কৰিলে তেওঁৰ কাৰণেও আছে এটা পুৰস্কাৰ’। (বুখাৰী, হা/৭৩৫২ ‘ক্বুৰআন-ছূন্নাহক দৃঢ়ভাৱে ধৰা’ অধ্যায়, ‘বিচাৰকে ইজতিহাদত ঠিক কৰক বা ভুল কৰক তাৰ প্রতিদান পাব’ অনুচ্ছেদ।) গতিকে হাদীছৰ উপৰত ভিত্তি কৰিয়েই ইমামসকলে ইজতিহাদ বা শ্বৰী’আত গৱেষণা কৰি মানুহক সঠিক পথৰ দিশা দিয়াৰ চেষ্টা কৰিছিল। এই হাদীছটো নাথাকিলে হয়তোবা তেওঁলোকে ইজতিহাদ নকৰিলেহেঁতেন। কাৰণ তেওঁলোকে ভয় কৰিছিল যে, সিঁহতৰ কথা ক্বুৰআন আৰু ছূন্নাহৰ বিৰুদ্ধে যাব পাৰে। এইকাৰণেই তেওঁলোকে জনসাধাৰণক তেওঁলোকৰ তাক্বলীদ (অন্ধ-অনুকৰণ) কৰিবলৈ কঠোৰভাৱে নিষেধ কৰিছে। যেনেকৈ- ১- ইমাম আবু হানীফা (ৰহঃ)-ৰ নিষেধাজ্ঞা :

১- ইমাম আবু হানীফা (ৰহঃ)-ৰ নিষেধাজ্ঞা : (ক) ‘যেতিয়া ছহীহ হাদীছ পাবা, জানিবা সেইটোৱেই মোৰ মাযহাব’। (হাশ্বিয়াহ ইবনে আবেদীন ১/৬৩।) (খ) ‘আমি কৰ পৰা গ্রহণ কৰিছো, সেইটো নাজানি আমাৰ কথা গ্রহণ কৰা কাৰো কাৰণে বৈধ নহয়’। (ঐ ৬/২৯৩।) (গ) ‘যিজনে মোৰ দলীল নাজানে, মোৰ কথাৰ দ্বাৰা ফৎওয়া প্রদান কৰা তাৰ কাৰণে হাৰাম’। (ড. অছিউল্লাহ বিন মুহাম্মাদ আব্বাছ, আত-তাক্বলীদ ওয়া হুকমুহু ফী যুইল কিতাব ওয়াস-ছূন্নাহ, পৃঃ ২০।) (ঘ) ‘নিশ্চয়কৈ আমি মানুহ। আমি আজি যি কওঁ, অহাকালি তাৰ পৰা উভতি আহো’।(ঐ।) (ঙ) ইমাম আবু হানিফা (ৰহঃ) য়ে তেখেতৰ শিষ্য বা ছাত্ৰ আবু ইউছূফ (ৰহঃ) ক উদ্দেশ্য কৰি কৈছে, ‘তোমাৰ কাৰণে আফছোছ হে ইয়াকুব (আবু ইউছূফ)! তুমি মোৰ পৰা যি শুনা তাকে লিখি নিনিবা। কাৰণ মই আজি যি মত প্রদান কৰো, কালি সেইটো প্রত্যাখ্যান কৰো আৰু কালি যি মত প্রদান কৰো, পৰহি সেইটো প্রত্যাখ্যান কৰো’। (ঐ।) (চ) ‘মই যদি আল্লাহৰ কিতাপ (ক্বুৰআন) আৰু ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ কথাৰ (হাদীছ) বিৰোধী কোনো কথা কৈ থাকো, তেন্তে মোৰ কথাক দলিয়াই পেলাই দিবা’। (ছালেহ ফুল্লানী, ইক্বাযু হিমাম, পৃঃ ৫০।) ২- ইমাম মালিক (ৰহঃ)-ৰ নিষেধাজ্ঞা : (ক) ‘মই এজন মানুহ মাত্র। মই ভুল কৰো, আকৌ ঠিকো কৰো। গতিকে মোৰ সিদ্ধান্তবিলাক তোমালোকে প্ৰমাণ কৰি লবা। যিবিলাক ক্বুৰআন আৰু ছূন্নাহৰ অনুকূলে হব সেইবিলাক গ্রহণ কৰা। আৰু যিবিলাক ক্বুৰআন আৰু ছূন্নাহৰ প্রতিকূলে হব সেইবিলাক প্রত্যাখ্যান কৰা’। (ইমাম ইবনু হাযম, আল-ইহকাম ফী উছূলিল আহকাম, ৬/১৪৯।) (খ) ‘ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ পিছত এনে কোনো ব্যক্তি নাই, যাৰ সকলো কথাই গ্রহণীয় বা বর্জনীয়, একমাত্র ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম ব্যতীত’। (ঐ ৬/১৪৫।) Next – ইমাম শাফিঈ (ৰহঃ)-ৰ নিষেধাজ্ঞা :

৩- ইমাম শাফিঈ (ৰহঃ)-ৰ নিষেধাজ্ঞা : (ক) ‘যদি তোমালোকে মোৰ কিতাপত ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ছূন্নাহ বিৰোধী কিবা পোৱা, তেনেহ’লে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ছূন্নাহ অনুযায়ী কোৱা আৰু মোৰ কথাক প্রত্যাখ্যান কৰা’। অন্য এক বর্ণনাত আহিছে, ‘তোমালোকেৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ কথাৰেই অনুসৰণ কৰা আৰু অন্য কাৰো কথাৰ ফালে দৃষ্টিপাত নকৰিবা’। (ইমাম নৱবী, আল-মাজমূ, ১/৬৩।) (খ) ‘মই যিবিলাক কথা কৈছো, সেইবিলাক যদি ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ছহীহ হাদীছৰ বিপৰীত হয়, তেন্তে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ হাদীছেই অগ্রগণ্য। গতিকে তোমালোকে মোৰ তাক্বলীদ নকৰিবা’। (ইবনু আবী হাতেম, পৃঃ ৯৩, ছনদ ছহীহ।) (গ) ‘ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ প্রতিটো হাদীছেই মোৰ কথা, যদিও মোৰ পৰা তোমালোকে সেইবোৰ শুনা নাই’। (ঐ।) ৪- ইমাম আহমাদ বিন হাম্বল (ৰহঃ)-ৰ নিষেধাজ্ঞা : (ক) ‘তুমি মোৰ তাক্বলীদ নকৰিবা আৰু তাক্বলীদ নকৰিবা মালিক, শাফিঈ, আওযাঈ আৰু ছাওৰীৰ (ৰহঃ)। বৰঞ্চ তেওঁলোকে যি উৎসৰ পৰা গ্রহণ কৰিছে, তাৰ পৰা তোমালোকেওঁ গ্রহণ কৰা’। (ইলামুল মুওয়াক্কি’ঈন, ২/৩০২।) (খ) ‘যিজনেৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ হাদীছক প্রত্যাখ্যান কৰিলে, তেওঁ ধ্বংসৰ দ্বাৰপ্রান্তলৈকে পাই গৈছে’। (নাছিৰুদ্দীন আলবানী, মুকাদ্দামাতু ছিফাতি ছালাতিন নাবী (ছাঃ), পৃঃ ৪৬-৫৩।) Next ase Majhab ba .তাক্বলীদৰ উৎপত্তি :

+++++++++++++++++++

collected-sgis

Taqlid & Muqllid Exposed.
[Taqleed (blind following)]

1]-https://youtu.be/3t6lAnm1Vj4
2]-https://youtu.be/oaHKRupL4oA

++++++++++++++++++++

Arfan Ali =মাছজিদ আল হাৰামত কি ২০ ৰাকাত তাৰাবী পঢ়োৱা হয়? যদি পঢ়োৱা হয় তেন্তে কিয়? ***************************************** উত্তৰ দিছে মাছজিদ আল-হাৰামেৰ মুফতি ফাজিলাতু-শ্ব শ্বইখ আল্লামা ডা. ওয়াছি উল্লাহ আব্বাছ হাফিজাহুল্লাহ,,, প্রফেছৰ: (PHD)class জামেয়া উম্মুল কুৰৰা (মক্কাতুল-মুকাৰৰামা)

https://m.facebook.com/Monthly.At.tahreek/posts/10153990959047722

++++++++++++++++++++++

Arfan Ali =অ মাজহাবৰ ইতিহহা নজনা মাজহাবধাৰী ভাইসকল,

“চালাতত নাভীৰ তলত হাত বন্ধা। হাদীছ যঈফ।”

শ্বৰীয়তৰ ক্ষেত্ৰত যঈফ হাদীছৰ ওপৰত নিৰ্ভৰশীল হোৱা বৈধ নহয়, যিটো হাদীছ ছহীহ আৰু হাছান বুলি প্ৰমাণিত হোৱা নাই।
ইমাম ইবনু তাইমিয়াহ, ৬৬১-৭২৮ হি:।

এতিয়া আপুনি কি কৰিব?

চালাতত বুকুত হাত বন্ধা হাদীছ ছহীহ (আবু দাউদ, ছহীহ ইবনু। খোজাইমাহ)।

আৰু “ছহীহ হাদীছ পালে সেইটোৱেই মোৰ মাজহাব।”
ইমাম আবু হানিফা (ৰহ:),
ইবনু আবেদীন, শ্বামী হাশ্বিয়া, ৰাদ্দুল মুহতাৰ ১/৬৭ পৃ:।

হানাফি বুলি দাবী কৰে কিন্তু ছহীহ হাদীছ মনাৰ সৎসাহস আছেনে?
ইমাম আবু হানিফা (ৰহ:)-ক মানো বুলি ক’লে ছহীহ হাদীছ মানিবই লাগিব।।।

যদি ছহীহ হাদীছ নামানে আপুনি হানাফি হব নোৱাৰে।

collected fm fb

end

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s