জাল হাদীছৰ কবলত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছালাত / মুযাফফৰ বিন মুহছিন / পবিত্রতা (ওযূ ও তায়াম্মুম)

জাল হাদীছৰ কবলত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছালাত / মুযাফফৰ বিন মুহছিন / পবিত্রতা (ওযূ ও তায়াম্মুম)
http://www.hadithbd.com/shareqa.php?qa=1793 (৬) পানী থকা সত্বেও কুলুখ ব্যৱহাৰ কৰা অথবা কুলুখ লোৱাৰ পিছত পুনৰাই পানীৰ দ্বাৰা ইস্তিঞ্জা কৰা।

পানী থকা অৱস্থাত কুলুখ লোৱা শ্বৰী‘আত সন্মত নহয়। পানী নাপালে কুলুখ লব পাৰি। কিন্তু পুনৰাই পানী ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। কুলুখ লোৱাৰ পিছত পানী লোৱা সম্পর্কে যি হাদীছ বর্ণনা কৰা হয় সেয়া সম্পূর্ণ মিছা, বনোৱা আৰু ভিত্তিহীন।

عَنِ ابْنِ عَبَّاسٍ قَالَ نَزَلَتْ هَذِهِ الآيَةُ فِىْ أَهْلِ قُبَاءَ فِيْهِ رِجَالٌ يُحِبُّوْنَ أَنْ يَتَطَهَّرُوْا وَاللهُ يُحِبُّ الْمُطَّهِّرِيْنَ فَسَأَلَهُمْ رَسُوْلُ اللهِ ؟ فَقَالُوْا نَتَّبِعُ الْحِجَارَةَ الْمَاءَ.

ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, নিম্নোক্ত আয়াত কুবাবাসীসকলৰ সম্পর্কে অৱতীর্ণ হৈছে। ‘ইয়াতে এনেকুৱা কিছুমান লোক আছে, যিসকলে উত্তমৰূপে পবিত্র হবলৈ ভাল পায়। আৰু আল্লাহে উত্তমৰূপে পবিত্রতা অর্জনকাৰীক ভাল পায়’ (তাওবা ১০৮)। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁলোকক ইয়াৰ কাৰণ সোধাত তেওঁলোকে কৈছিল, (আমি ইস্তিঞ্জা কৰাৰ সময়ত) কুলুখ লোৱাৰ পিছত পানী ব্যৱহাৰ কৰোঁ।

তাহক্বীক্ব : বর্ণনাটি জাল বা মিছা। এই বর্ণনাৰ কোনো ভিত্তি পোৱা নাযায়।[1] ইমাম বাযযাৰে এইটো বর্ণনা কৰি কৈছে, ‘যুহৰীৰ পৰা মুহাম্মাদ বিন আব্দুল আযীযৰ বাহিৰে আন কোনোবাই এইটো বর্ণনা কৰিছে বুলি মই নাজানোঁ। আৰু তেওঁ তেওঁৰ পিতাৰ পৰা বর্ণনা কৰিছে।[2] ইবনু হাজাৰ আচক্বালানীয়ে (৭৭৩-৮৫২ হিঃ) কৈছে,

مُحَمَّدُ بْنُ عَبْدِ الْعَزِيْزِ ضَعَّفَهُ أَبُوْ حَاتِمٍ فَقَالَ لَيْسَ لَهُ وَلَا لِأَخَوَيْهِ عِمْرَانَ وَعَبْدِ اللهِ حَدِيْثٌ مُسْتَقِيْمٌ وَعَبْدُ اللهِ بْنُ شَبِيْبٍ ضَعِيْفٌ أَيْضًا.

মুহাম্মাদ ইবনু আব্দুল আযীযক আবু হাতিমে যঈফ বুলি কৈছে। তেওঁ আৰু কৈছে, তেওঁ আৰু তেওঁৰ দুই ভাই ইমৰান আৰু আব্দুল্লাহ কাৰোঁ এটি হাদীছো সঠিক নহয়। তাৰোপৰি আব্দুল্লাহ ইবনু শ্বাবীবো দুর্বল।[3]

উক্ত বর্ণনাৰ বিৰোধী ছহীহ হাদীছ :

উক্ত হাদীছ যে জাল তাৰ বাস্তৱ প্রমাণ হ’ল তলৰ ছহীহ হাদীছ, য’ত কুলুখৰ কথাই নাই।

عَنْ أَبِىْ هُرَيْرَةَ عَنِ النَّبِىِّ قَالَ نَزَلَتْ هَذِهِ الآيَةُ فِى أَهْلِ قُبَاءَ فِيْهِ رِجَالٌ يُحِبُّوْنَ أَنْ يَتَطَهَّرُوْا قَالَ كَانُوْا يَسْتَنْجُوْنَ بِالْمَاءِ فَنَزَلَتْ فِيْهِمْ هَذِهِ الآيَةُ.

আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, এই আয়াতটি কুবাবাসীসকলৰ সম্পর্কে অৱতীর্ণ হৈছে। ‘ইয়াতে এনেকুৱা কিছুমান লোক আছে, যিসকলে উত্তমৰূপে পবিত্র হবলৈ ভাল পায়’ (তাওবা ১০৮)। তেওঁ কৈছে, তেওঁলোকে পানীৰ দ্বাৰা ইস্তিঞ্জা কৰিছিল।[4] আন হাদীছত আহিছে,

عَنْ أَبِىْ أَيُّوْبَ الْأَنْصَارِيِّ وَجَابِرِ بْنِ عَبْدِ اللهِ وَأَنَسِ بْنِ مَالِكٍ أَنَّ هَذِهِ الْآيَةَ نَزَلَتْ فِيْهِ رِجَالٌ يُحِبُّوْنَ أَنْ يَتَطَهَّرُوْا وَاللهُ يُحِبُّ الْمُطَّهِّرِيْنَ قَالَ رَسُوْلُ اللهِ يَا مَعْشَرَ الْأَنْصَارِ إِنَّ اللهَ قَدْ أَثْنَى عَلَيْكُمْ فِى الطُّهُوْرِ فَمَا طُهُوْرُكُمْ قَالُوْا نَتَوَضَّأُ لِلصَّلَاةِ وَنَغْتَسِلُ مِنْ الْجَنَابَةِ وَنَسْتَنْجِىْ بِالْمَاءِ قَالَ فَهُوَ ذَاكَ فَعَلَيْكُمُوْهُ.

আবু আইয়ূব আনছাৰী, জাবিৰ ইবনু আব্দিল্লাহ আৰু আনাচ ৰাদ্বিয়াল্লাহু আনহুমৰ পৰা বর্ণিত, নিশ্চয় এই আয়াত যেতিয়া অৱতীর্ণ হয়- ‘তাত (কুবাত) এনেকুৱা কিছুমান লোক আছিল, যিসকলে পবিত্রতা অৰ্জন কৰিবলৈ ভাল পায় আৰু আল্লাহে পবিত্রতা অর্জনকাৰীসকলক ভাল পায়’ তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, হে আনছাৰসকল! এই আয়াতৰ দ্বাৰা আল্লাহ তা‘আলাই তোমালোকৰ পবিত্রতাৰ প্রশংসা কৰিছে। তোমালোকে কেনে ধৰণে পবিত্রতা অর্জন কৰা? তেওঁলোকে ক’লে, আমি ছালাতৰ কাৰণে ওযূ কৰি থাকোঁ, অপবিত্রতাৰ পৰা গোছল কৰি থাকোঁ আৰু পানীৰ দ্বাৰা ইস্তিঞ্জা কৰি থাকোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, এইটোৱেই তাৰ কাৰণ। গতিকে তোমালোকে সদায় এইটো কৰি থাকিবা।[5]

মূল কথা হ’ল, অন্যান্য অঞ্চলৰ অধিবাসীসকলে কেৱল কুলুখৰ দ্বাৰা ইস্তিঞ্জা কৰে। কিন্তু কুবাবাসীসকলে আনসকলৰ তুলনাত কেৱল পানীৰ দ্বাৰা ইস্তিঞ্জা কৰে। সেই কাৰণেই আল্লাহে তেওঁলোকৰ প্রশংসা কৰিছে।

আন এটি জাল হাদীছ :

عَنْ عَائِشَةَ رَضِىَ اللهُ عَنْهَا مُرْنَ أَزْوَاجَكُنَّ أَنْ يَتَّبِعُوْا الْحِجَارَةَ بِالْمَاءِ مِنْ أَثَرِ الْغَائِطِ وَالْبَوْلِ فَإِنِّيْ أَسْتَحْيِيْهِمْ وَإِنَّ النَّبِيَّ كاَنَ يَفْعَلُهُ.

আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, ‘তোমালোকে তোমালোকৰ স্বামীসকলক কৈ দিয়া, তেওঁলোকে যেন পেচাব-পায়খানাৰ সময়ত কুলুখ লোৱাৰ পিছত পানী ব্যৱহাৰ কৰে। মই তেওঁলোকক কবলৈ লজ্জাবোধ কৰিছোঁ। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এইটো কৰে।[6]

তাহক্বীক্ব : বর্ণনাটি জাল। এই শব্দত কোনো বর্ণনা নাই। সেইখ আলবানী (ৰহঃ)-য়ে কৈছে, ইয়াৰ কোনো ভিত্তি নাই।[7] উক্ত বর্ণনাৰ বিৰোধী পোনপটীয়া ছহীহ হাদীছ বর্ণিত হৈছে¸ য’ত কুলুখ লোৱাৰ কথা নাই; বৰং কেৱল পানী লোৱাৰ কথাহে আছে। যেনে-

عَنْ عَائِشَةَ قَالَتْ مُرْنَ أَزْوَاجَكُنَّ أَنْ يَسْتَطِيْبُوْا بِالْمَاءِ فَإِنِّىْ أَسْتَحْيِيْهِمْ فَإِنَّ رَسُوْلَ اللهِ كَانَ يَفْعَلُهُ.

আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, তোমালোকে তোমালোকৰ স্বামীসকলক কৈ দিয়া, তেওঁলোকে যেন পানীৰ দ্বাৰা পবিত্রতা অৰ্জন কৰে। কাৰণ মই তেওঁলোকক কবলৈ লজ্জাবোধ কৰিছোঁ। নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি সেইটোৱে কৰি থাকে।[8]

গতিকে সামাজিকভাৱে প্রতিষ্ঠিত উক্ত মিছা প্রথাক নিশ্চয় উচ্ছেদ কৰিব লাগিব। পানী থকা সত্বেও যেন কোনো স্থানত কুলুখৰ স্তূপ সৃষ্টি নহয়। কাৰণ প্রকৃত ফযীলত পানীৰ দ্বাৰা ইস্তিঞ্জা কৰাৰ মাজতেই আছে।

[1]. চিলচিলা যঈফাহ হা/১০৩১-ৰ ভাষ্য দ্রঃ। [2]. لا نعلم أحدا رواه عن الزهري الا محمد بن عبد العزيز ولا عنه الا ابنه- তালখীছ, পৃঃ ৪১, দ্রঃ ইৰওয়াউল গালীল হা/৪২, ১/৮২ পৃঃ। [3]. ইবনু হাজাৰ আল-আচক্বালানী, তালখীছুল হাবীৰ ফী আহাদীছিৰ ৰাফইল কাবীৰ হা/১৫১; দ্রঃ ইৰওয়াউল গালীল হা/৪২, ১/৮২ পৃঃ। [4]. আবুদাঊদ হা/৪৪, ১/৭ পৃঃ, ‘পবিত্রতা’ অধ্যায়-১, অনুচ্ছেদ-২৩, চনদ ছহীহ; মুস্তাদৰাক হাকেম হা/৬৭৩। [5]. ছহীহ ইবনে মাজাহ হা/৩৫৫, পৃঃ ২৯-ৰ শেষ হাদীছ, চনদ ছহীহ; মিশকাত হা/৩৬৯, পৃঃ ৪৪; বঙ্গানুবাদ মিশকাত হা/৪৪১, ‘পেচাব-পায়খানাৰ শিষ্টাচাৰ’ অনুচ্ছেদ; আলোচনা দ্রঃ চিলচিলা যঈফাহ হা/১০৩১, ৩/১১৩ পৃঃ। [6]. ইৰওয়াউল গালীল হা/৪২। [7]. ইৰওয়াউল গালীল ১/৮২ পৃঃ। [8]. ছহীহ তিৰমিযী হা/১৯, ১/১১ পৃঃ; ছহীহ নাচাঈ হা/৪৬, ১/৮ পৃঃ।
ক্ৰমশঃ

log-on:- refrefref-sogoodislam

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s