নিফাছ:নৱজাত শিশু প্ৰসৱ হোৱাৰ সময়ত আৰু তাৰ পিছত ৰেহেম (মাতৃগৰ্ভ)ৰ পৰা যি তেজ ওলায় সেইটোকে নিফাছ বোলে।

IslamHouse.com Assamese

‪#‎ড‬-ছলেহ-ফাওজান-হাফিজাহুল্লাহ

নিফাছ:
১. নিফাছৰ সংজ্ঞা আৰু সময়:
নৱজাত শিশু প্ৰসৱ হোৱাৰ সময়ত আৰু তাৰ পিছত ৰেহেম (মাতৃগৰ্ভ)ৰ পৰা যি তেজ ওলায় সেইটোকে নিফাছ বোলে। এইবোৰ দৰাচলতে গৰ্ভকালীন সময়ত গৰ্ভশয়ত জমা হোৱা তেজ, শিশু প্ৰসৱ হ’লে অলপ অলপকৈ বাহিৰ হৈ থাকে। প্ৰসৱৰ সংকেত আৰম্ভ হোৱাৰ পিছত যি তেজ বাহিৰ হয় সেয়াও নিফাছ, যদিও প্ৰসৱ দেৰিকৈ হয়। ফকিহসকলে কৈছে, প্ৰসৱ হোৱাৰ দুদিন বা তিনি দিন আগত হ’লে সেয়া নিফাছ অন্যথা নিফাছ বুলি গণ্য নহয়। নিফাছৰ তেজ সাধাৰণতে প্ৰসৱৰ লগত আৰম্ভ হয়। প্ৰসৱৰ বাবে পৰিপূৰ্ণ শিশু ভূমিষ্ঠ হোৱা জৰুৰী, তাৰ পৰৱৰ্তী তেজ নিফাছ হিচাপে গণ্য হ’ব। মাকৰ পেটত সৰ্বনিম্ন একাশী (৮১) দিন সম্পন্ন হ’লে শিশুৰ শৰীৰৰ গঠন আকৃতি পূৰ্ণ হয়, যদি ইয়াৰ আগত ৰেহেমৰ পৰা কিবা ওলায় আৰু লগতে তেজও ওলায়, তেনেহ’লে ই নিফাছ হিচাপে গণ্য নহ’ব, ছালাত আৰু ছিয়াম যথাৰীতি আদায় কৰিব, কাৰণ ই দূষিত তেজ আৰু তেজক্ষৰণ হিচাপে নিৰ্গত, ইয়াৰ বিধান মুস্তাহাজা নাৰীৰ বিধান।
নিফাছৰ সৰ্বাধিক সময় চল্লিশ দিন, যাৰ সূচনা হয় প্ৰসৱৰ পৰা অথবা তাৰ দুদিন বা তিনি দিন আগৰ পৰা, যিটো আগতে আলোচনা কৰা হৈছে। উম্মে ছালামা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত হাদীছত আহিছে:
»كانت النفساء تجلس على عهد رسول الله صلى الله عليه وسلم أربعين يوما«
“নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নিফাছ আক্ৰান্ত নাৰীসকলে চল্লিশ দিন বিৰতি লৈছিল”।
নিফাছৰ সৰ্বোচ্চ সময় চল্লিশ দিন। এই বিষয়ে সকলো আহলে ইল্ম একমত। ইমাম তিৰমিজী প্ৰমুখসকলে আলিমসকলৰ এই ঐক্যমত বৰ্ণনা কৰিছে। আৰু যিয়ে চল্লিশ দিনৰ আগতেই পৱিত্ৰ হয়, যেনে তাইৰ তেজ বন্ধ হয়, তাই গুছল কৰিব আৰু ছালাত আদায় কৰিব। নিফাছৰ সৰ্বনিম্ন কোনো নিৰ্ধাৰিত সময় নাই। কাৰণ ইয়াৰ নিৰ্দিষ্ট সময় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হোৱা নাই। যদি চল্লিশ দিন পূৰ্ণ হোৱাৰ পিছতো তেজ বন্ধ নহয়, তেনেহ’লে সেইটো যদি হায়েজৰ সময় হয় হায়েজ গণ্য হ’ব, যদি হায়েজৰ সময় নহয় ইস্তেহাজাহ বুলি গণ্য হ’ব, সেয়ে চল্লিশ দিন পাৰ হ’লে ইবাদত ত্যাগ নকৰিব। যদি তেজ বাহিৰ হোৱাৰ সময়কাল চল্লিশ দিনৰ বেছি হয়, কিন্তু বিৰতি লৈ তেজ ওলায়, যাৰ লগত হায়েজৰ অভ্যাসৰ মিল নাই, তেন্তে এইটো ইখতিলাফৰ বিষয়।
খ. নিফাছ সংক্ৰান্ত বিধান:
তলত বৰ্ণনা কৰা অৱস্থাত নিফাছৰ বিধান হায়েজৰ বিধানৰ দৰে:
১. নিফাছ আক্ৰান্ত নাৰীৰ লগত সহবাস কৰা হাৰাম। যেনে হায়েজ অৱস্থাত থকা নাৰীৰ লগত সহবাস কৰা হাৰাম, কিন্তু সহবাসৰ বাহিৰে অন্যান্য পদ্ধতিত ভোগ কৰা বৈধ।
২. হায়েজ আক্ৰান্ত নাৰীৰ দৰে নিফাছ আক্ৰান্ত নাৰীসকলৰ বাবেও ছিয়াম ৰখা, ছালাত আদায় কৰা আৰু বায়তুল্লাহৰ তাৱাফ কৰা হাৰাম।
৩. নিফাছ আক্ৰান্ত নাৰীসকলৰ বাবে কোৰআন তিলাৱাত আৰু স্পৰ্শ কৰা হাৰাম, কিন্তু পাহৰি যোৱাৰ আশংকা থাকিলে বৈধ। যেনে, হায়েজা নাৰীৰ বাবে বৈধ।
৪. হায়েজা নাৰীৰ দৰে নিফাছ আক্ৰান্ত নাৰীৰ বাবেও এৰি যোৱা ছিয়াম কাজা কৰা ওৱাজিব।
৫ হায়েজা নাৰীৰ দৰে নিফাছ আক্ৰান্ত নাৰীৰ নিফাছ শেষত গুছল কৰা ওৱাজিব। প্ৰমাণ:
ক. উম্মে ছালামাহ ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে:
»كانت النفساء تجلس على عهد رسول الله صلى الله عليه وسلم أربعين يوما«
“নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নিফাছ আক্ৰান্ত নাৰীসকলে চল্লিশ দিন বিৰতি লৈছিল”।
‘আল-মুনতাকা’ গ্ৰন্থত মাজদ ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “হাদীছৰ অৰ্থ হৈছে তেওঁলোকক চল্লিশ দিন বিৰতি লোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল। এইটোৱেই চূড়ান্ত অৰ্থ, তেওঁলোক সকলোৰে নিফাছ চল্লিশ দিন পৰ্যন্ত থাকিছিল এই অৰ্থ কেতিয়াও নহয়; বৰং এই অৰ্থ কৰিলে বাস্তৱতাৰ ক্ষেত্ৰত হাদীছটো মিছা প্ৰমাণিত হ’ব, যিহেতু কোনো যুগতেই হায়েজ বা নিফাছৰ সময়সীমা সকলো নাৰীসকলৰ একেই হোৱাটো সম্ভৱ নহয়”।
খ. উম্মে ছালামাহ ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে:
»كانت المرأة من نساء النبي تقعد في النفاس أربعين ليلة لا يأمرها النبي بقضاء صلاة النفاس«
“নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান স্ত্ৰীৰ নিফাছ হ’লে চল্লিশ দিন বিৰতি লৈছিল, তেখেতে তেওঁক নিফাছৰ ছালাত কাজা কৰাৰ নিৰ্দেশ দিয়া নাছিল”।
চল্লিশ দিনৰ আগতেই যদি নিফাছৰ তেজ বন্ধ হয়:
জ্ঞাতব্য-১: যদি নিফাছ আক্ৰান্ত নাৰীৰ চল্লিশ দিনৰ আগতেই তেজ বন্ধ হয় আৰু তাই গুছল কৰি ছালাত আদায় কৰে আৰু ছিয়াম ৰাখে, তাৰ পিছত চল্লিশ দিন শেষ নহওঁতেই আকৌ তেজ আহে, তেনেহ’লে বিশুদ্ধ মত অনুযায়ী এই সময়কো নিফাছ বুলি গণ্য কৰিব আৰু বিৰতি লব। মধ্যৱৰ্তী সময়ত কৰা ইবাদত শুদ্ধ হ’ব, ইয়াৰ কাজা কৰাৰ প্ৰয়োজন নাই।
নিফাছৰ তেজৰ কাৰণ সন্তান প্ৰসৱ, আৰু ইস্তেহাজাৰ তেজ বেমাৰৰ দৰে সাময়িক, আৰু হায়েজৰ তেজ নাৰীৰ স্বভাৱজাত তেজ:
জ্ঞাতব্য-২: শ্বাইখ আব্দুৰ ৰহমান ইবনে ছা’দিয়ে কৈছে: পূৰ্বৰ আলোচনাৰ পৰা স্পষ্ট হ’ল যে, সন্তান প্ৰসৱৰ কাৰণে নিফাছৰ তেজ প্ৰবাহিত হয়। ইস্তেহাজাৰ তেজ বেমাৰ-আজাৰ হলে প্ৰবাহিত হয় যিটো সাময়িক; আৰু হায়েজৰ তেজ নাৰীৰ নাৰীত্বৰ স্বভাৱজাত প্ৰকৃত তেজ। আল্লাহেই সৰ্বজ্ঞানী।
টেবলেট ব্যৱহাৰ কৰা: শাৰীৰিক ক্ষতি নহ’লে হায়েজ বন্ধকাৰী টেবলেট ব্যৱহাৰ কৰা দোষণীয় নহয়। টেবলেট ব্যৱহাৰৰ ফলত তেজ বন্ধ হ’লে ছিয়াম ৰাখিব, ছালাত আদায় কৰিব আৰু তাৱাফ কৰিব পাৰিব। এই সময়ত তাইৰ সকলো ইবাদত সঠিক হ’ব, যেনেকৈ অন্যান্য পৱিত্ৰ নাৰীসকলৰ ইবাদত সঠিক।
গৰ্ভপাত কৰাৰ বিধান: হে মুছলিমা নাৰী, আল্লাহে তোমাৰ গৰ্ভত যি সৃষ্টি কৰে সেই বিষয়ে তুমি আমানতদাৰ। এতেকে, তুমি আমানত গোপন নকৰিবা। আল্লাহ তা‘আলাই কৈছে:
﴿وَلَا يَحِلُّ لَهُنَّ أَن يَكۡتُمۡنَ مَا خَلَقَ ٱللَّهُ فِيٓ أَرۡحَامِهِنَّ إِن كُنَّ يُؤۡمِنَّ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۚ﴾ [البقرة: ٢٢٨]
“আৰু আল্লাহে তেওঁলোকৰ গৰ্ভত যি সৃষ্টি কৰিছে, সেয়া গোপন কৰা তেওঁলোকৰ বাবে বৈধ নহয়, যদি তেওঁলোকে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি বিশ্বাস ৰাখে”। [ আল-বাকাৰা, আয়াত: ২২৮]
গৰ্ভপাত ঘটোৱা বা যেনেকৈ হওক তাৰ পৰা নিষ্কৃতি পাবলৈ বাহানা কৰিব নালাগে। কাৰণ, আল্লাহে তোমাৰ বাবে ৰমজান মাহত পানাহাৰ বৈধ কৰিছে যদি ছিয়াম পালন কৰা তোমাৰ বাবে ক্ষতিকৰ হয়। যদি গৰ্ভত থকা শিশুৰ ৰূহ সঞ্চাৰ কৰা হয় আৰু গৰ্ভপাত ঘটোৱাৰ ফলত মৃত্যুবৰণ কৰে, তেনেহ’লে এইটো অন্যায় হত্যাৰ অন্তৰ্ভূক্ত, যিটো আল্লাহে হাৰাম কৰিছে। গৰ্ভত থকা শিশুৰ হত্যাকাৰীক ক্ষতিপূৰণ দিব লাগিব, যদিও ইয়াৰ পৰিমাণ ব্যাখ্যা সাপেক্ষে নিৰ্ধাৰিত। কিছুমান আহলে ইল্মে কৈছে, কাফফাৰা দিয়াটো ওৱাজিব। অৰ্থাৎ মুমিন দাসী মুক্ত কৰা, যদি মুমিন দাসী পোৱা নাযায় তেন্তে একেলেঠাৰিয়ে দু’মাহ ছিয়াম পালন কৰা। আন কিছুমান আহলে ইল্মে গৰ্ভৰ শিশু হত্যাক এক প্ৰকাৰ জীৱিত দাফন বুলি গণ্য কৰিছে। শ্বাইখ মুহাম্মাদ ইব্ৰাহীম ৰাহিমাহুল্লাহে কৈছে: “গৰ্ভত থকা শিশু গৰ্ভপাত কৰা হালাল নহয়, যদি তাৰ মৃত্যু নিশ্চিত নহয়, মৃত্যু নিশ্চিত হ’লে গৰ্ভপাত কৰাত কোনো অসুবিধা নাই”।
‘হাইআতু কিবাৰিল উলামা (বিজ্ঞ আলিমসকলৰ সংস্থা)ৰ সভাত গৰ্ভপাত ঘটোৱাৰ ক্ষেত্ৰত নিম্নৰূপ সিদ্ধান্ত গ্ৰহণ কৰা হয়:
১. শ্বৰ‘ঈ কাৰণৰ বাহিৰে গৰ্ভৰ যিকোনো পৰ্যায়ৰ শিশু পেলাই দিয়া বৈধ নহয়।
২. গৰ্ভ যদি প্ৰথম পৰ্যায়ত থাকে, যাৰ বয়স চল্লিশ দিন, আৰু গৰ্ভপাত কৰাৰ কাৰণ যদি হয় সন্তান লালন-পালন কৰাৰ কষ্ট অথবা সিহঁতৰ ভৰণ-পোষণ কৰাৰ দুশ্চিন্তা অথবা ভৱিষ্যৎ গঢ়াৰ চিন্তা অথবা সিহঁতৰ যি সন্তান আছে সেইখিনিকে যথেষ্ট বুলি ভবা, তেনেহ’লে বৈধ নহয়।
৩. ৰক্তপিণ্ড অথবা মাংসপিণ্ডত থকা অৱস্থাত গৰ্ভপাত ঘটোৱা বৈধ নহয়, কিন্তু যদি নিৰ্ভৰযোগ্য চিকিত্সকসকলে কয় যে, গৰ্ভ থাকিলে মাকৰ জীৱনৰ আশংকা আছে তেনেহ’লে বৈধ, কিন্তু এইটো অৱশ্যই গৰ্ভধাৰী মাকক শংকামুক্ত কৰাৰ সকলো প্ৰচেষ্টা প্ৰয়োগ কৰাৰ শেষত হ’ব লাগিব।
৪. গৰ্ভ যদি তৃতীয় স্তৰ পাৰ কৰে আৰু তাৰ চাৰি মাহ পূৰ্ণ হয়, তেনেহ’লে গৰ্ভপাত কৰা বৈধ নহয়, কিন্তু বিশেষজ্ঞ নিৰ্ভৰযোগ্য চিকিত্সকসকলৰ এটা দলে যদি কয় যে, পেটত শিশু থাকিলে মাকৰ মৃত্যুৰ আশংকা আছে তেনেহ’লে বৈধ। নিশ্চয় এইটো হ’ব লাগিব শিশুৰ জীৱন ৰক্ষা কৰাৰ সকলো প্ৰচেষ্টা ব্যয় কৰাৰ শেষত। এই সুযোগ প্ৰদান কৰা হৈছে দুটা ক্ষতিৰ পৰা ডাঙৰ ক্ষতি দূৰ কৰা আৰু দুটা কল্যাণৰ পৰা ডাঙৰ কল্যাণ অৰ্জন কৰাৰ স্বাৰ্থত।
বিজ্ঞ আলিমসকলে সভাত এই সিদ্ধান্ত গ্ৰহণৰ শেষত আল্লাহৰ তাক্বৱা আৰু বিষয়টো গভীৰভাৱে পৰ্যবেক্ষণ কৰাৰ উপদেশ দিছে। আল্লাহেই একমাত্ৰ তাওফিক দানকাৰী। আমাৰ প্ৰিয় নবী মুহাম্মাদ, তেওঁৰ পৰিয়ালবৰ্গ আৰু ছাহাবীসকলৰ ওপৰত আল্লাহে শান্তি বৰ্ষণ কৰক।
‘নাৰীসকলৰ স্বাভাৱিক ঋতু সংক্ৰান্ত পুস্তিকাত’: (পৃ. ৬০) শ্বাইখ মুহাম্মাদ উছাইমীন ৰাহিমাহুল্লাহে কৈছে: “যদি গৰ্ভত থকা শিশুৰ ৰূহ অহাৰ পিছত গৰ্ভপাত কৰি সন্তান নষ্ট কৰা হয় তেনেহ’লে নিসন্দেহে হাৰাম। কাৰণ এইটো অন্যায়ভাৱে প্ৰাণ হত্যাৰ অন্তৰ্ভূক্ত, নিৰ্দোষ প্ৰাণক হত্যা কৰা কোৰআন, ছুন্নাহ আৰু উম্মতৰ ইজমা অনুযায়ী হাৰাম”।
ইবনুল জাওযী ৰাহিমাহুল্লাহে “আহকামুন নিছা”: (পৃ. ১০৮ আৰু ১০৯) গ্ৰন্থত কৈছে: “বিবাহৰ উদ্দেশ্য যেতিয়া সন্তান অৰ্জন কৰা, আৰু এইটোও সত্য যে সকলো বীৰ্যৰ পৰা সন্তান নহয়, এতেকে স্ত্ৰীৰ গৰ্ভত সন্তান জন্মিলে বিবাহৰ উদ্দেশ্য অৰ্জন হ’ল, ইয়াৰ পিছত গৰ্ভপাত ঘটোৱা বিবাহৰ হিকমতৰ পৰিপন্থী। গৰ্ভপাত যদি গৰ্ভৰ শিশুৰ ৰূহ সঞ্চাৰ কৰাৰ আগতে হয় তেন্তে ডাঙৰ পাপ, আৰু যদি ৰূহ সঞ্চাৰ কৰাৰ পিছত গৰ্ভপাত কৰা হয় সেইটো হ’ব মুমিন প্ৰাণক হত্যা কৰাৰ দৰে। আল্লাহ তা‘আলাই কৈছে:
﴿وَإِذَا ٱلۡمَوۡءُۥدَةُ سُئِلَتۡ ٨ بِأَيِّ ذَنۢبٖ قُتِلَتۡ ٩﴾ [التكوير: ٨، ٩]
“আৰু যেতিয়া জীৱিত দাফনকৃত কন্যাক সোধা হ’ব, কি অপৰাধত হত্যা কৰা হৈছিল”। [ আত-তাকৱীৰ, আয়াত: ৮-৯] সমাপ্ত
এতেকে, হে মুছলিমা নাৰী আল্লাহক ভয় কৰা, যিকোনো উদ্দেশ্য হওক এই জাতীয় অপৰাধত অগ্ৰসৰ নহ’বা। পথভ্ৰষ্টসকলৰ প্ৰচাৰণা আৰু পাপিষ্ঠসকলৰ অনুসৰণ কৰি প্ৰতাৰণাত পতিত নহ’বা, সিহঁতৰ কৰ্মৰ লগত বিবেক আৰু দ্বীনৰ কোনো সম্পৰ্ক নাই।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s