বিজ্ঞানৰ অভ্যুত্থানত ‘গ’ড-কণিকা’ বনাম ‘কল্কি-অৱতাৰ’আৰু ‘কলিমা’ [Part-6]

Image

বিজ্ঞানৰ অভ্যুত্থানত ‘গ’ড-কণিকা’

                          বনাম ‘কল্কি-অৱতাৰ’আৰু ‘কলিমা’

                                     [Part-6]


চৈয়দ জিয়াউল হুছেইন,গুৱাহাটী,১।১।২০১২

বিশ্বব্রহ্মাণ্ডৰ ধাৰণাঃ-

যিহেতু বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ মুহূর্তত ইয়াৰ আকাৰ মৌলিক কণিকা এটাৰ আকাৰৰ সমানেই আছিল।গতিকে কোনো কাৰণ নোহোৱাকৈয়ে শূণ্যৰ[space] পৰা কণিকাটো বিস্ফোৰিতহৈ বিশ্বব্রহ্মাণ্ড সৃষ্টিও হ’ব পাৰে। বিশ্বব্রহ্মাণ্ডত মুঠ যিমান ধনাত্মক শক্তি আছে, মহাকর্ষণ-ক্ষেত্র আৰু অন্যান্য বলৰ ক্ষেত্র সমূহত মুঠ সিমান পৰিমাণৰেই ঋণাত্মক শক্তি আছে।গতিকে বিশ্বব্রহ্মাণ্ডৰ মুঠ শক্তিৰ মান শূণ্য বুলি ক’ব পাৰি। গতিকে আপাত দৃষ্টিত কোৱাণ্টাম তত্বই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ আদিম কাৰণ হিচাপে মহাপ্রভুৰ প্রয়োজনীয়তা নোহোৱা কৰিছে যেন লাগে[????!!!]।উক্ত বিশ্বব্রহ্মাণ্ডৰ মুঠ শক্তিৰ মান শূণ্য মানে বর্তমানৰ space কে বুজোৱা হৈছে। আদিম মৌলিক কণিকাটোৰ সময়ত space বুলি কোনো ধাৰণাই নাছিল। বিশ্বব্রহ্মাণ্ডখন সৃষ্টি হোৱাৰ পিছতহে স্থান-কালৰ সৃষ্টিহৈ spaceৰ সৃষ্টি হৈছে[?]। শূণ্যৰ[space] পৰা কণিকা এটা  বিস্ফোৰিতহৈ বিশ্বব্রহ্মাণ্ড সৃষ্টি হ’বলৈও ওচৰত এটা আধানযুক্ত ভৰ[পাৰমাণৱিক নিউক্লিয়াছ]  থাকিব লাগিব।ভৰ শক্তিলৈ ৰূপান্তৰিত হোৱাৰ দৰে [E=mc²]শক্তিৰ পৰাও পদার্থ সৃষ্টি হ’ব পাৰে[fission, fusion, pair-production]।আগতেইকৈ অহা হৈছে যে- আধুনিক কোৱাণ্টাম ক্ষেত্রতত্ব মতে আমি যাক শূণ্য[space] বুলি কওঁ ,প্রকৃততে ই শক্তিৰে পৰিপূর্ণ হৈ আছে।

         কোৱাণ্টাম বল-বিজ্ঞানে বস্তু এটাৰ ধর্ম যেনে ভৰবেগ আৰু তাৰ অৱস্থান সঠিকভাৱে নিৰূপন কৰিব নোৱাৰে। কেৱল সম্ভাৱনীয়তাৰ বিষয়েহে ক’ব পাৰে।ইফালে আকৌ বিশ্বব্রহ্মাণ্ডৰ গঠন সম্পর্কীয় ধাৰণাত [three dimention] ধাৰণা সত্য নহয়। বিশ্বব্রহ্মাণ্ডখন চাৰি মাত্রিক[four  dimention] আৰু চতুর্থটো হৈছে-সময়ৰ।সাধাৰণ আপপেক্ষিকবাদ আৰু কোৱাণ্টাম বল-বিজ্ঞান এটা আনটোৰ পৰিপুৰক বুলি ক’ব পাৰি।যিহেতু ‘অতি ৰজ্জু তত্বই[super string theory]ইহঁতৰ ব্যৱধান নোহোৱা কৰিছে।

[Notes on[2]:- Hubble’s Law , Observe Universe, Big Bang theory, Timeline of the Big Bang, Underlying assumptions on Big Bang, Speculative physics beyond Big Bang theory, James Hartle and Stephen Hawking state, String- Superstring theory= Click url=http://wp.me/p20yGy-4b]

‘ৰজ্জু তত্ব’ৰ মূল নীতি মতে সকলো পদার্থৰে মৌলিক উপাদান কণা নহয়;বৰঞ্চ একমাত্রা বিশিষ্ট কম্পমান অতি নগন্য ৰজ্জুহে।এই ৰজ্জু ইমানেই সৰুযে ইহঁতক প্লেংকৰ দীঘ [1.616199(97) × 10−35 m[7] ] জোখেৰেহে জুখিব পাৰি।১৯৯৫চনত তিনিজন ডেকা বিজ্ঞানীয়ে মৌলিক পদার্থকণাক ৰজ্জুৰ প্রাথামিক গাঁথনি আৰু ইয়াক অতিসৰু কৃষ্ণগহবৰৰ[BLACK-HOLE] একেটা বস্তুৰে দুটা বিভিন্ন ৰূপ বুলি কৈছিল।

       জ্যোতিবিজ্ঞানীৰ মতে অভিনৱ তৰাবিলাক[SUPER NOVA] ফুটি উঠাৰ পিছত ইয়াৰ অন্তঃস্থলত [CORE]আচৰিত ধৰণৰ ঘটনাবিলাক ঘটে।যদি অন্তঃস্থলৰ ওজন সূর্য্যতকৈ ডেৰৰ পৰা তিনিগুণ গধুৰ হয়,তেন্তে অন্তঃস্থলত থকা পদার্থবিলাক গোটখাই নিউট্রন নক্ষত্রলৈ পৰিণত হয়।যদি অন্তঃস্থলৰ ভৰ সূর্য্যৰ ভৰতকৈ তিনিগুণতকৈ বেছি হয়,তেন্তে ইয়াৰ ঘনত্বৰ মান বাঢ়ি যাব।ফলত ইয়াৰ পৃষ্ঠৰ ওপৰত মাধ্যাকর্ষণৰ মান বৃদ্ধি পাব।এই মান ইমানেই বেছি হবযে নক্ষটোৰ পৰা পোহৰ ওলাই আহিব নোৱৰে।পোহৰ নেদেখাৰ কাৰণে এই অঞ্চলটো আন্ধাৰে ঢাক খাই থাকে।সেইকাৰণে ইয়াক পোহৰকৃষ্ণগহবৰ[BLACK-HOLE]বোলে।–contd-part-7

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s