Ramadan-8/20-sgis

stock-photo-mecca-june-crowd-of-pilgrims-circumambulate-around-kaaba-on-june-in-mecca-saudi-304083398

“ৰমজান আহি আছে,আঠ নে বিশ, বিশ কিন্তু জাল”
-চৈয়দ চ’গুদ ইছলাম-১০।০৪।২০১৬ –
———————————————————-
ইমাম শাফেঈ, আবু হানীফা, আহমাদ আৰু কিছুমান মালেকী বিদ্বান আৰু অন্যান্য বিদ্বানসকলে কয়, তাৰাবীহৰ ছালাত জামাতত পড়া উত্তম, যাক ওমৰ (ৰাঃ) ও ছাহাবায়ে কেৰামে(ৰাঃ) আৰম্ভ কৰি গৈছিল আৰু ইয়াৰ ওৰতেই মুছলমানসকলৰ আমল এতিয়াও চলি আছে।
ৰাক’আতৰ সংখ্যা : ৰমজান বা ৰমজানৰ বাহিৰে ৰাছূলুল্লাহে (ছাঃ) ৰাতিৰ এই বিশেষ নফল ছালাত তিন ৰাকাত বিতিৰ সহ ১১ ৰাকাত পঢ়াৰ ছহীহ সূত্র সমূহৰ দ্বাৰা প্রমাণিত । আয়েশায়ে (ৰাঃ) কৈছেঃ-
مَا كَانَ رَسُوْلُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَزِيْدُ فِيْ رَمَضَانَ وَلاَ فِيْ غَيْرِهِ عَلَى إِحْدَى عَشْرَةَ رَكْعَةً، يُصَلِّيْ أَرْبَعًا فَلاَ تَسْأَلْْ عَنْ حُسْنِهِنَّ وَطُوْلِهِنَّ ثُمَّ يُصَلِّيْ أَرْبَعًا فَلاَ تَسْأَلْ عَنْ حُسْنِهِنَّ وَطُوْلِهِنَّ ثُمَّ يُصَلِّيْ ثَلاَثًا، متفق عليه-
অর্থ : ৰমজান বা ৰমজানৰ বাহিৰে ৰাছূলুল্লাহে (ছাঃ) ৰাতিৰ ছালাত এঘাৰ(১১) ৰাকাতৰ বেছি আদায় কৰা নাছিল। তেওঁ(ছাঃ) প্রথমে [(২+২) =8] চাৰি ৰাকাত পঢ়িছিল। তুমি তাৰ সৌন্দর্য ও দীর্ঘতা সম্পর্কে জানিব নিবিচাৰানে । ইয়াৰ পিছত তেওঁ(ছাঃ) [(২+২) =8] চাৰি ৰাকাত পঢ়িছিল। তুমি তাৰ সৌন্দর্য ও দীর্ঘতা সম্পর্কে জানিব নিবিচাৰানে । ইয়াৰ পিছত তিনি ৰাকাত পঢ়িছিল।[*১] ।
[*১] [[ (১) বুখাৰী ১/১৫৪ পৃঃ, হা/১১৪৭; (২) মুসলিম ১/২৫৪ পৃঃ, হা/১৭২৩; (৩) তিৰমিযী হা/৪৩৯; (৪) আবুদাঊদ হা/১৩৪১; (৫) নাসাঈ হা/১৬৯৭; (৬) মুওয়াত্ত্বা, পৃঃ ৭৪, হা/২৬৩; (৭) আহমাদ হা/২৪৮০১; (৮) ছহীহ ইবনু খুযায়মা হা/১১৬৬; (৯) বুলূগুল মাৰাম হা/৩৬৭; (১০) তুহফাতুল আহওয়াযী হা/৪৩৭; (১১) বায়হাক্বী ২/৪৯৬ পৃঃ, হা/৪৩৯০; (১২) ইৰওয়াউল গালীল হা/৪৪৫-ৰ ভাষ্য, ২/১৯১-১৯২; (১৩) মিৰ‘আতুল মাফাতীহ হা/১৩০৬-ৰ ভাষ্য, ৪/৩২০-২১।]]
বন্ধ হোৱাৰ পিছত পুনৰায় জামাত আৰম্ভ : –
—————————————————–
নব প্রতিষ্ঠিত ইছলামী খিলাফতৰ ওপৰত আপতিত যুদ্ধ-বিগ্রহ ও অন্যান্য ব্যস্ততাৰ কাৰণে প্রথম খলীফা হজৰত আবুবকৰ ছিদ্দীক্বৰ (ৰাঃ) সংক্ষিপ্ত খিলাফতৰ সময়ত (১১-১৩ হিঃ) তাৰাবীহৰ জামাত পুনৰায় আৰম্ভ কৰা সম্ভবপৰ নহৈছিল। দ্বীত্বিয় খলীফা হযজত ওমৰ ফাৰূকৰ (ৰাঃ) যুগত (১৩-২৩ হিঃ) ৰাজনৈতিক স্থিতিশীলতাৰ কাৰণে আৰু বহু সংখ্যক মুছল্লীয়ে মছজিদত বিক্ষিপ্তভাবে উক্ত ছালাত আদায় কৰা দেখি ৰাছুলে (ছাঃ) থৈযোৱা চুন্নাত অনুসৰণ কৰি তেওঁৰ(ৰাঃ) খিলাফতৰ ২য় বর্ষৰ ১৪ হিজৰী চনত মছজিদে নববীত ১১ ৰাকাত তাৰাবীহৰ জামাত পুনৰায় আৰম্ভ কৰে।[মিৰ‘আত ২/২৩২ পৃঃ; ঐ, ৪/৩১৫-১৬ ও ৩২৬ পৃঃ।] যিদৰে সায়েব বিন ইয়াযীদে (ৰাঃ) কৈছিলঃ-
أَمَرَ عُمَرُ بْنُ الْخَطَّابِ أُبَيَّ بْنَ كَعْبٍ وَتَمِيْمًا الدَّارِيَّ أَنْ يَّقُوْمَا لِلنَّاسِ فِىْ رَمَضَانَ بِإِحْدَى عَشْرَةَ رَكْعَةً…. رواه في المؤطأ بإسناد صحيح-
‘খলীফা ওমৰ ইবনুল খাত্ত্বাবে (ৰাঃ) হজৰত উবাই ইবনু কা‘ব আৰু তামীম দাৰী (ৰাঃ)-ক ৰমাজনৰ ৰাতিত ১১ ৰাকাত ছালাত জামাত সহকাৰে আদায়ৰ নির্দেশ প্রদান কৰে। এই ছালাত(إلي فُرُوْعِ الْفَجْرِ) ফজৰৰ প্রাক্কালিন (ছেহেৰীৰ পূর্ব) পর্যন্ত দীঘল হৈছিল।[*২]
[*২] (১) মুওয়াত্ত্বা (মুলতান, পাকিস্তান: ১৪০৭/১৯৮৬) ৭১ পৃঃ, ‘ৰামাজানৰ ৰাতি জাগৰণ’ অনুচ্ছেদ; মুওয়াত্ত্বা, মিশকাত হা/১৩০২ ‘ৰামাজান মাহৰ ৰাতি জাগৰণ’ অনুচ্ছেদ-৩৭; মিৰ‘আত হা/১৩১০, ৪/৩২৯-৩০, ৩১৫ পৃঃ; (২) বায়হাক্বী ২/৪৯৬, হা/৪৩৯২; (৩) মুছান্নাফ ইবনু আবী শায়বাহ (বোম্বাই, ১৩৯৯/১৯৭৯) ২/৩৯১ পৃঃ, হা/৭৭৫৩; (৪) ত্বাহাভী শৰহ মা’আনিল আছাৰ হা/১৬১০।
বিশ(২০) ৰাকাত তাৰাবীহ :-
———————————-
প্রকাশ থাকে যে, উক্ত ৰেওয়াতৰ পিছত ইয়াযীদ বিন ৰূমানৰ পৰা ‘ওমৰৰ(ৰাঃ) জামানাত ২০ ৰাকাত তাৰাবীহ পঢ়া হৈছিল বুলি যি বর্ণনা আহিছে, সেইয়া ‘যঈফ(da’if)’ আৰু ২০ ৰাকাত সম্পর্কে ইবনু আব্বাসৰ (ৰাঃ) পৰা ‘মৰফূ’ সূত্রে যি বর্ণনা আহিছে, সেয়া ‘মওযূ’ বা জাল।[*৩] এতেকে ২০ ৰাকাত তাৰাবীহ সম্পর্কে যি কেইট সূত্র আহিছে, সেই সকলোবোৰেই ‘যঈফ’।[*৪]
——–২০ ৰাকাত তাৰাবীহৰ ওপৰত ওমৰৰ(ৰাঃ) সময়ৰ ছাহাবীসকলৰ মাজত যি ‘ইজমা’ বা ঐক্যমত হৈছিল বুলি যি দাবী কৰা হয়, সেয়া একেবাৰেই ভিত্তিহীন ও বাতিল কথা (بَاطِلَةٌ جِدًّا) মাত্র। [*৫] তিৰমিযীৰ ভাষ্যকাৰ খ্যাতনামা ভাৰতীয় হানাফী মনীষী দাৰুল উলূম দেউবন্দৰ তৎকালীন সময়ৰ মুহতামিম (অধ্যক্ষ) আনোআৰ শাহ কাষ্মীৰীয়ে (১২৯২-১৩৫২/১৮৭৫-১৯৩৩ খৃঃ) কৈছিল, “এই কথা নামানি উপায় নাইযে, ৰাসূলুল্লাহ (ছাঃ)ৰ তাৰাবীহ আঠ(৮) ৰাকাতেই আছিল। [*৬]
[*৩]-আলবানী, হাশিয়া মিশকাত হা/১৩০২, ১/৪০৮ পৃঃ; ইৰওয়া হা/৪৪৬, ৪৪৫, ২/১৯৩, ১৯১ পৃ:।
[*৪]-তাৰাবীহৰ ৰাকাত সম্পর্কে বিস্তাৰিত জানিবলৈ মিৰ‘আত হা/১৩১০ -ৰ আলোচনা দ্রষ্টব্য, ৪/৩২৯-৩৫ পৃঃ; ইৰওয়া হা/৪৪৬-ৰ আলোচনা দ্রঃ ২/১৯৩ পৃঃ।
[*৫]- তুহফাতুল আহওয়াযী হা/৮০৩-এর আলোচনা দ্রঃ ৩/৫৩১ পৃঃ; মিৰ’আত ৪/৩৩৫।
[*৬]-كَانَتْ ثَمَانِيَةَ رَكْعَاتٍ) r (وَلاَ مَنَاصَ مِنْ تَسْلِيْمٍ أَنَّ تَرَاوِيْحَهُ –আল-‘আৰফুশ শাযী শৰহ তিৰমিযী হা/৮০৬-ৰ আলোচনা, দ্রঃ ২/২০৮ পৃঃ; মিৰ‘আত ৪/৩২১।
++++++++++++++++++++++++++++++++++++
–এইটো স্পষ্টযে, ৰাসূলুল্লাহ (ছাঃ) ও খুলাফায়ে ৰাশেদ্বীনৰ পৰা আৰু ৰাসূল (ছাঃ)-ৰ অন্য কোনো স্ত্রী(ৰাঃ) ও ছাহাবীৰ(ৰাঃ) পৰা ১১ বা ১৩ ৰাকাতৰ ঊর্ধ্বত তাৰাবীহ বা তাহাজ্জুদ পঢ়াৰ কোনো বিশুদ্ধ প্রমাণ নাই।[*৭]
–বর্ধিত ৰাকাত সমূহ পৰবর্তীকালত সৃষ্টি কৰা হৈছে। ইমাম ইবনু তায়মিয়াহে (ৰহঃ) কৈছে, ৰাসূলুল্লাহ (ছাঃ) ৰাতিৰ ছালাত ১১ বা ১৩ ৰাকাত আদায় কৰিছিল। পৰবর্তীকালে মদ্বীনাৰ লোকসকলে দীর্ঘ ক্বিয়ামতত দুর্বলতা বোধ কৰে। ফলত তেওঁলোকে ৰাকাতৰ সংখ্যা বৃদ্ধি কৰি থাকে, এনেকি ৩৯ ৰাকাত পর্যন্ত হৈছিলগৈ।[*৮]
অথচ বাস্তব কথা এই যে, আল্লাহৰ ৰাসূল (ছাঃ) যিমান দীর্ঘ ক্বিয়াম ও ক্বিৰাআতৰ মাধ্যমত তিনি ৰাতি জামাতৰ সৈতে তাৰাবীহৰ ছালাত আদায় কৰিছিল, সেইদৰে সংক্ষিপ্ত ক্বিয়ামেৰেও তাহাজ্জুদৰ ছালাত আদায় কৰিছিল। যিটো সময় বিশেষে ৯, ৭ আৰু ৫ ৰাকাত পঢ়িছিল। কিন্তু কেতিয়াও ১১ বা ১৩ ৰ ঊর্ধ্বত পঢ়াৰ প্রমাণ নাই।[*৯] তেওঁ(ছাঃ) আছিল ‘সৃষ্টিজগতৰ প্রতি ৰহমত স্বৰূপ’ (আম্বিয়া ২১/১০৭) আৰু বেছি নপঢ়টো আছিল উম্মতৰ প্রতি তেওঁৰ(ছাঃ) অন্যতম ৰহমত।
[*৭]-মুওয়াত্ত্বা, ৭১ পৃঃ, টীকা-৮ দ্রষ্টব্য।
[*৮]-ইবনু তায়মিয়াহ, মাজমূ‘ ফাতাওয়া (মক্কা: আননাহযাতুল হাদীছাহ) ১৪০৪/১৯৮৪), ২৩/১১৩।
[*৯]-মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/১১৮৮ ‘ৰাতিৰ ছালাত’ অনুচ্ছেদ-৩১; আবুদাঊদ, মিশকাত হা/১২৬৪ ‘বিতিৰ’ অনুচ্ছেদ-৩৫, আয়েশাৰ (ৰাঃ) পৰা; মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/১১৯৫, ‘ৰাতিৰ ছালাত’ অনুচ্ছেদ-৩১, ইবনু আববাস (ৰাঃ) হ’তে।
——————————————————–
Enclosed:-
–সমাপ্ত–sgis
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s