-সম্পাদকলৈ চিঠি- আমৰ অসম-‘বিহু, সংগীত আৰু ইছলাম’

pic.& video are added here later..not in article to editor-
song-hadith
 ———————————————————————–
-সম্পাদকলৈ চিঠি- আমৰ অসম-
———————————————————————————–
–যোৱা কালি অর্থাৎ ২১।০৪।২০১৬ তাৰিখৰ আপোনৰ সম্পাদিত দৈনিক কাকত খনৰ প্রথম পৃষ্ঠাত আবিদ আজাদ চাহাবৰ ‘বিহু, সংগীত আৰু ইছলাম’ নামৰ নিবন্ধটিয়ে ফেচ-বুকৰ পৰা কিক্ আউতহৈ ভূমুকি মাৰিলেহি। এনে লাগিন যেন ইছলামত সংগীতক জীয়াই ৰখাৰ আপ্রাণ চেষ্টা কৰিছে।
–আবিদ আজাদি চাহাবলৈ দু-আষাৰঃ-
–প্রথম কথা হ’ল ইছলাম ধর্মটো কোনে তৈয়াৰ কৰিলে ! আপুনি কৰিলে? আমি কৰিলো? আৰবিয়ানে কৰিলে? নে মহম্মদ ছলল্লাহু আলেইহিচ্ছ ছালামে কৰিলে?
–ইয়াৰ উত্তৰ আপুনিও জানে আমিও জানো। উত্তৰৰ গৰাকী জনে নেজানে নেকি পৃথিবীৰ ভৌগালিক পৰিবেশ আৰু মানুহবোৰৰ কথা?
–ইয়াক তৈয়াৰ কৰা হৈছে সমগ্র মানব জাতিৰ কাৰণে। ধর্মটোৰ উদ্দেশ্যৰ কাৰণবোৰ জনাবৰ বাবে ঐশ্বীক গ্রন্থ অৱতৰণ কৰা হৈছিল পৃথিবীৰ সামগ্রিক ভাবে মধ্য ভাগত যাতে ধর্মটোৰ বিষয়ে প্রচাৰ কৰি দিবলৈ সুবিধা হয় ।
–অসমটো এই গ্রন্থ অৱতৰণ কৰা হ’লে ইয়াৰ উদ্দেশ্য একেই থাকিলে হেতেঁন। অৱশ্যে ইয়াৰ ভাষা অসমীয়াত হ’ল হেতেঁন। ইছলাম সমগ্র বিশ্বতে একে । অসমৰ বাবে ইছলামৰ নীতি নিয়ম বেলেগ নহয় । অলপ অধ্যয়ন কৰক, ইন শ্বা আল্লাহ সকলো বুজি পাব । কোৰাণ মজিদত যিটো হাৰাম কৰিছে, সেয়া সকলোতে হাৰাম, অসমৰ মুচলমানৰ বাবে হালাল হব নোৱাৰে।
———————————আপুনি কৈছে- “তৌৰাত, জাবুৰ, ইঞ্জিল, ফুৰকান”- এই চাৰিখনক ঐশী গ্ৰন্থৰ কথা কোৰআন মজিদত কোৱা হৈছে। হয় আপুনি থিকেই কৈছে। কিন্তু ইয়াৰ লগে লগে ইবলীছৰ কথাওঁ কোৱা হৈছে।
——————————–সংগীতৰ কথা কোৰআন মজিদত বিচাৰি নোপোৱৰ দৰে ছালাত(নামাজ) কেনেকৈ পঢ়িব লাগে তাকো বিচাৰি নেপাব। কিন্তু আমি দিনটোত বাধ্যামূলক পাঁচবাৰ ছালাত নপঢ়ো জানো?
——————————-সীমাৰ বাহিৰত থাকি আপুনি সংগীতৰ কথা কোৰআন মজিদত বিচাৰি নোপোৱাটোৱেই স্বাভাবিক। ছূৰা লুকমান: আয়াতনং-৬-ত যদি মন কৰে দেখিবলৈ পাব তাত “লাহওৱাল হাদীছ” বুলা দুটা শব্দ আছে।
ইয়াৰ বিষয়ে সুধাত ডঃ এ, আলি চাহাবে এনেকৈ কৈছিলঃ-
–ইছলামী শ্বৰীয়তৰ দৃষ্টিত গান-বাজনা কৰা হাৰাম আৰু কবীৰা গুণাহৰ অন্তর্ভূক্ত। সেয়া যি কোনো গানেই নহওঁক কিয়। যেনে- নবী তত্ত্ব, মুর্শ্বীদি, জাৰী, কাওৱালী, পল্লীগীতি, ভাওৱালী, ভক্তিমূলক ইত্যাদি যিকোনো প্রকাৰৰ গানেই হওঁক বা নহওঁক কিয়। কিন্তু মিউজিক, বাজনা বা বাদ্য-যন্ত্র নোহোৱাকৈ শ্বিৰ্ক-বিদাত মুক্ত হামদ, না’ত, কাছিদা, গজল ইত্যাদি পাঠ কৰা আৰু শুনা জায়েয আছে। মূলতঃ গান-বাজনা কুৰআন, হাদীছ, ইজমা আৰু ক্বিয়াছৰ দলীলৰ দ্বাৰা সুস্পষ্টভাৱে হাৰাম সাব্যস্ত। মহান আল্লাহ্ পাকে পবিত্র কালামৰ বহু স্থানত গান-বাজনা কৰিবলৈ আৰু শুনিবলৈ নিষেধ কৰিছে।
–“লোকসকলৰ ভিতৰত কিছুমান এনেকুৱা আছে যিসকলে , “লাহওৱাল হাদীছ” অৱলম্বন কৰে, এই কাৰণে যে, (লোকসকলক) বিনা জ্ঞানে আল্লাহ তা’আলাৰ পথৰ পৰা ভ্রষ্ট কৰে আৰু সেইবোৰ হাঁহি-ঠাট্টাৰূপে ব্যৱহাৰ কৰে। তেওঁলোকৰ বাবে অপমানজনক শাস্তি আছে।” (ছূৰা লুকমান: আয়াত-৬)।
[ক]. ইবনে মাছঊদ ৰদ্বিয়াল্লাহু আনহুয়ে কৈছে-আল্লাহ তাআলাৰ শপত! “লাহওৱাল হাদীছ” ( ﻟﻬﻮ ﺍﻟﺤﺪﻳﺚ) হল, সঙ্গীত বা গান-বাজনা। -তাফছীৰে ইবনে কাছীৰ ৮ম খণ্ড, ৩/৪ পৃষ্ঠা।
[খ]. ইবনে জাৰীৰ ৰহমতুল্লাহি আলাইহি আফদ্বালুন নাছ বা’দাল আম্বিয়া গ্রন্থত আবু বকৰ ছিদ্দীক্ব ৰা.ৰ পৰা বর্ণনা কৰিছে, তেওঁ আব্দুল্লাহ ইবনে মাছঊদ ৰদ্বিয়াল্লাহু তায়ালা আনহুক উক্ত এই আয়াত(বাক্য)ৰ সম্বন্ধে সুধিছিল, আব্দুল্লাহ ইবনে মাছঊদ ৰদ্বিয়াল্লাহু আনহুয়ে কৈছে যে, মহান আল্লাহ পাক ব্যতীত অন্য মা’বুদ বা উপাস্য নাই মই তেওঁৰ শপত কৰি কৈছো, ( ﻟﻬﻮ ﺍﻟﺤﺪﻳﺚ) ‘লাহওৱাল হাদীছ’-ৰ অর্থ- সঙ্গীত বা গান-বাজনা। তেওঁ তিনিবাৰ এনেকুৱা কৈছে।
[গ]. এনেদৰে ইবনে আব্বাছ ৰদ্বিয়াল্লাহু আনহু, জাবিৰ ৰদ্বিয়াল্লাহু আনহু, ইকৰামা ৰদ্বিয়াল্লাহু আনহু, ছাইদ ইবনে যুবায়েৰ ৰদ্বিয়াল্লাহু আনহু, মুজাহিদ মাকতুল ৰহমতুল্লাহি আলাইহি, আমৰ ইবনে শুয়াইব ৰহমতুল্লাহি আলাইহিম তেওঁলোকৰ প্রত্যেকেই ( ﻟﻬﻮ ﺍﻟﺤﺪﻳﺚ) ‘লাহওয়াল হাদীছ’ ৰ অর্থ- সঙ্গীত বা গান-বাজনা বুলি কৈছে।
[ঘ]. হাছান বছৰী ৰহমতুল্লাহি আলাইহিয়ে কৈছে, ‘এই আয়াতটো সঙ্গীত আৰু বাদ্য-যন্ত্ৰসমূহ সম্বন্ধে নাযিল হৈছে।”
————————-আপুনি আৰু কৈছে- “চৌদি আৰৱৰ ইছলামিক তন্ত্ৰ (ৱাহাবী ইছলাম) গোটেই বিশ্বত বিয়পোৱাৰ এক দীঘলীয়া কূটনৈতিক-ৰাজনৈতিক চক্ৰান্ত কৰি আহিছে”৷ ক’বনে সেই চক্ৰান্তটো কি? ৱাহাবী কি বা কোন?
–আল্লাহৰ এটা নাম “অহহাব”। ইছলামত কোৰআন আৰু ছহীহ হাদীছৰ বাহিৰে কাৰো জাপি দিয়া বিধান মানিবলৈ বাধ্য নহয়।
———————–আল্লাহ তা’লাই প্রত্যেক সৃষ্টিকে জোড়াই জোড়াই সৃষ্টি কৰিছে।(কোৰআন-৫১: ৪৯)। যেনেঃ-ভাল-বেয়া, মতা-মাইকী, পোহৰ-আন্ধাৰ, সীমা-অসীম ইত্যাদি। সীমাৰ কথা কওঁতে সীমাৰ ভিতৰত আৰু অসীম বোলোতে সীমাৰ বাহিৰত অর্থাৎ সীমা-লঙ্ঘনকাৰী বুজায়। যিটো আপুনি কৰিছে। ছূৰা হাজ্জেৰ ৪৫ নম্বৰ আয়াতত আল্লাহ তা’লাই কৈছেঃ-
–“আমি ধ্বংস কৰিছো কিমান নগৰ- যাৰ অধিবাসীসকল আছিল সীমা লঙ্ঘনকাৰী, এইবোৰ নগৰ ধ্বংসস্তূপত পৰিণত হৈছিল আৰু কিমান সুদৃঢ় প্রাসাদ জনমানবশূন্য হৈছিল।” (২২:৪৫)।
–শেষত কওঁ:-
–আপোনাৰ কলমত বাস্তবিকতা পূর্ণ মাত্রাই কিছু কিছু ক্ষেত্রত আছে। বিহু অসমীয়ৰ প্রাণ। ইয়াক নুই কৰা নাযায়। দিনটোৰ বাধ্যামূলক পাঁচবাৰ ছালাত আদায়ৰ পাছত ৰং-ৰসিক কৰাত কাৰো দ্বিমত থাকিব নোৱাৰে।।
++++++++
-চৈয়দ চ’গুদ ইছলাম, গুৱাহাটী।২১।০৪।২০১৬-
##

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s