মানবিয়তা আৰু ইছলামঃ-[sgis]

মানবিয়তা আৰু ইছলামঃ-[sgis]07.04.2016
———————————————-
–ইছলাম এটা পৰিপূর্ণ জীবন বিধান হিচাবে ইতিমধ্যেই বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিছে। সূচনালগ্নৰ পৰাই ইছলাম শত্রুতাৰ সন্মূখিনহৈ আহিছে। আজিও সেই শত্রুতা অব্যাহত আছে। বর্তমান পশ্চিমিয়া শক্তিসমূহে ইছলামৰ বিৰূদ্ধে শত্রুতাৰ নতুন কৌশল অবলম্বন কৰিছে। তেওঁলোকে এখন বিশ্বব্যাপী ইছলামভীতি প্রচাৰৰ চেষ্টা কৰিছে। তেওঁলোকে ইছলামক যুদ্ধ ও হিংসতা ধর্ম আৰু মানবাধিকাৰ উপেক্ষাকাৰী বুলি প্রচাৰ কৰাৰ চেষ্টা কৰিছে। এইবোৰ কৰি তেওঁলোকে বিশ্ববাসীক ইছলাম বিমুখ কৰি ৰাখিব বিচাৰে। সেয়েহে কিছু মুছলমানৰ কায্য-কর্ম পশ্চিমিয়া এই প্রচাৰৰ অনুকূলে গৈছে। যেনে- আল কায়েদা ও তালেবান। এই গোষ্ঠিবোৰ হিংসতাকামী, নির্দয় আৰু সন্ত্রাসী কামত লিপ্ত থকিও নিজেকে মুছলমান বুলি পৰিচয় দিয়ে। সচেতন মানুহে এই সন্ত্রাসী কর্ম-কাণ্ডকে ভুল কৰি মুছলমানৰ কার্যক্রম বুলি ভাবিবলৈ ধৰে।

–পবিত্র কোৰআন মজিদত অসংখ্য উদাহৰণ পোৱা যায় যাৰ পৰা বুজা যায়যে ইছলাম এটি দয়া, অনুগ্রহ ও কল্যাণৰ ধর্ম। মহান আল্লাহৰ অনুগ্রহৰ কথা, কৰুণাৰ কথা দয়াৰ কথা কোৰআনত পৰিপূর্ণহৈ আছে। পবিত্র কোৰআন মজিদৰ প্রতিটো ছুৰাই আৰম্ভ কৰা হয় আনকি মুছলমানৰ প্রতিটি কাম আৰম্ভ কৰা হয় বিছমিল্লাহ বুলি। ইয়াৰ অর্থই হ’ল সেই মহান আল্লাহৰ নামেৰে আৰম্ভ কৰিছো যিজন পৰম কৰুণাময় আৰু দয়াবান। গতিকে ধর্মৰ মূল গ্রন্থৰ সূচনা হৈছে আল্লাহৰ দয়া আৰু ৰহমতৰ ঘোষণা দি সেই ধর্ম কি হিংসাত্মক হ’ব পাৰে নেকি?

–লক্ষ্য কৰিলে দেখা যাবযে আল্লাহৰ এই দয়াৰ কার্য্যটো কেৱল ইছলাম ধর্মৰ অনুসাৰীসকলৰ বাবেইযে তেনে নহয়, বৰং সমগ্র মানব জাতিৰ বাবেই প্রযোজ্য। কোৰআন মজিদত কোৱা হৈছেঃ- Say, [O Muhammad], to those who have believed that they [should] forgive those who expect not the days of Allah so that He may recompense a people for what they used to earn.[www.quran.com/45/14]
–আল্লাহ ৰাব্বুল আ’লামিনে এই আয়াতত মুছলমানসকলৰ প্রতি আহ্বান জনাইছেযে তেওঁলোকে যেন অমুছলমানসকলৰ ক্ষেত্রত সহানুভূতিশীল হয় আৰু তেওঁলোকৰ বেয়া দিশবোৰ উপেক্ষা কৰে। তেনেহলে এনে এটি ধর্মক কি বুলি অমানবিয় অথবা হিংসতা পূর্ণ ধর্ম বুলি ক’ব?

–চকু ফুৰালে দেখা পাব পবিত্র কোৰআন মজিদ আৰু বিশুদ্ধ হাদিচত মানবতাৰে পৰিপূর্ণহৈ আছে। তাৰ বাবে লাগিব মাথো অর্থসহ কোৰআন মজিদ আৰু বিশুদ্ধ হাদিচৰ জ্ঞান।।[sgis]।।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s